মৃত্যু গচকি আনা জয়জিনি সাহিত্যিক বীৰেন বৰকটকী ৰচিত এখন জীৱনীভিত্তিক উপন্যাস। উপন্যাসখন কনকলতা বৰুৱাৰ জীৱনৰ আধাৰত ৰচিত। ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি ১৬ বছৰ বয়সতে দেশৰ হকে ছহীদ হোৱা কনকলতা বৰুৱা গহপুৰৰ নিবাসী আছিল।১
লেখকৰ পৰিচয়
আৱাহন যুগৰ পৰা কবিতা লিখি সাহিত্যিক জীৱনৰ পাতনি মেলা বীৰেন বৰকটকীয়ে পৰৱৰ্তী সময়ত ঔপন্যাসিক, সমালোচক তথা অনুবাদক হিচাপে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে।
গ্ৰন্থৰ সংক্ষিপ্ত বিৱৰণ
গ্ৰন্থখনত কনকলতা বৰুৱাই শৈশৱৰ পৰা স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি ছহীদ হোৱালৈকে সময়ছোৱাক উপস্থাপন কৰিছে। সৰুৰে পৰাই সাহসী আৰু স্পষ্টবাদীতাৰ পৰিচয় দিয়া কনকলতাই ২০ ছেপ্তেম্বৰ তাৰিখে বৰঙাবাৰীৰ পৰা গহপুৰ থানাত পতাকা উত্তোলনৰ বাবে ওলোৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাৰ কাৰ্যসূচীত প্ৰথমে সদস্য হিচাপেহে অন্তৰ্ভুক্ত কৰিছিল কিন্তু কনকলতা বৰুৱাই নিজৰ যুক্তি আৰু আগ্ৰহ দেখুৱাই এক প্ৰকাৰৰ জোৰ-জবৰদস্তিয়ে মৃত্যুবাহিনীত নামভৰ্তি কৰি লয়। কাৰণ ১৮ বছৰ বয়সৰ পৰাহে মৃত্যুবাহিনীত নাম দিয়ে। কিন্তু ১৮ বছৰ বয়স নোহোৱাত কনকলতাক মৃত্যুবাহিনীত অংশগ্ৰহণ কৰিবলৈ শোভাযাত্ৰাৰ নেতৃ পুষ্পলতা দাস অমান্তি হৈছিল। পাছত কনকলতা সাহস আৰু একাগ্ৰতাত নাম ভৰাই দিবলৈ তেওঁ বাধ্য হয়। এনেদৰে কনকলতা বৰুৱাই দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ব্ৰিটিছৰ গুলিত মৃত্যুবৰণ কৰে। উপন্যাসখনত কনকলতা বৰুৱাৰ লগতে গহপুৰ অঞ্চলৰ লগতে সমসাময়িক সমাজ তথা ব্ৰিটিছ অধ্যুষিত অসমৰ সামগ্ৰিক ছবি এখন প্ৰকাশ পাইছে।২
তথ্যসূত্ৰ
- ↑ কীৰ্তনীয়া, দেৱ. কনকলতা বৰুৱা আৰু জীৱনী. Dev Library
- ↑ বৰকটকী, বীৰেন. (ডিচেম্বৰ,১৯৮৮). মৃত্যু গচকি আনা জয়জিনি. ষ্টুডেন্টচ্ ষ্টৰচ্. পৃ. ১৬২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃত্যু গচকি আনা জয়জিনি” প্ৰবন্ধৰ সংশোধন ৪৪৩৫৪৯ (৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।