আনা পেট্ৰিচিয়া বটিন-ছানজ ডি চৌটুওলা অ'শ্বিয়া ( Ana Patricia Botin-Sanz de Sautuola O'Shea; জন্ম: ৪ অক্টোবৰ ১৯৬০) এগৰাকী স্পেনিছ বেংকাৰ যিয়ে ২০১৪ চনৰ পৰা ছান্টাণ্ডাৰ গ্ৰুপৰ কাৰ্যবাহী অধ্যক্ষ।১২
এই পদত অধিষ্ঠিত হোৱা বটিন পৰিয়ালৰ চতুৰ্থ প্ৰজন্ম। ইয়াৰ পূৰ্বে তেওঁ ছান্টাণ্ডাৰ ইউ কেৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) আছিল, যিটো পদত তেওঁ ২০১০ চনৰ ডিচেম্বৰৰ পৰা অধ্যক্ষৰ পদ গ্ৰহণ নকৰালৈকে আছিল।
২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত বিবিচি ৰেডিঅ' ৪ ৰ উইমেনছ আৱাৰৰ দ্বাৰা বটিনক ব্ৰিটেইনৰ তৃতীয় শক্তিশালী মহিলা হিচাপে স্থান দিয়া হয়।৩ ২০১৭, ২০১৯ আৰু ২০২০ চনত ফৰ্বছে তেওঁক বিশ্বৰ ৮ম শক্তিশালী মহিলা হিচাপে স্থান দিছিল।৪ ২০২৩ চনত ফৰ্বছে তেওঁক "বিশ্বৰ ১০০ গৰাকী শক্তিশালী মহিলা"ৰ তালিকাত ১৮ নম্বৰ স্থান দিছিল।৫
২০২৩ চনত ফৰ্চুনৰ ১০০ গৰাকী শক্তিশালী মহিলাৰ তালিকাত তেওঁ ১৯ নম্বৰ স্থান লাভ কৰিছিল।৬
প্ৰাথমিক জীৱন
বটিনৰ ১৯৬০ চনৰ ৪ অক্টোবৰত স্পেইনৰ ছান্টাণ্ডাৰত জন্মগ্ৰহণ কৰিছিল।৭৮ স্পেইনৰ গ্ৰুপো ছান্টাণ্ডাৰৰ কাৰ্যবাহী অধ্যক্ষ আছিল স্পেইনৰ বেংকাৰ এমিলিঅ’ বটিন-চানজ ডি ছাউটুওলা ৱাই গাৰ্চিয়া দে লছ ৰিঅ’ছ আৰু অ’শ্বিয়াৰ ১ম মাৰ্চিঅ’নেছ পালোমা অ’শ্বিয়াৰ কন্যা। ছেইণ্ট মেৰী স্কুল এস্কটত হাইস্কুলীয়া শিক্ষা লাভ কৰে।.৯ ব্ৰিন মাউৰ কলেজত অৰ্থনীতি অধ্যয়ন কৰিছিল।১০
কৰ্মজীৱন
বটিনে ১৯৮১ চনৰ পৰা ১৯৮৮ চনলৈকে আমেৰিকাৰ জে পি মৰ্গানত কাম কৰিছিল।১১ ১৯৮৮ চনত স্পেইনলৈ উভতি আহি ছান্টাণ্ডাৰ গ্ৰুপত কাম কৰিবলৈ আৰম্ভ কৰে। সেই সময়ছোৱাত তেওঁ ১৯৯৭ চনত বেংকটোৱে চিলিৰ সৰ্ববৃহৎ বেংক বেংকো অছ'ৰ্নো ৱাই লা ইউনিয়নৰ ৫১ শতাংশ অংশীদাৰিত্ব ৪৯৫ মিলিয়ন ডলাৰত অধিগ্ৰহণ কৰাৰ কামত জড়িত আছিল।১২ ২০০২ চনত স্পেইনৰ বেংক বানেষ্টোৰ কাৰ্যবাহী অধ্যক্ষ হয়। ২০১০ চনৰ নৱেম্বৰ মাহত বটিনে এণ্টনিঅ' হৰ্টা অছ'ৰিঅ'ৰ পিছত ছান্টাণ্ডাৰ ইউ কেৰ মুখ্য কাৰ্যবাহী হিচাপে কাৰ্যনিৰ্বাহ কৰে।১৩
২০১৩ চনত বটিনক কোকা-কোলা কোম্পানীত পৰিচালক নিযুক্তি দিয়া হয়।১৪
স্বীকৃতি
২০০৫ চনত প্ৰথমবাৰৰ বাবে তালিকাভুক্ত কৰা১৫ বটিনক ২০১৮, ২০১৯ আৰু ২০২০ চনত ফৰ্বছে বিশ্বৰ অষ্টম শক্তিশালী মহিলা হিচাপে স্থান দিছিল।.১৬
- ২০১৫ – ব্ৰিটিছ বিত্তীয় খণ্ডৰ সেৱাৰ বাবে ডেম কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ।১৭
- ২০১৫ – দায়িত্বশীল পুঁজিবাদৰ বাবে প্ৰথম বঁটা।১৮১৯
ব্যক্তিগত জীৱন
১৯৮৩ চনত বটিনে সহযোগী বেংকাৰ গুইলাৰমো মৰেনেছ ৱাই মাৰিয়াটেগুইক বিয়া কৰায়, যি এজন ধনী মাটিৰ মালিক বৰ্গেট্টোৰ নৱম মাৰ্কেছৰ পুত্ৰ আছিল।২০ তেওঁলোকৰ তিনিজন পুত্ৰ আছে।২১
পৰিয়ালটোৰ মাদ্ৰিদৰ দক্ষিণে অৱস্থিত চিউডাড ৰিয়েলত এখন বৃহৎ বাগিচা আছে।২২ ২০১০ চনত মৰেনেছ ৱাই মাৰিয়াটেগুই লণ্ডনৰ বেলগ্ৰেভিয়াত ছটা বেডৰুমৰ ঘৰ কিনিছিল।২৩ ছুইজাৰলেণ্ডৰ স্কি ৰিজৰ্ট গ্ষ্টাডতো তেওঁলোকৰ এটা ঘৰ আছে।২০
তেওঁ দুবাৰৰ ৰাষ্ট্ৰীয় জুনিয়ৰ গলফ চেম্পিয়ন আৰু তেওঁৰ প্ৰয়াত ভায়েক বিশ্বৰ প্ৰাক্তন ১ নং চেভ বালেষ্টেৰ'ছৰ পৰা এই খেলবিধ শিকিছিল।২১২৪ ২০১৮ চনত তেওঁ অগাষ্টা নেচনেল গলফ ক্লাবৰ চতুৰ্থ মহিলা সদস্য হয়।২৫ তেওঁ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ডিয়েগো বটিনৰ পেহী, আৰু জেইম বটিনৰ ভতিজী।২৬
তথ্যসূত্ৰ
- ↑ (10 September 2014). Santander appoints Ana Botin as chairwoman. BBC News
- ↑ Ms Ana Botín-Sanz de Sautuola y O'Shea. santander.com
- ↑ BBC Radio 4 - Woman's Hour - The Power List 2013. BBC
- ↑ World's Most Powerful Women. Forbes
- ↑ The World's Most Powerful Women 2023. Forbes
- ↑ Most Powerful Women. Fortune
- ↑ (6 October 2014). The CNBC Next List: Ana Botín. CNBC
- ↑ Ana Botín-Sanz de Sautuola y O'Shea. Santander
- ↑ Agnew, Harriet; Jenkins, Patrick. (16 January 2015). London: Sexism and the City. Financial Times
- ↑ Pérez, María Jesús. (15 September 2014). Ana Botín, la discreta sombra de su padre. ABC
- ↑ Ana Botín: the most powerful woman in finance. worldfinance.com
- ↑ John Tagliabue (1 January 1997), Spain's Santander Hopes to Become No. 1 in Latin America The New York Times
- ↑ (4 November 2010). Ana Patricia Botin to Head Santander UK. The New York Times
- ↑ Coca-Cola board elects Ana Botin as a director
- ↑ #99 Ana Patricia Botín. forbes.com
- ↑ The World's Most Powerful Women 2019. Forbes
- ↑ Trotman, Andrew. (8 December 2015). Santander boss Ana Botin awarded honorary damehood. The Daily Telegraph
- ↑ Manley, Simon. (17 December 2015). Ana Botín, of @bancosantander receives the FIRST award for Responsible Capitalism 2015 from @sajidjavid in Londonpic.twitter.com/Dku5DijzrR
- ↑ Dobbs, Harry. (8 January 2016). 2015 Award. Responsible Capitalism
- ↑ Ruiz, Borja. (13 September 2014). Guillermo Morenés, el consorte de la nueva primera dama de la banca. El Mundo
- ↑ Treanor, Jill. (2025-07-05). Santander’s Ana Botin on buying TSB — and being fired by her father. The Sunday Times
- ↑ Patrick Jenkins (12 September 2014) A worldly scion of Spanish finance picks up the torch Financial Times
- ↑ Penty, Charles. (8 March 2011). Banking Queen Botin Plans U.K. IPO in Santander Succession Test. Bloomberg
- ↑ Kandell, Jonathan. (30 October 2015). Ana Botín Marks a New Era at Banco Santander. Institutional Investor
- ↑ Morenilla, Juan. (19 March 2018). Ana Botín, primera socia española del exclusivo club de golf del Augusta National. El País
- ↑ Devereux, Charlie; Stupples, Benjamin. (16 January 2020). Jaime Botin Is Sentenced to Prison in Picasso Smuggling Fiasco. Bloomberg News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনা বটিন” প্ৰবন্ধৰ সংশোধন ৬৩৬৮০৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।