অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অজয় কুমাৰ ৰায়

অজয় কুমাৰ ৰায় (জন্ম ১৯৮৭) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অসমৰ চিৰাং জিলাৰ বিজনী বিধানসভা সমষ্টিৰ বিধায়ক। তেওঁ ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচন জয়ী হৈছিল।

হালনাগাদ: ৫ জুলাই ২০২৬ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অজয় কুমাৰ ৰায় (জন্ম ১৯৮৭) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অসমৰ চিৰাং জিলাৰ বিজনী বিধানসভা সমষ্টিৰ বিধায়ক। তেওঁ ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচন জয়ী হৈছিল। ১২

প্ৰাথমিক জীৱন আৰু শিক্ষা

ৰায়দেৱে অসমৰ চিৰাং জিলাৰ বিজনী মহকুমা অন্তৰ্গত ফুলকুমাৰী গাঁৱত বাস কৰে। তেওঁৰ পিতৃৰ নাম হৰমোহন ৰায়। চুমকী সাহা সৈতে বিবাহ পাশত আবদ্ধ হৈছে।৩তেওঁ ২০১২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ৪

কেৰিয়াৰ

২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি বিজনী বিধান সভা সমষ্টিৰ পৰা ৰায় জয়লাভ কৰে। তেওঁ ৪৫,৭৩৩টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বী বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ কমল সিং নাৰ্জাৰীক ১০০৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৫৬২০১৬ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় গণ পৰিষদৰ টিকটত বিজনী আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ১,৬৭৮টা ভোটৰ সংকীৰ্ণ ব্যৱধানত নাৰ্জাৰীৰ হাতত পৰাস্ত হৈছিল। পিছত তেওঁ বিজেপিলৈ স্থানান্তৰিত হৈ ২০২১ চনৰ নিৰ্বাচনত জয়লাভ কৰে।৩

তথ্যসূত্ৰ

  1. ↑ {{Cite news |title=Bijni Assembly Election Results 2021 - Bijni Vidhan Sabha Election Results'' |url=https://www.timesnownews.com/elections/bijni-assam-election-result-2021 |access-date=2024-10-29 |work=Times Now |language=en |archivedate=2025-09-26 |archiveurl=https://web.archive.org/web/20250926232948/https://www.timesnownews.com/elections/bijni-assam-election-result-2021 |deadurl=yes }}
  2. ↑ (2021-05-03). Assam Assembly election 2021: Full list of winners. The Financial Express (India)
  3. ↑ (2021-04-03). Ajoy Kumar Ray from Bijni: Early Life, Controversy & Political Career. The Sentinel (Guwahati)
  4. ↑ Ajoy Kumar Ray(Bharatiya Janata Party(BJP)):Constituency- BIJNI(BIJNI) - Affidavit Information of Candidate:. myneta.info
  5. ↑ (2021-05-02). Assam Assembly election results: Full list of winners. ইণ্ডিয়া টুডে
  6. ↑ (2021-05-03). Assam election results 2021: Here's the list of winners. North East Live

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজয় কুমাৰ ৰায়” প্ৰবন্ধৰ সংশোধন ৬১৫৮২৯ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।