অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অসমীয়া বনৰীয়া চিকা

অসমীয়া বনৰীয়া চিকা (Assam mole shrew, Anourosorex assamensis) কেৱল উত্তৰ-পূব ভাৰতত দেখা পোৱা এটা চিকাজাতীয় জন্তু। এই জন্তুবিধৰ বিষয়ে বৈজ্ঞানিক তথ্য তেনেই সীমিত। কিন্তু জন্তুবিধ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত বহুলভাৱে বিস্তৃত বুলি ধাৰণা কৰা হয়।

হালনাগাদ: ১৫ অক্টোবৰ ২০২০ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অসমীয়া বনৰীয়া চিকা (Assam mole shrew, Anourosorex assamensis) কেৱল উত্তৰ-পূব ভাৰতত দেখা পোৱা এটা চিকাজাতীয় জন্তু।১ এই জন্তুবিধৰ বিষয়ে বৈজ্ঞানিক তথ্য তেনেই সীমিত। কিন্তু জন্তুবিধ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত বহুলভাৱে বিস্তৃত বুলি ধাৰণা কৰা হয়।২

বিস্তৃতি

অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত ই স্থানিক জন্তু। জন্তুবিধ এই ৰাজ্যকেইখনত সাগৰ পৃষ্ঠৰ ১৫০০-৩১০০ মিটাৰ পৰ্য্যন্ত উচ্চতাত দেখা পোৱা যায়।২

আচৰণ

অসমীয়া বনৰীয়া চিকাই গাতৰ ভিতৰত বাস কৰে। জন্তুবিধ প্ৰাকৃতিক আৰু নগৰীয়া দুয়োবিধ পৰিবেশতে সহজে অভিযোজিত হৈ পৰা দেখা যায়। অধোক্ৰান্তীয় আৰু ক্ৰান্তীয় অৰণ্যৰ উপৰিও শিলাময় গুহা আৰু নলা-নৰ্দমাতো এই চিকাই বাস কৰে। এই বনৰীয়া চিকাৰ জনসংখ্যা সম্পৰ্কে কোনো তথ্য উপলব্ধ হোৱা নাই।২

তথ্যসূত্ৰ

  1. ↑ Molur, S. (2008). Anourosorex assamensis
  2. ↑ Molur, S. 2016. Anourosorex assamensis. The IUCN Red List of Threatened Species 2016: e.T136802A22311877. dx.doi.org/10.2305/IUCN.UK.2016-2.RLTS.T136802A2. Downloaded on 30 June 2020

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া বনৰীয়া চিকা” প্ৰবন্ধৰ সংশোধন ২৪৯৩৫৮ (১৫ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।