অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অৰুণাচল প্ৰদেশ বিধানসভা

অৰুণাচল প্ৰদেশ বিধানসভা (Arunachal Pradesh Legislative Assembly) হৈছে উত্তৰ-পূব ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ এককক্ষীয় বিধানসভা। অৰুণাচলৰ বিধানসভা ভৱনটো ৰাজ্যখনৰ ৰাজধানী ইটানগৰত অৱস্থিত। অৰুণাচল প্ৰদেশৰ বিধানসভা ৬০ জন বিধায়কৰ সৈতে গঠিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১২৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অৰুণাচল প্ৰদেশ বিধানসভা (Arunachal Pradesh Legislative Assembly) হৈছে উত্তৰ-পূব ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ এককক্ষীয় বিধানসভা। অৰুণাচলৰ বিধানসভা ভৱনটো ৰাজ্যখনৰ ৰাজধানী ইটানগৰত অৱস্থিত। অৰুণাচল প্ৰদেশৰ বিধানসভা ৬০ জন বিধায়কৰ সৈতে গঠিত।১

ইতিহাস

১৯৬৯ চনৰ২৯ ডিচেম্বৰত অসমৰ ৰাজ্যপালৰ সভাপতিত্বত উত্তৰ-পূব সীমান্ত এজেন্সী (North-East Frontier Agency, বৰ্তমানৰ অৰুণাচল প্ৰদেশ) শাসনৰ বাবে এটা এজেন্সী কাউন্সিল গঠন কৰা হয়। ১৯৭২ চনৰ ২ অক্টোবৰত এজেন্সী কাউন্সিলৰ সলনি প্ৰদেশ কাউন্সিল গঠিত কৰা হয়। ১৯৭৫ চনৰ ১৫ আগষ্টত প্ৰদেশ কাউন্সিলখনক ৰাজ্য বিধানসভালৈ পৰিৱৰ্তন কৰা হয়। প্ৰথমতে, এই বিধানসভাত ৩৩ জন সদস্য আছিল। ইয়াৰে ৩০ জন সদস্য নিৰ্বাচনৰ দ্বাৰা আৰু আন ৩জন সদস্যক কেন্দ্ৰীয় চৰকাৰে মনোনিত কৰিছিল। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশক পূৰ্ণাংগ ৰাজ্য ঘোষণা কৰাৰ পিছত সদস্যৰ সংখ্যা ৬০ জনলৈ বৃদ্ধি কৰা হয়।২

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Arunachal Pradesh Legislative Assembly. Legislative Bodies in India website
  2. ↑ Arunachal Pradesh Legislative Assembly-Introduction. Legislative Bodies in India website

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজনীতিঅৰুণাচল প্ৰদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণাচল প্ৰদেশ বিধানসভা” প্ৰবন্ধৰ সংশোধন ৩৭৯৮৩৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।