অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

আব'তানি

আব'তানি বা আবুতানি হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ আপাতানি, নিছি, আদি, গালো আৰু তাগিনৰ দৰে তানি জনগোষ্ঠীৰ অধিবাসীসকলৰ পূৰ্বপুৰুষ। অসমৰ প্ৰধানকৈ লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলাত বসবাস কৰা মিচিং জনগোষ্ঠীও আব'তানি গোটৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ২১ জুলাই ২০২৫ ৫৭৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আব'তানি বা আবুতানি হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ আপাতানি, নিছি, আদি, গালো আৰু তাগিনৰ দৰে তানি জনগোষ্ঠীৰ অধিবাসীসকলৰ পূৰ্বপুৰুষ। ১ অসমৰ প্ৰধানকৈ লখিমপুৰ জিলা, ধেমাজি আৰু মাজুলী জিলাত বসবাস কৰা মিচিং জনগোষ্ঠীও আব'তানি গোটৰ অন্তৰ্ভুক্ত। ২ ৩ ভাৰত-চীন সীমানতৰ তিব্বত আৰু চীনৰ ভিতৰুৱা অঞ্চলসমূহতো আব'তানি জনগোষ্ঠীৰ লোক পোৱা যায়। চীনদেশত আব'তানি জনগোষ্ঠীসমূহ ল'বা (Lhoba) নামৰ এক এক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত, আৰু এই গোষ্ঠী হৈছে মিছিমি আৰু আব'তানি জনগোষ্ঠীৰ একত্ৰিত গোট। এই নৃ-গোষ্ঠীয় লোকসকল ডনি-প'ল' ধৰ্মৰ অনুগামী আৰু তেওঁলোকৰ বিশ্বাস অনুসৰি ধান খেতিৰ পদ্ধতি আব'তানিৰ পৰা উদ্ভূত। আব' বা আবু মানে পিতৃ আৰু আৰু তানি মানে মানৱ। সেয়ে আব'তানি মানে পিতৃপুৰুষ।

মৌখিক ইতিহাস

আপাতানিসকলৰ জনবিশ্বাসত আব'তানি

বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ সম্পৰ্কত কলয়ুং (Kolyung), ক'ল' (Kolo), ৱাচি (Wachi) আৰু লিপ্য (Lipyo)-ক আপাতানিসকলৰ আদি-বিশ্বাস হিচাপে গণ্য কৰা হয়। এই বিশ্বাস অনুসৰি, আব'তানি হৈছে আপাতানিসকলৰ লগতে সমগ্ৰ বিশ্বৰে প্ৰথম পূৰ্বপুৰুষ, যি পৃথিৱীৰ প্ৰথম পূৰ্ণাৱয়বৰ মানৱ হিচাপে ৰূপান্তৰিত হৈছিল। পৃথিৱী আৰু আকাশে সূৰ্যৰ ৰশ্মি আৰু পানীৰ সৈতে মিশ্ৰিত হৈ দেৱতাৰ জন্ম হ'ল, যাক চাতুং (Chatung) আৰু চানভা (Chanbha) নামেৰে জনা যায়। এইদুগৰাকী দেৱতাৰ চাংকাঙ্গ্ৰিমা (Chankangrima) আৰু দ'কাৰিমাং (Dokarimang) নামৰ দেৱীসকলৰ সৈতে মিলনৰ জৰিয়তে তানি (অৰ্থাৎ আব'তানি) আৰু ত'ৰ'ৰ জন্ম হয়। আপাতানি ধৰ্মযাজকসকলৰ মতে, কেইবাজনো তানিৰ জন্ম হৈছিল আৰু শেষৰগৰাকী তানিক নেহা তানি হিচাপে জনা যায়। যাজকসকলে আৰু কয় যে, এইসকলৰ ভিতৰৰ কিব'-ৰিবা (Kibo-Riba), বাণী-বাৰ' (Bani-Baro) আৰু নিচি-নিচা(Nichi-Nicha)ই হৈছেই আপাতানিসকলৰ পূৰ্বপুৰুষ। এই তিনিজন তানিয়েই আব'তানিৰ পৈতৃক সূত্ৰ। আপাতানি লোকবিশ্বাস মতে, এই তিনিজন পূৰ্বপুৰুষ মুড' চুপ্পুং নামৰ এক পৌৰাণিক স্থানত সৃষ্টি হৈছিল আৰু এই স্থানকেই বৰ্তমানৰ তিব্বত হিচাপে ধৰা হয়। ৪

আদিসকলৰ জনবিশ্বাসত আব'তানি

নিম্নোক্ত আখ্যানটি ধৰ্মীয় যাজক (মিৰি) সকলে আদিসকলৰ মাজত প্ৰচলিত: ৫

এবাৰ আব'তানি খাদ্যৰ সন্ধানত হাবিৰ মাজত ঘূৰি ফুৰিছিল। এইদৰে গৈ তেওঁ তাকাৰ-তাজিৰ ঘৰ (তাতাৰ-তাজি) পালেগৈ, য'ত এক বিবাহ অনুষ্ঠানত এটা মিথুন বলি দিয়া হৈছিল। আব'তানিৰ এক কৌশলৰ ফলত তাকাৰ-তাজিয়ে কেৱল এটা মিথুনহে বলি দিব পাৰিলে, আৰু সেই মাংসৰ পৰিমাণ উপস্থিত অতিথিসকলৰ অভ্যৰ্থনাৰ বাবে অত্যন্ত নগণ্য আছিল। আব'তানিৰ কুকুৰ (কিপুং) আৰু হৰিণ (ডাম্প')ই কেৱল এটা পঁচা চ'য়াবীনৰ বীজৰ টোপোলা খায়েই সন্তুষ্ট হ'ব লগা হ'ল (সেইবোৰ দিনত চ'য়া বীজেই আছিল প্ৰধান খাদ্য)। কুকুৰটোয়ে খেদিবলৈ ধৰাত হৰিণটোয়ে বীজৰ টোপোলাটো লথিয়াই পেলাই আঁতৰি গ'ল। আব'তানিও সিহঁতৰ পিছে পিছে অনুসৰণ কৰি গ'ল। কেইবাদিনৰো পিছত তেওঁ দিগ'-এ'নৰ ঠাই পালেগৈ (দিগ'-এ'ন মানে মাটিৰ ৰখীয়া, দিগ'-মাটি, এ'ন-মাতৃ), য'ত মানুহবিলাকে ৰ'দত শুকাবৰ বাবে চাউলৰ গুড়ি মেলি আছিল। আব'তানি আৰু তেওঁৰ জন্তু দুটাক মানুহবোৰে বন্দী কৰিলে। আব'তানিয়ে তেতিয়া এক চতুৰালি কৰিলে, তেওঁ এটা মৃত তিল এন্দুৰ (mole rat) নিজৰ কাষলতিৰ তলত সুমুৱাই মৰিবলৈ ধৰাৰ অভিনয় কৰিবলৈ ধৰিলে। তাকে দেখি দিগ'-এ'নৰ মানুহবোৰে ভয় খালে যে, আব'তানিৰ অৱস্থা দেখি তাকাৰ তাজিৰ মানুহবোৰ ক্ৰোধান্বিত হ'ব পাৰে, আৰু সেয়েই তেওঁলোকে আব'তানিক মুকলি কৰি চাউল, গোমধান আৰু মাকৈৰ বীজ হাতত দি বিদায় দিলে।

আব'তানিৰ সম্পৰ্কে আন এক তানি ৰূপকথা এনেধৰণৰ: দিগ'-এ'ন অঞ্চলৰ এগৰাকী মহিলাই এবাৰ আব'তানিক ধান খেতি কৰাৰ পদ্ধতি শিকাইছিল। আব'তানিয়ে তেওঁৰ পত্নী আয়' দীলিয়াং দীবিউ(Aio Diiliang Diibiu)-ৰ সহযোগত সফলতাৰে ধান খেতি কৰিছিল। ৬ কিন্তু ঘটনাক্ৰমত আব'তানিয়ে পত্নীৰ সৈতে বিবাহ বিচ্ছেদিত হৈ আন এগৰাকী মহিলাক বিয়া কৰায়। কিন্তু নতুন পত্নীৰ আৰামপ্ৰিয়তাৰ ফলস্বৰূপে তেওঁৰ সা-সম্পত্তিৰ পতন হয়। ৭ আব'তানিয়ে যেতিয়া তেওঁৰ পতন উপলব্ধি কৰিলে তেওঁ দ্বিতীয় পত্নীক ত্যাগ কৰি নিজেই ধান খেতিত লাগিবলৈ ধৰিলে। এবাৰ আনকি আব'তানি গছত উঠি নামিব নোৱৰা হোৱাত তেওঁৰ ভগ্নীৰ সহায়ৰ প্ৰয়োজন হৈছিল। ৬

আব'তানিৰ জীৱনৰ ঘটনাৱলী আৰু ধানখেতিৰ প্ৰতি অধ্যৱসায় তানি জনগোষ্ঠীৰ সাংস্কৃতিক অংগস্বৰূপ আৰু এইসমূহ বছৰৰ বিভিন্ন সময়ত ধান খেতিৰ সময়চক্ৰৰ সৈতে ৰজিতা খুৱাই উদযাপন কৰা হয়। আব'তানি হৈছে মানৱজাতিৰ খাদ্য আৰু সমৃদ্ধিৰ প্ৰতি সংগ্ৰাম আৰু এটা পৰিয়াললৈ প্ৰগতি অনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় নাৰী-পুৰুষৰ সমন্বয়ৰ প্ৰতীকস্বৰূপ।

জনপ্ৰিয় মাধ্যমত

তানি জনগোষ্ঠীৰ অন্তৰ্ভুক্ত বিভিন্ন জনজাতি সমাজৰ জীৱনযাত্ৰাত আব'তানিৰ প্ৰভাৱ অপৰিসীম যদিও বহিঃজগতত প্ৰচাৰ আৰু প্ৰসাৰ যথেষ্ট সীমাবদ্ধ হৈ আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি লণ্ডনত অৱস্থিত "আদিবাসী আৰ্টছ ট্ৰাষ্ট" নামৰ এক সংস্থাই "আব'তানি" শীৰ্ষক এখন এনিমেছন চলচ্চিত্ৰ নিৰ্মাণৰ কাম হাতত লৈছে। ৫

তথ্যসূত্ৰ

  1. ↑ Hage Pilliya. (2005). The Legend of Abo-Tani: the first man on earth: ARUNACHAL. India International Centre Quarterly. পৃ. 22-25
  2. ↑ (February 02, 2018). Mising island. Business Line, The Hindu
  3. ↑ Dr. Ranjit Kaman. Emerging Trends in Mising’s Beliefs and Practices. Chaiduar College
  4. ↑ Myth and origin of the tribes Arunachal Pradesh-THE APATANIS
  5. ↑ (August 12, 2014). Popular Arunachal folk tale Abotani in animation soon
  6. ↑ Archived copy
  7. ↑ (5 May 2008). Myoko Celebration of Apatani's-A Photo Feature

সম্পৰ্কিত শ্ৰেণী

অসমঅৰুণাচল প্ৰদেশমিচিং জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আব'তানি” প্ৰবন্ধৰ সংশোধন ৫২৫৬৮৮ (২১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।