ইজিপ্তৰ ব্যক্তি
১৭ প্ৰবন্ধ
-
নাগিব মাহফুজ
নাগিব মাহফুজ (Naguib Mahfouz; ১১ ডিচেম্বৰ, ১৯১১ – ৩০ আগষ্ট,২০০৬) আছিল এজন ইজিপ্টিয়ান লেখক যিজনে ১৯৮৮ চনত সাহিত্যৰ ন'বেল বঁটা অৰ্জন কৰিছিল। অস্তিত্ববাদৰ বিষয়ে চিন্তা-চৰ্চা আৰু অন্বেষণ কৰা টাহা হোছেইনৰ লগতে মাহফুজকো আৰবীয় সাহিত্যৰ প্ৰথমগৰাকী সমকালীন সাহিত্যিক আখ্যা দিয়া হয়।
-
আইদা এল-কাছেফ
আইদা এল-কাছেফ (Amruta Subhash ) এগৰাকী নাৰীবাদী, ইজিপ্তৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী। তেওঁৰ অভিনয় কৃতিত্বৰ ভিতৰত আছে “শ্বিপ অৱ থিছিয়াছ” আৰু “ৱালাড ডব্লিউ বেণ্ট”। তেওঁ “এ টিন টেল” আৰু “ৰেপচ'ডী ইন অটম” নামৰ চুটিছবিও পৰিচালনা কৰিছে। এল কাছেফ তাহৰিৰ স্কোয়েৰত হোৱা প্ৰতিবাদৰ সৈতে জড়িত আছিল।
-
আছা বি
খোৱাণ্ড আছা বি আল-জাৰ্কাছিয়া (মৃত্যু ১৫০৯) এগৰাকী মামলুকৰ পত্নী আছিল। চুলতান ছাইফ আদ-দিন কাইতবাই (ৰাজ্য ১৪৬৮–১৪৯৬)ৰ উপপত্নী, চুলতান আন-নাছিৰ মহম্মদ ইবনে কাইটবাই (ৰাজ্য ১৪৯৬–১৪৯৮)ৰ মাতৃ, চুলতান আবু ছাইদ কানছুহৰ (ৰাজ্য ১৪৯৮–১৫০০) ভগ্নী আৰু চুলতান আল-আশ্ৰফ জানবালাতৰ পত্নী আছিল। ১৫০০–১৫০১)।
-
আজিজা শৌকৰী হুছেইন
আজিজা শৌকৰী হুছেইন, ইজিপ্তৰ এগৰাকী সমাজ কল্যাণ বিশেষজ্ঞ আৰু পৰিয়াল পৰিকল্পনাৰ আগশাৰীৰ সমৰ্থক আছিল। ইজিপ্তৰ নাৰীবাদী আন্দোলনত তেওঁ সক্ৰিয় আছিল। ১৯৬২ চনত তেওঁ ৰাষ্ট্ৰসংঘত ইজিপ্তক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় আৰু পোন্ধৰ বছৰ ধৰি ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা আয়োগত কাৰ্যনিৰ্বাহ…
-
আমিনা হানিম
আমিনা হানিম ( ১৭৭০ – ১৮২৪) প্ৰাক্তন অট্টোমান ৱালি (গৱৰ্ণৰ) ইজিপ্তৰ শাসকলৈ পৰিণত আৰু পিছলৈ মহম্মদ আলী বংশৰ প্ৰথম ৰজা হিচাপে পৰিগণিত মহম্মদ আলীৰ প্ৰথম ৰাণী পত্নী আছিল।
-
আলিয়া মাগদা এলমাহডী
আলিয়া মাগদা এলমাহডী (Aliaa Magda Elmahdy; জন্ম: ১৬ নৱেম্বৰ ১৯৯১) এগৰাকী ইজিপ্তৰ ইণ্টাৰনেট কৰ্মী আৰু নাৰীবাদী সমৰ্থক। তেওঁৰ ব্লগস্পট পেজত এখন নগ্ন ফটো প্ৰকাশ কৰাৰ বাবে পৰিচিত হৈছিল৷যাক তেওঁ ফেচবুকত "হিংসা, বৰ্ণবাদ, যৌনতাবাদ, যৌন নিৰ্যাতন আৰু ভণ্ডামিৰ সমাজৰ বিৰুদ্ধে আৰ্তনাদ" বুলি অভিহিত কৰিছিল।
-
ইউজেনি লে ব্ৰুন
ইউজেনি লে ব্ৰুন (Eugénie Le Brun)-ক মেডাম ৰুছদি নামেৰেও জনা যায় (মৃত্যু ১৬ অক্টোবৰ, ১৯০৮) ফ্ৰান্সত জন্মগ্ৰহণ কৰা ইজিপ্তৰ এগৰাকী নাৰীবাদী বুদ্ধিজীৱী, প্ৰভাৱশালী অভ্যৰ্থনা-সভাৰ আয়োজক আৰু হুদা শ্বাআৰাৱীৰ ঘনিষ্ঠ বন্ধু।
-
ইকবাল বাৰাকা
ইকবাল বাৰাকা (Iqbal Baraka; জন্ম: ১৯৪২) এগৰাকী ইজিপ্তৰ সাংবাদিক, মহিলা অধিকাৰ কৰ্মী, আৰু লেখিকা। দুটা দশকৰো অধিক সময় ধৰি মহিলা আলোচনী হাৱায়াৰ মুখ্য সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইজিপ্ত আৰু ইছলামিক সমাজত নাৰীৰ ভূমিকা আগুৱাই নিয়াৰ কামৰ বাবে বাৰাকা পৰিচিত।
-
ইঞ্জি আফ্লাটুন
ইঞ্জি আফ্লাটুন(Inji Aflatoun; আৰবী: إنجي أفلاطون; ১৬ এপ্ৰিল ১৯২৪ – ১৭ এপ্ৰিল ১৯৮৯) এগৰাকী ইজিপ্তৰ চিত্ৰশিল্পী আৰু মহিলা আন্দোলনৰ কৰ্মী আছিল। তেওঁ আছিল "১৯৪০ আৰু ১৯৫০ চনৰ শেষৰ ফালে মাৰ্ক্সবাদী-প্ৰগতিশীল-জাতীয়তাবাদী-নাৰীবাদী আন্দোলনৰ আগশাৰীৰ মুখপাত্ৰ" থকাৰ, লগতে "আধুনিক ইজিপ্তৰ শিল্পৰ পথ প্ৰদৰ্শক"…
-
গেহাদ হামদি
গেহাদ হামদি (Gehad Hamdy) হৈছে লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে কাম কৰা ইজিপ্তৰ এগৰাকী দন্ত চিকিৎসক আৰু নাৰীবাদী কৰ্মী। ২০২২ চনত তেওঁ বিবিচি ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়। তেওঁ স্পিক আপ নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰে আৰু কানেক্টিং হিউমেনিটিৰ অন্যতম নেত্ৰী।
-
ছামিয়া গামাল
ছামিয়া গামাল (Samia Gamal, আৰবী: سامية جمال, জন্ম: ৫ মাৰ্চ ১৯২৪ – মৃত্যু: ১ ডিচেম্বৰ ১৯৯৪) আছিল এগৰাকী ইজিপ্তৰ “বেলী ডান্সাৰ’’ আৰু চলচ্চিত্ৰ অভিনেত্ৰী। গামালে নিজৰ কেৰিয়াৰৰ সময়ছোৱাত ৫০খনতকৈও অধিক চিনেমাত অভিনয় কৰিছিল।
-
ছিত্তী চাউদা
ছিত্তী চাউদা বা চাউদা বিন্ত আল-ফাকিহ (মৃত্যু ১২৪২), ইজিপ্তৰ চুলতান আল-কামিলৰ পত্নী (ৰাজত্ব ১২১৮–১২৩৮)। তেওঁ দ্বিতীয় চুলতান আল-আদিল (ৰাজ্য ১২৩৮–১২৪০)ৰ মাতৃ আৰু চুলতান আছ-ছালিহ আয়ুব (ৰাজ্য ১২৪০–১২৪৯)ৰ সতীয়া মাক আছিল।
-
নাইমা আকেফ
নাইমা আকেফ (Naima Akef), জন্ম: ৭ অক্টোবৰ ১৯২৯ চন আৰু মৃত্যু: ২৩ এপ্ৰিল ১৯৬৬ চন, ইজিপ্তৰ চিনেমাৰ সোণালী যুগৰ এগৰাকী বিখ্যাত ইজিপ্তবাসী বেলী ডান্সৰ এগৰাকী নৃত্যশিল্পী আছিল আৰু তেওঁ সেই সময়ৰ ইজিপ্তৰ বহু ছবিতো অভিনয় কৰিছিল। আকেফৰ জন্ম হৈছিল নীল নদীৰ ব-দ্বীপ টাণ্টাত।
-
নাদিয়া গামাল
নাদিয়া গামাল ( Nadia Gamal; আৰবী: نادية جمال, ১৯৩৭ – ১৯৯০ ) এগৰাকী ইজিপ্তৰ নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল। স্থানীয় ইজিপ্তৰ বেলী নৃত্যক তেওঁ ৱেষ্টাৰ্ণ ৱাল্টজ, কাউবয়, ছা ছা নৃত্য আৰু অন্যান্য কিছু নৃত্যৰ সৈতে মিহলি কৰা বুলি জনা যায়।
-
নাদীন আশ্ৰফ
নাদীন আশ্ৰফ (Nadeen Ashraf; জন্ম-১২ মাৰ্চ ১৯৮) এগৰাকী ইজিপ্তৰ নাৰীবাদী কৰ্মী। তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ইজিপ্তত #MeToo আন্দোলনৰ গুৰি ধৰিছিল। তেওঁ বিবিচিৰ ২০২০ বৰ্ষৰ ১০০ মহিলাৰ তালিকাৰ অংশ।
-
মোজন হাছান
মোজন হাছান (Mozn Hassan; জন্ম: ১৯৭৯) এগৰাকী ইজিপ্তৰ মহিলা অধিকাৰ কৰ্মী। নাজৰা ফৰ ফেমিনিষ্ট ষ্টাডিজৰ প্ৰতিষ্ঠাপক হাছানে ২০১১ চনৰ ইজিপ্তৰ বিপ্লৱৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল আৰু সেই সময়ত যৌন নিৰ্যাতিত হোৱা লোকসকলৰ হকে কাম কৰিছিল।
-
হিলানা চেডাৰাছ
ডাঃ হিলানা চেডাৰাছ, জন্ম: ১৯০৪ চন আৰু মৃত্যু: ১৯৯৮ চন, কপটিক ইজিপ্তৰ এগৰাকী চিকিৎসক আছিল। তেওঁ ইজিপ্তত চিকিৎসক হোৱা প্ৰথমগৰাকী মহিলা।