অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অগৰা

অগৰা বা জেন্থিয়াম ষ্ট্ৰুমাৰিয়াম (Xanthium strumarium) (সমাৰ্থক X. canadense, X. chinense, X. glabratum, Rough Cocklebur, Clotbur,Common Cocklebur, Large Cocklebur, Woolgarie Bur) পৰিয়ালৰ অন্তৰ্গত এক ঔষধি (বাৎসৰিক) উদ্ভিদ। ই সম্ভৱতঃ উত্তৰ আমেৰিকাৰ পৰা পৃথিৱীৰ অন্যান্য স্থানলৈ বিয়পি পৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অগৰা ১ বা জেন্থিয়াম ষ্ট্ৰুমাৰিয়াম (Xanthium strumarium) (সমাৰ্থক X. canadense, X. chinense, X. glabratum, Rough Cocklebur, Clotbur,Common Cocklebur, Large Cocklebur, Woolgarie Bur) পৰিয়ালৰ অন্তৰ্গত এক ঔষধি (বাৎসৰিক) উদ্ভিদ। ২ ই সম্ভৱতঃ উত্তৰ আমেৰিকাৰ পৰা পৃথিৱীৰ অন্যান্য স্থানলৈ বিয়পি পৰে।৩৪ এই গছৰ অংশবিশেষে বিষাক্ত আৰু ঔষধি গুণ দুই প্ৰকাৰ আছে। অসমত ব'হাগ মাহত খোৱা এশ শাকৰ ভিতৰত অগৰা আগো অন্যতম। ১

বৰ্ণনা আৰু প্ৰজনন

অগৰা গছডাল প্ৰায় ৩০ - ৪০ ছে.মি. ওখ, ফেৰ মেলা। ই বৰ্ষীয় গছ। পাত একক, একান্তৰ, তলে ওপৰে সামান্য খহতা, লোমক নহয়। পাত বহল, ডিম্বাকাৰ, আয়তাকাৰ, ৮-১২ ছে.মি. দীঘল, ৫-৮ ছে.মি. বহল, কাষটো উঠা বা সভংগ। পুষ্প মঞ্জৰী মুণ্ডক, দ্বিপুস্পক। অৰ্থাৎ এক লিংগবৎ, পুংপুষ্প, স্ত্ৰীপুষ্প বেলেগে বেলেগে একে গছতে ধৰে। পাহি ৫ টা, পুংকেশৰ ৫ ডাল। ফল আয়তাকাৰ, উপবৃত্তাকাৰ, ১-২ ছে.মি. দীঘল, ৭-১২ মি.মি. বহল।১ ফলটো জীৱ-জন্তুৰ কাপোৰত ইয়াৰ শুংবোৰৰদ্বাৰা লাগি ধৰি এঠাইৰ পৰা অন্য ঠাইলৈ বিস্তাৰিত আৰু তদ্‌পশ্চাত অংকুৰিত হৈ বংশবৃদ্ধি কৰে। তদুপৰি পানীত দ্বাৰাও ওপঙি ফলৰ বিস্তাৰ হ'ব পাৰে।

বিষ আৰু ঔষধি গুণ

অগৰাৰ কোনো কোনো ঔষধি গুণ থাকিব পাৰে বুলি অনুমান কৰা হৈছে।৫ দক্ষিণ এচিয়া, চীন আদিত ইয়াক পাৰম্পৰিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।

অগৰা গছৰ পৰা এলাৰ্জি হ'ব পাৰে। ফুলৰ ৰেণু শ্বাস আৰু ছালৰ ৰোগৰ কাৰণ হ'ব পাৰে। গছৰ ওপৰ অংশ আৰু গুটিত hydroquinine, choline, carboxyatratyloside আদি আৰু অন্যান্য বিষাক্ত এলকেলইড থাকে। ১৬ এই গছ জীৱ-জন্তুৱে নাখায়, বহু ক্ষেত্ৰত খাই মৃত্যু মৃত্যু মুখত পৰাও দেখা গৈছে। এক পৰম্পৰাগত চীনা ঔষধ Cang Er Zi Wan(苍耳子丸) খাই ৰোগীয়ে মাংসপেষীৰ অস্থিৰতাত ভোগাৰ নজিৰ আছে। বাংলাদেশতো চিলেটত ২০০৭ চনত খোৱা বস্তুৰ অভাৱত সময়ত স্থানীয়ভাৱে ঘাগৰা শাক বুলি জনাজাত এই গছ খাই মানুহ মৰা বুলি জনা গৈছে। ইয়াক খোৱাৰ পাছত দেখা দিয়া লক্ষণসমূহ আছিল বমি, মানসিক ভ্ৰম, সংজ্ঞাহীনতা আদি। ৭

তথ্যসূত্ৰ

  1. ↑ আনন্দ চন্দ্ৰ দত্ত, "অগৰা"; "প্ৰান্তিক", ৩১শ বছৰ ১৮শ সংখ্যা; ১৬-৩১ আগষ্ট ২০১২
  2. ↑ Everitt, J.H. (2007). Weeds in South Texas and Northern Mexico. Texas Tech University Press. ISBN 0-89672-614-2
  3. ↑ Atlas of Florida Vascular Plants
  4. ↑ Calflora Taxon Report 8367 Xanthium strumarium L.
  5. ↑ Kamboj Anjoo, Saluja Ajay Kumar "Phytopharmacological review of Xanthium strumarium L. (Cocklebur) 2010 | Volume: 4 | Issue Number: 3 | Page: 129-139
  6. ↑ Islam, MR. (Dec 2009). Ethnobotanical, phytochemical and toxicological studies of Xanthium strumarium L. Bangladesh Medical Research Council bulletin. পৃ. 84–90
  7. ↑ Gurley, ES. Fatal outbreak from consuming Xanthium strumarium seedlings during time of food scarcity in northeastern Bangladesh.. PLoS ONE. পৃ. e9756

সম্পৰ্কিত শ্ৰেণী

গুল্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অগৰা” প্ৰবন্ধৰ সংশোধন ৬৩১১৬৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।