অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুজা আকাথুট্টু

অনুজা আকাথুট্টু (Anuja Akathoottu) ভাৰতৰ কেৰালাৰ এগৰাকী মালয়ালম ভাষাৰ কবি আৰু চুটিগল্প লেখিকা। ২০১৯ চনত তেওঁ আম্মা উৰাংগুনিল্লাৰ কবিতা সংকলনৰ বাবে সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লাভ কৰে।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৬ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

অনুজা আকাথুট্টু (Anuja Akathoottu) ভাৰতৰ কেৰালাৰ এগৰাকী মালয়ালম ভাষাৰ কবি আৰু চুটিগল্প লেখিকা। ২০১৯ চনত তেওঁ আম্মা উৰাংগুনিল্লাৰ কবিতা সংকলনৰ বাবে সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লাভ কৰে।

জীৱনী

অনুজা এ আৰ১ জনপ্ৰিয়ভাৱে অনুজা আকাথুট্টু হিচাপে পৰিচিত৷ তেওঁৰ জন্ম হৈছিল ১৯৮৭ চনত এৰ্নাকুলাম জিলাৰ মুভাট্টুপুজাৰ ওচৰৰ পাইপ্ৰাত৷ তেওঁৰ পিতৃ পাইপ্ৰা ৰাধাকৃষ্ণন আৰু মাতৃ নলিনী বেকাল২৩তেওঁ থ্ৰিছুৰৰ ছেক্ৰেড হাৰ্ট, মুভাট্টুপুজাৰ লিটিল ফ্লাৱাৰ আৰু মুভাট্টুপুজাৰ ছেইণ্ট অগাস্টিনছ হাইয়াৰ ছেকেণ্ডাৰী স্কুলত শিক্ষা গ্ৰহণ কৰে। কেৰেলা কৃষি বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বিশ্ববিদ্যালয় ৰেংক আৰু নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ পৰা পিজি আৰু পিএইচডি লাভ কৰে৷ পিজিৰ বাবে তেওঁ আইএআৰআই স্বৰ্ণ পদক লাভ কৰে।৪২০০৯ চনত সাহিত্য অকাডেমীৰ দ্বাৰা আয়োজিত যুৱ লেখকৰ বাবে ৰাষ্ট্ৰীয় শিবিৰত তেওঁ অংশগ্ৰহণ কৰে।৪ অনুজাই কোচিৰ কেন্দ্ৰীয় সামুদ্ৰিক মীন গৱেষণা প্ৰতিষ্ঠানত বিজ্ঞানী হিচাপে কাম কৰে৷ তেওঁৰ বিচৰণ ক্ষেত্ৰ হৈছে কৃষি/মীন অৰ্থনীতি।৫

সাহিত্যকৰ্ম

আম্মা উৰাংগুনিলা (কবিতা সংকলন), ডিচি বুকছ, কোট্টায়ম অৰোমায়ুদে বষ্ট্ৰংগল (চুটিগল্প সংকলন), সাম্প্ৰতিক কিতাপ, থিৰছুৰ পোথুৱক্য সন্মিলন (চুটিগল্প সংকলন), সাম্প্ৰতিক গ্ৰন্থ, থ্ৰিছুৰ৫ কুট্টু৪

বঁটা আৰু সন্মান

  • ২০১৯ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ৫
  • অ'এনভি যুৱ সাহিত্য বঁটা৬
  • আবুধাবি শক্তি বঁটা
  • ভেনমণি বঁটা
  • তিৰুৰ থুঞ্চন স্মৃতি বঁটাd৫
  • ভাইলোপিলি বঁটা
  • আয়্যাপ্পা পানীকাৰ সোঁৱৰণী কবিতা বঁটা
  • কমলা সূৰ্য বঁটা
  • এটলাছ-কাইৰালী কবিতা বঁটা
  • অংকনম সাহিত্য বঁটা
  • তিতা কেৰেলা স্কুল যুৱ মহোৎসৱ ৰাজ্যিক পৰ্যায়ৰ পুৰস্কাৰ৫

তথ্যসূত্ৰ

  1. ↑ Central Marine Fisheries Research Institute. www.cmfri.org.in
  2. ↑ Malayath Appunni, Anuja Akathootu selected for Sahitya Akademi award. The New Indian Express
  3. ↑ 'അമ്മ ഉറങ്ങുന്നില്ല' അനുജ അകത്തൂട്ട് എഴുതിയ കവിത. Asianet News Network Pvt Ltd
  4. ↑ (14 October 2017). അനുജ അകത്തൂട്ട്. Keralaliterature.com
  5. ↑ അനുജ അകത്തൂട്ടിന് കേന്ദ്ര സാഹിത്യ അക്കാദമി പുരസ്‌കാരം; ബാലസാഹിത്യത്തില്‍ മലയത്ത് അപ്പുണ്ണി. Chandrika Daily
  6. ↑ ഒഎൻവി സാഹിത്യപുരസ്‌കാരം എം ടിക്ക്‌. Deshabhimani

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুজা আকাথুট্টু” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৩২ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।