অমৰজীত কৌৰ (: Amarjeet Kaur; জন্ম: ২ এপ্ৰিল ১৯৫২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ কমিউনিষ্ট দলৰ ৰাষ্ট্ৰীয় সচিবালয়ৰ সদস্য আছিল।১তেওঁ সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা হিচাপেও কাৰ্য্য নিৰ্বাহ কৰিছিল। ১৯৩৬ চনত মণিবেন কাৰা এ আই টি ইউ চিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাবে খ্যাতি অৰ্জন কৰে যিয়ে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন এটাৰ নেতৃত্বত আছিল।২
কৌৰে ১৯৭৯ চনৰ পৰা সাত বছৰৰ বাবে সৰ্বভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ (AISF) দ্বিতীয়গৰাকী মহিলা সাধাৰণ সম্পাদিকা হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছিল আৰু ১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে ৰাষ্ট্ৰীয় ভাৰতীয় মহিলা ফেডাৰেচনৰ (NFIW) সাধাৰণ সম্পাদিকা হিচাপেও মহিলা সকলক নেতৃত্ব দিছিল।৩ ১৯৯৪ চনৰ পৰা ২০১৭ চনলৈকে এআইটিইউচিৰ ৰাষ্ট্ৰীয় সম্পাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে ১৯৭২ চনত মূল্যবৃদ্ধিৰ বাবে চিপিআইৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে দিল্লীত ১০ দিনৰ কাৰাদণ্ড, আৰু ১৯৭৭ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ দাঙ্গাক লৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু জামিয়া মিলিয়া ইসলামিয়া বিশ্ববিদ্যালয়ৰ যৌথ প্ৰতিবাদৰ বাবে চাৰিদিন কাৰাগাৰত বন্দী হৈ আছিল।
জন্ম আৰু শিক্ষা ১৯৫২ চনৰ ২ এপ্ৰিলত ভাৰতৰ পাঞ্জাৱত অমৰজীত কৌৰ জন্ম হৈছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি পদাৰ্থ বিজ্ঞান, আৰু এল এল বি ডিগ্ৰী লৈছিল।
তথ্যসূত্ৰ
- ↑ (24 December 2017). Trade Unions must go beyond labour issues: top woman TU leader. The Economic Times
- ↑ Amarjeet Kaur: The Trade Unionist Who Broke Gender Barriers. www.labourfile.com
- ↑ AISF – Official. www.aisf.org.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৰজীত কৌৰ” প্ৰবন্ধৰ সংশোধন ৬০০০৫৮ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।