ভাৰতৰ ক্ৰীড়াভিত্তিক বঁটা
৫ প্ৰবন্ধ
-
অৰ্জুন বঁটা
অৰ্জুন বঁটা আনুষ্ঠানিক ক্ৰীড়া আৰু খেলত অসাধাৰণ প্ৰদৰ্শন কৰা খেলুৱৈক দিয়া হয়। ই ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান, ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান হৈছে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা। প্ৰাচীন ভাৰতৰ সংস্কৃত মহাকাব্য মহাভাৰতৰ অন্যতম চৰিত্ৰ অৰ্জুনৰ নামেৰে এই অৰ্জুন বঁটাৰ নামকৰণ কৰা হৈছে।
-
মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা
মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা (Major Dhyan Chand Khel Ratna Award) হৈছে ক্ৰীড়াক্ষেত্ৰৰ বিভিন্ন উপলব্ধিৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান। পূৰ্বতে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা নামেৰে জনাজাত এই বঁটাটোক প্ৰসিদ্ধ ভাৰতীয় হকী খেলুৱৈ ধ্যান চান্দৰ নামেৰে ২০২১ চনত পুনঃনামকৰণ কৰা হয়।
-
দ্ৰোণাচাৰ্য বঁটা
ক্ৰীড়াৰ ক্ষেত্ৰত খেলুৱৈৰ প্ৰশিক্ষকসকলক প্ৰদান কৰা এটা সৰ্বোচ্চ বঁটা৷ এই বঁটাত আছে ৩ লাখ টকা আৰু এটা ট্ৰফী৷ ১৯৮৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷
-
অৰ্জুন বঁটা প্ৰাপকৰ তালিকা (১৯৬১-১৯৬৯)
অৰ্জুন বঁটা আনুষ্ঠানিক ক্ৰীড়াত অসামান্য প্ৰদৰ্শনৰ বাবে ভাৰতৰ ক্ৰীড়া সন্মান ভাৰতীয় ক্ৰীড়াবিদসকলক প্ৰদান কৰা হয়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰতি বছৰে ইয়াক প্ৰদান কৰে।
-
ধ্যান চান্দ বঁটা
ধ্যান চান্দ বঁটা (Dhyan Chand Award) ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত জীৱনজোৰা অৱদানৰ বাবে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ে প্ৰদান কৰা সৰ্বোচ্চ বঁটা। এই বঁটা মহান ভাৰতীয় হকী খেলুৱৈ ধ্যান চান্দৰ নামেৰে নামকৰণ কৰা হৈছে। এই বঁটা ২০০২ চনৰ পৰা প্ৰৱৰ্তন কৰা হৈছিল।