জোখ-মাখ
৭ প্ৰবন্ধ
-
আন্তৰ্জাতিক একক পদ্ধতি
আন্তৰ্জাতিক একক পদ্ধতি সংক্ষেপে SI (ফৰাচী ভাষাত Système International) একক নামে পৰিচিত। মেট্ৰিক এককৰ আধুনিক সংস্কৰণ হল SI একক। দৈনন্দিন জীৱনৰ ব্যৱসায় আৰু বিজ্ঞানত পৃথিৱীৰ সবাতোকৈ বেছি বহুলভাৱে ব্যৱহৃত একক পদ্ধতি।
-
প্ৰমিতি
প্ৰমিতি, (বা জোখ, মাপ, জোখমাপ, পৰিমাপ, মিতি আদি) হৈছে বস্তুৰ কোনো ধৰ্ম যেনে দৈৰ্ঘ্য, ওজন, উষ্ণতা আদিৰ তুলনামূলক পৰিমাণ কোনো এককৰ মানত - যেনে মিটাৰ, কিলোগ্ৰাম, চেলচিয়াচ আদি প্ৰকাশ কৰা পদ্ধতি বা কাৰ্য্য। এই বিষয়ৰ অধ্যয়নক ইংৰাজীত মেট্ৰ'লজী বোলে।
-
মাটিৰ হিচাপ
মাটিৰ হিচাপ হৈছে মাটিৰ জোখ-মাখ লোৱা আৰু সেই জোখ অনুসৰি দৰ নিৰ্ণয়ৰ এক প্ৰক্ৰিয়া। সোণৰ দাম উঠা নমা হৈ থাকাৰ বিপৰীতে মাটিৰ দাম সদায় বাঢ়ি গৈ থাকে। কোনোদিন নকমে।
-
অসমীয়া মাটিৰ জোখ-মাখ
অসমত মাটিৰ জোখ-মাখৰ এক অনন্য পৰম্পৰাগত পদ্ধতি আছে যি বিঘা, কঠা, লেচা আদি এককৰ ওপৰত প্ৰতিষ্ঠিত। এই পদ্ধতিটো ব্ৰিটিছ যুগৰ পৰা প্ৰচলিত হৈ আহিছে আৰু আজিও অসমৰ গ্ৰাম্য অঞ্চলত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।
-
কাঠৰ জোখ মাপ
কাঠৰ জোখ মাপৰ একক (ইউনিট) হ'ল কেবি (KB)। কাঠ এডাল ত্ৰিমাত্ৰিক (three dimension)। সেই তিনিটা অংশ হ'ল- কাঠডালৰ দৈৰ্ঘ্য (length), কাঠডালৰ প্ৰস্থ (breadth) আৰু কাঠডালৰ উচ্চতা (height)। প্ৰস্থ আৰু উচ্চতা বেছিভাগ ইঞ্চিত থাকে আৰু দৈৰ্ঘ্য সাধাৰণতে ফুটত ধৰা হয়।
-
জোখ-মাপৰ হিচাপ
২ টা = ১ যোৰ ৪ টা = ১ গণ্ডা / অঁৰা ২০ গণ্ডা / অঁৰা = ১ পোণ ৫ গণ্ডা = ১ কুৰি ৪ কুৰি = ১ পোণ ১৬ পোণ = ১ কাওণ ২ খিলা = ১ যোৰ / হলা ২০ খিলা = ১ মুঠা / গুচি ২০ মুঠা / গুচি = ১ টা / ১ গোট ৪ টা = ১ অঁৰা / গণ্ডা ১৬ আঁৰা = ১ পোণ ২০ আঁৰা = ১ শ ২০ শ = ১ হাজাৰ ১ মিনিট = ৬০ ছেকেণ্ড ১ ঘণ্টা = ৬০ মিনিট = ৩৬০…
-
বিশ্ব সুখ সূচক
বিশ্ব সুখ সূচক য়ুনাইটেড নেচন্স চাষ্টেইনেবল ডেভেলপ্মেণ্ট চল্যুচন্স নেটৱৰ্কৰ দ্বাৰা প্ৰকাশিত এক জোখ। ই সুখৰ এক জোখ। জুলাই ২০১১ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰসমূহক তেওঁলোকৰ দেশৰ বাসিন্দাসকলৰ সুখৰ জোখ লৈ, সেই তথ্যৰে নিজৰ বিকাশৰ নীতি নিৰ্দেশিত কৰিবলৈ এক প্ৰস্তাৱ যোগে আহ্বান জনালে।