শাক্তধৰ্ম
১১ প্ৰবন্ধ
-
শাক্তধৰ্ম
শাক্তধৰ্ম (সংস্কৃতত: शाक्तं, Śāktaṃ; আক্ষৰিক অৰ্থ শক্তিবাদ) হিন্দু ধৰ্মৰ এটা শাখাসম্প্ৰদায়। হিন্দু দিব্য মাতৃকা শক্তি বা দেৱী পৰম আৰু সৰ্বোচ্চ ঈশ্বৰ – এই মতবাদৰ ওপৰত ভিত্তি কৰিয়েই শাক্তধৰ্মৰ উদ্ভৱ হৈছে। এই ধৰ্মমতাৱলম্বীসকলৰ মতে শাক্ত (সংস্কৃত: शक्त, Śakta) নামে অভিহিত কৰা হয়।
-
চণ্ডী
চণ্ডী (चण्डी) বা চণ্ডিকা এগৰাকী হিন্দু দেৱী। চণ্ডিকা হৈছে দুৰ্গাৰ দৰে মহাদেৱীৰ আন এক স্বৰূপ। তেওঁ শক্তিক প্ৰতিনিধিত্ব কৰে। চণ্ডিকা হৈছে মহাদেৱীৰ এক শক্তিশালী ৰূপ আৰু অশুভ শক্তিক নাশ কৰিবলৈ তেওঁ এই ৰূপ ধাৰণ কৰিছিল।
-
অম্বিকা
অম্বিকা সাধাৰণত আদি শক্তি বা পৰশীবমৰ সহশক্তিৰ নাম। এই গৰাকী দেৱীৰ আঠখন হাত আছে, আৰু সেই হাতত একাধিক অস্ত্ৰ আছে। তেওঁ ভগৱতী বা চণ্ডী নামেৰেও পৰিচিত। তেওঁ নিজেই আদি শক্তি তথা বিশ্বজগতৰ মা বুলি পৰিচিত আৰু সমস্ত প্ৰাণী বুলিও বিবেচিত, আৰু ইয়ে "অম্বিকা" নামৰ অৰ্থ।
-
অম্বুবাচী
অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়।এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে।
-
দেৱীমাহাত্ম্যম্
দেৱীমাহাত্ম্যম (Sanskrit:देवीमाहात्म्यम्),হৈছে সনাতন হিন্দু ধৰ্মৰ এখন অন্যতম গ্ৰন্থ;এই পুথিখনৰ অন্য জনপ্ৰিয় নামসমূহ হ'ল:দূৰ্গা সপ্তশতী আৰু শ্ৰীশ্ৰী চণ্ডী।
-
ভগৱতী
ভগৱতী (Devanagari: भगवती, IAST: Bhagavatī), হৈছে সংস্কৃত মূলৰ এটা শব্দ, যাক ভাৰতত হিন্দু ধৰ্মৰ নাৰী দেৱতাসকলৰ বাবে সম্বোধন কৰিবলৈ বা সন্মানীয় উপাধি হিচাপে সম্বোধন কৰিবলৈ নম্ৰ ৰূপ হিচাপে ব্যৱহাৰ কৰা হয়। ভগৱতী পুৰুষৰ সমতুল্য হৈছে ভগৱান। দেৱী বা ঈশ্বৰীৰ সলনি "ভাগৱতী" শব্দটো ব্যৱহাৰ কৰিব পাৰি.
-
মণিদ্বীপ
মণিদ্বীপ (मणिद्वीप) হিন্দু ধৰ্মৰ শক্তিবাদ পৰম্পৰা অনুসৰি পৰম দেৱী আদি শক্তিৰ বাসস্থান। ই সুধা সমুদ্ৰ নামৰ সাগৰৰ মাজত অৱস্থিত এটা দ্বীপ। দেৱী ভাগৱত পুৰাণত মণিদ্বীপক সৰ্বলোক অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বোচ্চ স্থানত অৱস্থিত জগত বুলি কোৱা হৈছে।
-
অকালবোধন
অকালবোধন (अकालबोधन) হʼল শাৰদীয়া দুৰ্গাপূজাৰ প্ৰাৰম্ভিক অনুষ্ঠান। হিন্দু পঞ্জিকা অনুসৰি, আহিন মাহৰ কৃষ্ণপক্ষৰ নৱমী তিথি অথবা শুক্লপক্ষৰ ষষ্ঠী তিথিত হিন্দু দেৱী পাৰ্বতীৰ দুৰ্গা ৰূপৰ পূজা-আৰম্ভৰ প্ৰাক্কালত এই অনুষ্ঠান আয়োজিত হয়। হিন্দুধৰ্মীয় বিশ্বাস অনুসৰি, শৰৎকাল দেৱলোকৰ ৰাতি দক্ষিণায়নৰ অন্তৰ্গত।
-
মহিষাসুৰমৰ্দিনী স্তোত্ৰ
মহিষাসুৰমৰ্দিনী স্তোত্ৰ ( महिषासुरमर्दिनीस्तोत्रम्, ) হৈছে ২১টা পদযুক্ত এটা হিন্দু স্তোত্ৰ ৷ এই স্তোত্ৰৰ গ্ৰন্থখনে পৰম দেৱী মহাদেৱীৰ এটা প্ৰধান দিশ দুৰ্গা আৰু তেওঁ মহিষাসুৰক বধ কৰাৰ কাৰ্য্যক প্ৰশংসা কৰে।
-
কুণ্ডলিনী
কুণ্ডলিনী (সংস্কৃত: कुण्डलिनी, ৰোমানীকৃত: kuṇḍalinī; আক্ষৰিক অৰ্থ: 'কুণ্ডলীবদ্ধ সৰ্প') হিন্দু ধৰ্মত বৰ্ণনা কৰা অনুসৰি মেৰুদণ্ডৰ গুৰিৰ অংশ মূলাধাৰত অৱস্থিত শক্তিৰ নাৰী স্বৰূপ (বা শক্তি) বুলি বিশ্বাস কৰা হয়।
-
শ্যামা সংগীত
শ্যামা সংগীত (Shyama Sangeet, শ্যামা সঙ্গীত) হিন্দু দেৱী শ্যামা বা কালীৰ প্ৰতি উৎসৰ্গিত বঙালী ভক্তিমূলক গীতৰ এটা ধাৰা। কালী হʼল পৰম সাৰ্বজনীন মাতৃদেৱী দুৰ্গা বা পাৰ্বতীৰ এটি ৰূপ। শ্যামা সংগীতক শাক্তগীতি বা দুৰ্গাস্তুতি নামেৰেও জনা যায়।