অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অ'লগা হেনকিন

অ'লগা হেনকিন (Olga Hankin, ৯ জানুৱাৰী ১৮৫২ - ২ এপ্ৰিল ১৯৪২)এগৰাকী নাৰীবাদী, পেছাদাৰী ধাত্ৰী আৰু জায়নিষ্ট কৰ্মী আছিল যি তেওঁৰ স্বামী য়েহোছুয়া হেনকিনৰ সৈতে মিলি অট্টোমান পেলেষ্টাইন আৰু বাধ্যতামূলক পেলেষ্টাইনত জিয়নিষ্ট সংগঠনৰ বেছিভাগ ডাঙৰ মাটি ক্ৰয়ৰ বাবে দায়বদ্ধ আছিল।

হালনাগাদ: ২৭ জানুৱাৰী ২০২৬ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অ'লগা হেনকিন (Olga Hankin, ৯ জানুৱাৰী ১৮৫২ - ২ এপ্ৰিল ১৯৪২)১এগৰাকী নাৰীবাদী, পেছাদাৰী ধাত্ৰী আৰু জায়নিষ্ট কৰ্মী আছিল যি তেওঁৰ স্বামী য়েহোছুয়া হেনকিনৰ সৈতে মিলি অট্টোমান পেলেষ্টাইন আৰু বাধ্যতামূলক পেলেষ্টাইনত জিয়নিষ্ট সংগঠনৰ বেছিভাগ ডাঙৰ মাটি ক্ৰয়ৰ বাবে দায়বদ্ধ আছিল।

জীৱনী

অলগা হেনকিনে হাতত চাবুক লৈ আছে; যাৰ সহায়ত তেওঁ সম্ভাৱ্য আক্ৰমণকাৰীক আঁতৰাই ৰাখিছিল যেতিয়া তেওঁ নিজৰ ধাত্ৰীৰ দায়িত্ব পালন কৰিছিল
অলগা হেনকিনে হাতত চাবুক লৈ আছে; যাৰ সহায়ত তেওঁ সম্ভাৱ্য আক্ৰমণকাৰীক আঁতৰাই ৰাখিছিল যেতিয়া তেওঁ নিজৰ ধাত্ৰীৰ দায়িত্ব পালন কৰিছিলছবি: `beit hankin` in `maayan harod` · CC BY-SA 3.0

বেলাৰুছ বা বাইলেৰুছিয়াৰ মিনস্কৰ ওচৰৰ সৰু চহৰ লাহোইস্কত জন্মগ্ৰহণ কৰিছিল২৷ অলগা হেংকিন মেইৰ আৰু শ্বিফ্ৰা বেলকিনৰ জ্যেষ্ঠ সন্তান। ৩ ১৮৮৬ চনত তেওঁ যুৱতী হিচাপে চেণ্ট পিটাৰ্ছবাৰ্গলৈ আৰু প্ৰথম আলিয়াৰ অংশ হিচাপে ইজৰাইল দেশলৈ আহে। দুবছৰৰ পিছত তেওঁ গেডেৰাৰ কৃষি বসতিস্থলত য়েহোছুয়া হেনকিন (১৮৬৪–১৯৪৫)ৰ লগত বিয়া হয়। তেওঁলোক জাফালৈ গুচি যায় আৰু চেণ্ট পিটাৰ্ছবাৰ্গত এই বৃত্তিটো অধ্যয়ন কৰি ধাত্ৰী দক্ষতাৰ বাবে পৰিচিত হৈ পৰে৷ তেওঁ দেশৰ প্ৰথম পেছাদাৰী ধাত্ৰী আছিল।৪ তেওঁ য়েহোছুয়াতকৈ ১৩ বছৰ ডাঙৰ আছিল আৰু তেওঁলোকে পৰৱৰ্তী সময়ত একেলগে অনেক কামৰ অংশীদাৰ হৈছিল। কিন্তু তেওঁলোক নিঃসন্তান আছিল।৫

নাৰীবাদ

মায়ায়ান হাৰোডত অলগা আৰু য়েহোছুয়া হেংকিনৰ সমাধি
মায়ায়ান হাৰোডত অলগা আৰু য়েহোছুয়া হেংকিনৰ সমাধিছবি: Bukvoed · CC BY 4.0

অ'লগা হেনকিনে এগৰাকী সাহসী মহিলা হিচাপে খ্যাতি লাভ কৰিছিল, যিয়ে অকলে ঘোঁৰাত উঠি, আনকি ৰাতিও, ইহুদী বা আৰব হওক মহিলাৰ বাবে ধাত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ বিশ্বাস আছিল যে নাৰীৰ এটা পেছা থাকিব লাগে৷ ইজৰাইল দেশলৈ প্ৰব্ৰজন কৰাৰ আগতে তেওঁ ধাত্ৰী অধ্যয়নৰ বাবে টিউচনৰ বাবে ধন সঞ্চয় কৰিবলৈ ট্ৰেন্স-চাইবেৰিয়ান ৰেলৱেত টেলিগ্ৰাফাৰ আছিল।৬

তথ্যসূত্ৰ

  1. ↑ ⁨ן אולגה חנקין לבית בלקינד · ⁩ — ⁨⁨הבקר⁩ 3 אפריל 1942⁩ — הספרייה הלאומית של ישראל │ עיתונים. www.nli.org.il
  2. ↑ Olga Belkind-Hankin. www.eilatgordinlevitan.com
  3. ↑ Irit Amit-Cohen | Jewish Women's Archive. Jewish Women's Archive
  4. ↑ jwa.org/encyclopedia/article/belkind-hankin-olga link|date=March 2025 |bot=InternetArchiveBot |fix-attempted=yes }} Women's Archive
  5. ↑ Olga Belkind-Hankin · Jewish Women's Archive
  6. ↑ Man, Nadav. (2008-07-14). Feinberg family: Back to first days of Zionism – part 2. Ynetnews

সম্পৰ্কিত শ্ৰেণী

ইজৰাইলৰ নাৰী অধিকাৰ কৰ্মীইজৰাইলৰ ব্যক্তিকুৰি শতিকাৰ ব্যক্তিধাত্ৰীনাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ'লগা হেনকিন” প্ৰবন্ধৰ সংশোধন ৫৭১৭৮০ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।