অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আঁচল ঠাকুৰ

আঁচল ঠাকুৰ (Aanchal Thakur, জন্ম: ২৮ আগষ্ট ১৯৯৬) এগৰাকী ভাৰতীয় মহিলা আলপাইন স্কিয়াৰ। তেওঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় স্কিকিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। আন্তঃৰাষ্ট্ৰীয় স্কিয়িং প্ৰতিযোগিতাত পদক অৰ্জন কৰা তেওঁ হৈছে প্ৰথম ভাৰতীয় স্কিয়াৰ।

হালনাগাদ: ২৫ জুলাই ২০২৫ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আঁচল ঠাকুৰ (Aanchal Thakur, জন্ম: ২৮ আগষ্ট ১৯৯৬) এগৰাকী ভাৰতীয় মহিলা আলপাইন স্কিয়াৰ।১ তেওঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় স্কিকিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। আন্তঃৰাষ্ট্ৰীয় স্কিয়িং প্ৰতিযোগিতাত পদক অৰ্জন কৰা তেওঁ হৈছে প্ৰথম ভাৰতীয় স্কিয়াৰ।২

প্ৰাৰম্ভিক জীৱন

আঁচল ঠাকুৰৰ জন্ম হয় ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যৰ মনালীৰ বুৰুৱা নামৰ এখন সৰু গাঁৱত।২ তেওঁ প্ৰথমে তেওঁৰ দেউতাকৰ পৰা স্কিকিং শিকিছিল। পাছলৈ তেওঁ এগৰাকী প্ৰাক্তন অলিম্পিয়ান হীৰা লালৰ অধীনত প্ৰশিক্ষণ লয়।২

কেৰিয়াৰ

ইন্সব্ৰুকত অনুষ্ঠিত হোৱা ২০১২ চনৰ শীতকালীন যুৱ অলিম্পিকত আঁচল ঠাকুৰে ভাৰতক প্ৰতিনিধিত্ব কৰে।৩ ২০১২ চনৰ শীতকালীন যুৱ অলিম্পিকত তেওঁ আলপাইন স্কিয়িং - ছোৱালীৰ স্লাল'ম আৰু ছোৱালীৰ জায়েণ্ট স্লাল'ম ইভেণ্টত অংশগ্ৰহণ কৰিছিল।৪

২০১৭ এছিয়ান শীতকালীন ক্ৰীড়াৰ বাবে আঁচল ঠাকুৰক ২০১৭ চনৰ ফেব্ৰুৱাৰীত ভাৰতীয় দলত স্থান দিয়া হৈছিল।৫ ২০১৮ চনত তেওঁ তুৰস্কত অনুষ্ঠিত হোৱা আৰু আন্তঃৰাষ্ট্ৰীয় স্কি ফেডাৰেচনৰ দ্বাৰা আয়োজিত ২০১৮ আলপাইন এজডাৰ ৩২০০ কাপত তেওঁ ব্ৰঞ্জৰ পদক জয় কৰে।২৬৭৮ ফলস্বৰূপে তেওঁ আন্তঃৰাষ্ট্ৰীয় স্কিয়িং ইভেণ্টত পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় স্কিয়াৰ ৰূপে পৰিগণিত হয়।৯১০১১

তথ্যসূত্ৰ

  1. ↑ THAKUR Aanchal - Biographie. data.fis-ski.com
  2. ↑ Aanchal Thakur gives India its 1st international medal in skiing - Times of India. The Times of India
  3. ↑ (2016-06-26). Aanchal THAKUR - Olympic Alpine Skiing · India. International Olympic Committee
  4. ↑ (2017-01-24). Innsbruck 2012 News. International Olympic Committee
  5. ↑ Sharmai, Suresh. (16 February 2017). India to send 15-member ski team to Asian Winter Games. The Times of India
  6. ↑ (2018). India joy over first skiing medallist. BBC News
  7. ↑ NDTVSports.com. Aanchal Thakur Becomes First Indian To Win International Medal In Skiing – NDTV Sports. NDTVSports.com
  8. ↑ List of firsts in India. MCQs Point
  9. ↑ Manali Girl Aanchal Thakur Brings Home India's First Skiing Medal; Father Asks for Govt Support. News18
  10. ↑ (2018-01-10). Aanchal Thakur becomes first Indian to win an international medal in skiing. The Indian Express
  11. ↑ Aanchal Thakur creates history by winning India's first medal in an international skiing competition - Firstpost. www.firstpost.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আঁচল ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৫২৭১৭১ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।