অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অভয় বাং আৰু ৰাণী বাং

অভয় বাং আৰু ৰাণী বাং: Abhay Bang and Rani Bang, তেওঁলোক দুয়োজনেই ভাৰতৰ মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাত কৰ্মৰত ভাৰতীয় কৰ্মী আৰু সম্প্ৰদায় স্বাস্থ্য গৱেষক। তেওঁলোকে একেলগে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে পদক্ষেপ আৰু কাৰ্যসূচী প্ৰস্তুত কৰিছে।

হালনাগাদ: ২৯ জুন ২০২৫ ৫৩৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অভয় বাং আৰু ৰাণী বাং: Abhay Bang and Rani Bang, তেওঁলোক দুয়োজনেই ভাৰতৰ মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাত কৰ্মৰত ভাৰতীয় কৰ্মী আৰু সম্প্ৰদায় স্বাস্থ্য গৱেষক।

তেওঁলোকে একেলগে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে পদক্ষেপ আৰু কাৰ্যসূচী প্ৰস্তুত কৰিছে। সমগ্ৰ ভাৰত আৰু আফ্ৰিকাৰ কিছু অংশত কৰা কামৰ বাবে তেওঁলোকৰ এই পদক্ষেপসমূহ বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (UNICEF)ৰ দ্বাৰা সমৰ্থিত হৈছে।১২ অভয় আৰু ৰাণী বাঙে গ্ৰাম্য স্বাস্থ্য সেৱা আৰু গৱেষণাৰ সৈতে জড়িত অলাভজনক ছ’চাইটি ফৰ এডুকেচন, একচন, এণ্ড ৰিচাৰ্চ ইন কমিউনিটি হেল্থ (SEARCH)ও প্ৰতিষ্ঠা কৰে।

তেওঁলোকে মহাৰাষ্ট্ৰ ভূষণ বঁটা৩ লাভ কৰে আৰু এতিয়া লাকত থকা সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।৪এছ এন ডি টি মহিলা বিশ্ববিদ্যালয়, মুম্বাইয়েও ৰাণী বাংক সন্মানীয় কাউছা প্ৰদান কৰিছে। ৫লেন্সেটে এই দম্পতীহালক "ভাৰতৰ গ্ৰাম্য অঞ্চলত স্বাস্থ্যসেৱাৰ পথ প্ৰদৰ্শক" বুলি অভিহিত কৰিছে।৬ জনছ হপকিন্স ব্লুমবাৰ্গ স্কুল অৱ পাব্লিক হেল্থৰ আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগৰ পৰা প্ৰথমবাৰৰ বাবে ডিষ্টিংচড এলুমনি বঁটা লাভ কৰে অভয় আৰু ৰাণী বেং। লাখ লাখ নৱজাতক আৰু শিশুৰ জীৱন ৰক্ষা কৰাত সহায় কৰা সম্প্ৰদায়ভিত্তিক স্বাস্থ্যসেৱাৰ নেতৃত্বৰ বাবে জনছ হপকিন্স ছ’চাইটি অৱ স্কোলাৰ্ছতো তেওঁলোকক অন্তৰ্ভুক্ত কৰা হয়। তেওঁলোকৰ কেৰিয়াৰৰ সময়ছোৱাত দুয়োজনকে সম্প্ৰদায়ভিত্তিক প্ৰাথমিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক নৱজাগৰণৰ পোষকতা কৰাত সহায় কৰিছে।৭ ২০১৬ চনত জনছ হপকিন্স বিশ্ববিদ্যালয়ে তেওঁলোকক বিশিষ্ট প্ৰাক্তন ছাত্ৰ বঁটা প্ৰদান কৰে।৮

শিক্ষা

অভয় আৰু ৰাণীয়ে নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা ১৯৭২ চনত এমবিবিএছ সম্পূৰ্ণ কৰে। তাৰ পিছত ৰাণীয়ে ১৯৭৬ চনত স্ত্ৰীৰোগ আৰু প্ৰসুতি বিভাগত এম.ডি. লাভ কৰে, আৰু অভয়ে ১৯৭৭ চনত মেডিচিনত এম.ডি. লাভ কৰে। সেইবছৰে তেওঁলোকে বিবাহ পাশত আবদ্ধ হয়। তাৰ পিছত, তেওঁলোকে জন্‌স হপকিন্‌ছ বিশ্ববিদ্যালয়ত জনস্বাস্থ্যত মাস্টাৰ্চ সম্পূৰ্ণ কৰে।

তেওঁলোকে নাগপুৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা এমবিবিএছ লাভ কৰিছিল, য’ত অভয়ে বিশ্ববিদ্যালয়ত প্ৰথম স্থান লাভ কৰি গ'ল্ড মেডেল লাভ কৰিছিল, আৰু ৰাণীয়েও স্ত্ৰীৰোগত এম.ডি.ত প্ৰথম স্থান পাই গ’ল্ড মেডেল লাভ কৰিছিল। ৯

তেওঁলোকে ৱৰ্ধাত চেতনা বিকাশ নামেৰে এখন স্বেচ্ছাসেৱী সংগঠন প্ৰতিষ্ঠা কৰিছিল। অভয় বেঙে মহাৰাষ্ট্ৰৰ কৃষি শ্রমিকসকলৰ নিম্নতম মজুৰি সন্দৰ্ভত এটা গুৰুত্বপূর্ণ অধ্যয়ন প্ৰকাশ কৰিছিল, যাৰ ফলত চৰকাৰে মজুৰি বৃদ্ধি কৰে।১০ ১৯৮৪ চনত তেওঁলোকে জন্‌স হপকিন্‌ছ বিশ্ববিদ্যালয়ৰ পৰা জনস্বাস্থ্যত মাস্টাৰ্স সম্পূৰ্ণ কৰাৰ পিছত গান্ধীয়ান আদৰ্শ অনুসৰি ভাৰতলৈ উভতি আহি দৰিদ্ৰ জনগোষ্ঠীৰ মাজত কাম কৰে।১১

কৰ্ম

ভাৰতলৈ উভতি অহাৰ পিছত তেওঁলোকে গাডচিৰোলিত কাম কৰিবলৈ আৰম্ভ কৰে। ১৯৮৫ চনৰ ডিচেম্বৰ মাহত তেওঁলোকে SEARCH (Society For Education, Action and Research in Community Health) প্ৰতিষ্ঠা কৰি গাডচিৰোলিৰ জনজাতীয় আৰু গ্ৰাম্য অঞ্চলৰ সম্প্ৰদায়ৰ স্বাস্থ্যজনিত সমস্যাৰ ওপৰত কাম আৰম্ভ কৰে। SEARCH এ স্বাস্থ্য আৰু উন্নয়নৰ বাবে গাডচিৰোলিৰ সম্প্ৰদায়সমূহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছিল আৰু জিলাখনত "জনজাতি-বন্ধুত্বপূৰ্ণ" ক্লিনিক আৰু এখন চিকিৎসালয় সৃষ্টি কৰাত সহায় কৰিছিল।

যেতিয়া দম্পতীহালে মানুহৰ স্বাস্থ্য সমাবেশ অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁলোকে দেখিলে যে তেওঁলোকৰ ওচৰলৈ অনাৰ কিছু মিনিটৰ ভিতৰতে এমাহীয়া শিশুৰ মৃত্যু হয়। এনে পৰিস্থিতিয়ে দম্পতীহালক যথেষ্ট প্ৰভাৱিত কৰে আৰু শিশুৰ মৃত্যুৰ হাৰক নিয়ন্ত্ৰন কৰাটো এটা জৰুৰী প্ৰয়োজনীয়তা বুলি অনুভৱ কৰে।। তেওঁলোকে এনে শিশুৰ মৃত্যুৰ ১৮টা সম্ভাৱ্য কাৰণ বিচাৰি পাইছিল, য'ত দৰিদ্ৰতা, ডায়েৰিয়া, সংক্ৰমণ, নিউমোনিয়া বা চিকিৎসালয়ৰ অভাৱ আদিও আছিল। SEARCH ৰ বেংছ আৰু তেওঁলোকৰ সহযোগীসকলে সম্পদৰ অভাৱত নবজাতক শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ব্যৱহাৰিক পদ্ধতিৰ ওপৰত বিশ্বমানৰ গৱেষণা চলাইছিল। বেঙৰ সমাধান আছিল গাঁৱৰ মহিলাসকলক নৱজাতকৰ যত্নৰ প্ৰশিক্ষণ দিয়া।১

তেওঁ হ’বলগীয়া একচন গৱেষণাৰ খচৰা লিখিছিল আৰু জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগৰ প্ৰতিষ্ঠাপক তেওঁৰ গুৰু কাৰ্ল ই টেইলৰৰ পৰা মন্তব্য বিচাৰিছিল। খচৰাখনৰ ওপৰত হাতেৰে লিখা এখন টোকাত টেইলৰে লিখিছে "অভয়, এইটোৱেই হ'ব আপোনাৰ জীৱনত কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কাম"।১২ অভয় বেং আৰু তেওঁৰ সহযোগীসকলে তেওঁলোকৰ দুটা উল্লেখযোগ্য অধ্যয়নত পৰৱৰ্তী কামে শৈশৱৰ নিউমোনিয়াৰ সম্প্ৰদায়ভিত্তিক ব্যৱস্থাপনা আৰু সম্প্ৰদায়ৰ স্বাস্থ্যকৰ্মীসকলে ঘৰতে নৱজাতকৰ যত্ন প্ৰদানৰ সম্ভাৱনীয়তা আৰু ফলপ্ৰসূতা প্ৰদৰ্শন কৰে।

শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ওপৰিও অভয় আৰু ৰাণীয়ে জনস্বাস্থ্যৰ লগত জৰিত গাডচিৰোলি জিলাত সুৰা নিষেধাজ্ঞা,মহিলা চিকিৎসাজনিত সমস্যা,জনজাতীয় স্বাস্থ্য,নিৰ্মান,অসংক্ৰামক ৰোগ,অস্ত্ৰোপচাৰৰ যত্ন আদি দিশত মনোনিবেশ কৰে।

তথ্যসূত্ৰ

  1. ↑ Day, Elizabeth. (2011-03-20). Dr Abhay Bang: the revolutionary paediatrician. The Guardian
  2. ↑ Save the Children UK | International Children's Charity
  3. ↑ Bang, Abhay T; Bang, Rani A; Baitule, Sanjay B. (4 December 1999). Effect of home-based neonatal care and management of sepsis on neonatal mortality: field trial in rural India. The Lancet. পৃ. 1955–1961
  4. ↑ (27 September 2015). PGI ने मनाया 20वां दीक्षांत समारोह, वीमेन हेल्थ इश्यूज पर हुई चर्चा. www.bhaskar.com
  5. ↑ S.N.D.T. Women's University. sndt.ac.in
  6. ↑ (13 January 2011). The Lancet honour for Bang couple. The Times of India
  7. ↑ Alumni Award. www.jhsph.edu
  8. ↑ लोकसत्ता टीम. (2 April 2016). डॉ. राणी व डॉ. अभय बंग यांना जॉन्स हॉपकिन्स विद्यापीठाचा पुरस्कार. Loksatta
  9. ↑ Ashoka | Everyone a changemaker. singapore.ashoka.org
  10. ↑ The SEARCH experience | the Center for Health Market Innovations. healthmarketinnovations.org
  11. ↑ The SEARCH experience | the Center for Health Market Innovations. healthmarketinnovations.org
  12. ↑ Richards, Sarah. (2015-09-11). SEARCH Mission. The Hub

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভয় বাং আৰু ৰাণী বাং” প্ৰবন্ধৰ সংশোধন ৫২১৪১৭ (২৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।