অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অপূৰ্ণা নাৰ্জাৰী

অপূৰ্ণা নাৰ্জাৰী (ইংৰাজী: Apurna Narzary; জন্ম: ৮ জানুৱাৰী ২০০৪) এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ৷ তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব শ্ৰীভূমি আৰু ভাৰত জাতীয় দলৰ হৈ ফৰৱাৰ্ড খেলুৱৈ হিচাপে খেলে।

হালনাগাদ: ১৩ নৱেম্বৰ ২০২৫ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

অপূৰ্ণা নাৰ্জাৰী (ইংৰাজী: Apurna Narzary; জন্ম: ৮ জানুৱাৰী ২০০৪) এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ৷ তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব শ্ৰীভূমি আৰু ভাৰত জাতীয় দলৰ হৈ ফৰৱাৰ্ড খেলুৱৈ হিচাপে খেলে।১

ক্লাব কেৰিয়াৰ

অপূৰ্ণাই ইণ্ডিয়ান এৰোছৰ সৈতে ছিনিয়ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ হৈ ইণ্ডিয়ান উইমেনছ লীগত খেলিছিল। এৰোছৰ বাবে ৭খন খেলত ৬টা গ’ল আৰু দুটা হিৰো অৱ দ্য মেচ বঁটা লাভ কৰে। ওড়িশা পুলিচৰ বিৰুদ্ধে তেওঁ ৪-০ গ'লত জয়লাভ কৰি হেট্ৰিক অৰ্জন কৰে।২৩৪ ২০২২ চনত কেৰেলা ব্লাষ্টাৰছে তেওঁলোকৰ নতুনকৈ আৰম্ভ কৰা মহিলা দলৰ অংশ হিচাপে তেওঁক চুক্তিবদ্ধ কৰে।৫৬

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ

২০২২ চনৰ এছ এ এফ এফৰ ১৮ বছৰ অনুৰ্ধ মহিলা চেম্পিয়নশ্বিপত ভাৰতৰ ১৮ বছৰ অনুৰ্ধ দলক প্ৰতিনিধিত্ব কৰাৰ পিছত ২০২২ চনত অপূৰ্ণাই জুনিয়ৰ পৰ্যায়ত ভাৰতৰ হৈ অভিষেক ঘটায়।৭৮ ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ২০২২ চনৰ এছ এ এফ এফ মহিলা চেম্পিয়নশ্বিপত খেলিবলৈ তেওঁক ভাৰতীয় দলৰ অন্তিম ২৩ টা স্কোৰ্ডত অন্তৰ্ভুক্ত কৰা হয়।৯

তথ্যসূত্ৰ

  1. ↑ (2022-05-07). A new Narzary on the block: Apurna shines for Indian Arrows. the-aiff.com
  2. ↑ (2022-05-07). IWL: Apurna shines for Indian Arrows, becomes new Narzary on block. ANI News
  3. ↑ D'Cunha, Zenia; Olley, James; Marsden, Sam. (2022-05-19). Arrows provide a rare ray of hope for the future of women's football in India. ESPN
  4. ↑ Imtiaz, Md. (2022-05-13). Top 5 Indian players from IWL who have impressed us. The Bridge - Home of Indian Sports
  5. ↑ (2014-05-27). Apurna Narzary – Kerala Blasters FC. Kerala Blasters FC
  6. ↑ (2022-08-28). KWL: Apurna hits hat-trick in Kerala Blasters victory. OnManorama
  7. ↑ (2022-06-25). Assam footballer Apurna Narzary ready to play against USA for U-19 India women's team. PiPa News
  8. ↑ (2022-06-25). Assam footballer Apurna Narzary: ত্ৰিদেশীয় শৃংখলা, ছুইডেনৰ বিৰুদ্ধে খেলাৰ পিছত এইবাৰ USAৰ বিৰুদ্ধে খেলিবলৈ সাজু কোকৰাঝাৰৰ অপৰ্ণা নাৰ্জাৰী. Home
  9. ↑ Biswas, Joseph. (2022-09-04). India announce squad for SAFF Women's Championship 2022. Khel Now

সম্পৰ্কিত শ্ৰেণী

অসমৰ ফুটবল খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপূৰ্ণা নাৰ্জাৰী” প্ৰবন্ধৰ সংশোধন ৫৫০৪২৮ (১৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।