অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অক্সফ'ৰ্ড বিশ্ববিদ্যালয়

অক্সফ'ৰ্ড বিশ্ববিদ্যালয় (University of Oxford) ইংলেণ্ডৰ অক্সফ'ৰ্ড চহৰত অৱস্থিত এখন গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনত ১০৯৬ চনৰ পৰাই শিক্ষাদানৰ তথ্য পোৱা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৮০১ শব্দ · ৪ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

অক্সফ'ৰ্ড বিশ্ববিদ্যালয় (University of Oxford) ইংলেণ্ডৰ অক্সফ'ৰ্ড চহৰত অৱস্থিত এখন গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনত ১০৯৬ চনৰ পৰাই শিক্ষাদানৰ তথ্য পোৱা যায়। ইয়াৰ ফলত এইখন ইংৰাজীভাষী দেশসমূহৰ ভিতৰত আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় আৰু আজিৰ দিনলৈ নিৰৱচ্ছিন্নভাৱে সক্ৰিয় হৈ থকা পুৰণি বিশ্ববিদ্যালয়ৰ শাৰীত দ্বিতীয় স্থান পাইছে।১ ১১৬৭ চনৰ পৰা হেনৰি ২য়ে যেতিয়া পেৰিছ বিশ্ববিদ্যালয়ত ইংৰাজ শিক্ষাৰ্থীৰ নামভৰ্তি নিষিদ্ধ কৰিছিল, তেতিয়াৰ পৰা অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ দ্ৰুত বিকাশ হ'বলৈ ধৰে। ১২০৯ চনত শিক্ষাৰ্থী আৰু অক্সফ'ৰ্ডৰ বাসিন্দাৰ মাজত মতানৈক্য হোৱাত কিছু ব্যক্তি উত্তৰ-পূৱৰ কেমব্ৰিজলৈ আহি নতুন বিশ্ববিদ্যালয় এখন স্থাপন কৰিলে। এইখনেই পিছলৈ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰূপে পৰিচিত হ'ল।২ এই দুই প্ৰাচীন বিশ্ববিদ্যালয়ক একেলগে বুজাবলৈ প্ৰায়েই 'অক্সব্ৰিজ' শব্দটো ব্যৱহাৰ কৰা হয়। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ ইতিহাস আৰু প্ৰভাৱৰ বাবে ই আজিৰ দিনত বিশ্বৰ সবাতোকৈ গৰিমামণ্ডিত আৰু উচ্চমানৰ বিশ্ববিদ্যালয়বোৰৰ এখন ৰূপে পৰিগণিত হৈছে।৩৪

এই বিশ্ববিদ্যালয়খন ৩৯ খন মহাবিদ্যালয় আৰু ৪টা ভাগত বিভক্ত কেইবাটাও একাডেমীক বিভাগক লৈ গঢ়ি উঠিছে।৫ বিশ্ববিদ্যালয়খনৰ অধীনত থাকিলেও এই মহাবিদ্যালয়বোৰ স্বপৰিচালিত শিক্ষানুষ্ঠান, মহাবিদ্যালয়বোৰে স্বাধীনভাৱে নিজৰ সদস্যভুক্তি নিয়ন্ত্ৰণ কৰে আৰু এইবোৰৰ নিজা নিজা পৰিচালনা নীতি আৰু কাৰ্য্যকলাপ আছে।৬ অক্সফ'ৰ্ডৰ কোনো মূল চৌহদ নাই, ইয়াৰ অট্টালিকা আৰু সা-সুবিধাসমূহ চহৰৰ কেন্দ্ৰস্থলৰ গোটেই অংশত বিস্তৃত হৈ আছে। অক্সফ'ৰ্ডত নিম্নস্নাতক বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক অধ্যাপক আৰু বিভাগৰ পৰা পাঠদান, বক্তৃতা, চেমিনাৰৰ জৰিয়তে শিক্ষাদান কৰাৰ উপৰি পৰীক্ষাগাৰত কৰিবলগীয়া কামো দিয়া হয়। অক্সফ'ৰ্ডৰ আন এটা বৈশিষ্ট্য হৈছে যে ইয়াৰ অন্তৰ্গত মহাবিদ্যালয় আৰু হলবোৰত সাপ্তাহিক টিউটৰিয়েলৰ জৰিয়তেও শিক্ষাদান কৰা হয়। স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভাগ আৰু অধ্যাপকৰ ফালৰ পৰাও টিউটৰিয়েলৰ আয়োজন কৰা হয়। অক্সফ'ৰ্ডতে বিশ্বৰ সবাতোকৈ পুৰণি বিশ্ববিদ্যালয় সংগ্ৰহালয়টো আছে। লগতে বিশ্বৰ সৰ্ববৃহৎ বিশ্ববিদ্যালয় প্ৰকাশন৭ আৰু দেশখনৰ ভিতৰত ডাঙৰ শিক্ষানুষ্ঠানিক পুথিভঁৰালৰ৮ অধিকাৰী হোৱাৰ কৃতিত্বও অক্সফ'ৰ্ডৰ দখলতে আছে। এই বিশ্ববিদ্যালয়খন বিশ্বৰ উৎকৃষ্টতম বিশ্ববিদ্যালয়ৰ তালিকাত ধাৰাবাহিকভাৱে স্থান দখল কৰি আহিছে।

২০১৬ চনৰ তথ্য অনুসৰি, টাইমছ্ হায়াৰ এডুকেশ্বন ৱৰ্ল্ড ইউনিভাৰ্ছিটী ৰেংকিঙত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ে শীৰ্ষস্থান লাভ কৰিছিল। কি.এছ. আৰু ইউ.এছ. নিউজ উভয়ৰ সমীক্ষা মতে বিশ্ববিদ্যালয়খন পঞ্চম স্থানত আছিল। অক্সফ'ৰ্ডতে শিক্ষা লাভ কৰি বহুতো প্ৰসিদ্ধ লোক ওলাই গৈছে। ইয়াৰ ভিতৰত যুক্তৰাজ্যৰ ২৭ জনকৈ প্ৰধানমন্ত্ৰী আৰু গোটেই পৃথিৱীৰ বহুতো ৰাজনৈতিক নেতা আৰু চৰকাৰৰ মূৰব্বীও আছে। ২০১৮ চনলৈ সামৰি লোৱা তথ্য অনুসৰি ৬৯ গৰাকী ন'বেল বঁটাপ্ৰাপক, ৩ গৰাকী ফিল্ডছ মেডেল বিজয়ী আৰু ৬ গৰাকী টিউৰিং এৱাৰ্ড বিজয়ীয়ে এই বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰিছিল, শিক্ষকতা কৰিছিল অথবা বিশ্ববিদ্যালয়খনত অতিথি সদস্যৰূপে জড়িত আছিল। বিশ্ববিদ্যালয়খনৰ পৰা ওলাই যোৱা শিক্ষাৰ্থীয়ে ১৬০ টা অলিম্পিক পদকো লাভ কৰিছে। অক্সফ'ৰ্ডৰ পৰাই বিশ্বৰ পুৰণি আন্তৰ্জাতিক বৃত্তিবোৰৰ মাজৰ অন্যতম ৰডছ্ বৃত্তি প্ৰদান কৰা হয়।৯

ইতিহাস

প্ৰতিষ্ঠাকাল

বালিয়ল কলেজ- বিশ্ববিদ্যালয়খনৰ অন্তৰ্ভুক্ত সবাতোকৈ পুৰণি কলেজবোৰৰ অন্যতম
বালিয়ল কলেজ- বিশ্ববিদ্যালয়খনৰ অন্তৰ্ভুক্ত সবাতোকৈ পুৰণি কলেজবোৰৰ অন্যতমছবি: Peter Trimming · CC BY-SA 2.0

অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কোনো সুনিৰ্দিষ্ট প্ৰতিষ্ঠা দিৱস নাই। অক্সফ'ৰ্ডত ১০৯৬ চনৰ পৰাই শিক্ষাদানৰ তথ্য পোৱা যায়, কিন্তু এইখন কেতিয়াৰ পৰা বিশ্ববিদ্যালয়ৰূপে পৰিগণিত হ'ল সেইটো অস্পষ্ট। ১১৬৭ চনত যেতিয়া ইংৰাজ শিক্ষাৰ্থীবোৰে পেৰিছ বিশ্ববিদ্যালয়ৰ পৰা গুচি আহিল, তেতিয়াৰ পৰা অক্সফ'ৰ্ডৰ দ্ৰুত বিকাশ হ'বলৈ ধৰিলে।

চৌহদ আৰু অৱস্থান

মূল চৌহদ

এই বিশ্ববিদ্যালয়খন এখন চহৰকেন্দ্ৰিক বিশ্ববিদ্যালয়, অৰ্থাৎ ইয়াৰ কোনো মূল চৌহদ নাই। তাৰ পৰিৱৰ্তে বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মহাবিদ্যালয়, বিভাগ, আৱাসগৃহ আৰু অন্যান্য সা-সুবিধাসমূহ গোটেই চহৰখনৰে কেন্দ্ৰ অঞ্চলত বিস্তৃত হৈ আছে। অধিকাংশ বিজ্ঞান বিভাগ অৱস্থিত বিজ্ঞান ক্ষেত্ৰখনৰেই এটা চৌহদৰ লগত সবাতোকৈ বেছি মিল আছে। চহৰখনৰ উত্তৰ-পশ্চিম দিশত দহ একৰজুৰি (৪ হেক্টৰ) থকা ৰেডক্লিফ অৱজাৰ্ভেটৰি কোৱাৰ্টাৰটো এতিয়া নিৰ্মীয়মাণ অৱস্থাত আছে। অক্সফ'ৰ্ডৰ অন্তৰ্গত ডাঙৰ ডাঙৰ মহাবিদ্যালয়সমূহৰ কালিও প্ৰায় সমপৰ্য্যায়ৰ।

বিশ্ববিদ্যালয়খনৰ উল্লেখযোগ্য অট্টালিকাসমূহৰ ভিতৰত ৰেডক্লিফ কেমেৰা, শ্বেলডনিয়ান থিয়েটাৰ আদিৰ নাম ল'ব পাৰি। শ্বেলডনিয়ান থিয়েটাৰটো সংগীতানুষ্ঠান, বক্তৃতানুষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক কাৰ্য্যসূচীসমূহৰ বাবে ব্যৱহাৰ কৰা হয়। একজামিনেশ্বন স্কুলত পৰীক্ষা আৰু কিছু বক্তৃতাও অনুষ্ঠিত হয়। শ্বেলডনিয়ান ভৱনটো নিৰ্মাণৰ পূৰ্বে অক্সফ'ৰ্ডৰ কাৰ্য্যসূচীসমূহ দ্য ইউনিভাৰ্ছিটী চাৰ্ছ অৱ্ চে'ন্ট মেৰি দা ভাৰ্জিনত সম্পন্ন কৰা হৈছিল।

উদ্যান

শাৰদীয় বতৰত অক্সফ'ৰ্ড বোটানিকেল গাৰ্ডেনৰ দৃশ্য
শাৰদীয় বতৰত অক্সফ'ৰ্ড বোটানিকেল গাৰ্ডেনৰ দৃশ্যছবি: Toby Ord · CC BY-SA 2.5

৭০ একৰ (২৮ হেক্টৰ) ভূমিৰে বিশ্ববিদ্যালয়ৰ উদ্যান অঞ্চলটো চহৰখনৰ উত্তৰ-পূৱ অংশত অৱস্থিত। উদ্যানৰ কাষতে আছে কেবল কলেজ, ছমাৰভিল কলেজ আৰু লেডি মাৰ্গাৰেট হল। দিনৰ ভাগত উদ্যানবোৰ সাধাৰণ জনতাৰ দৰ্শনৰ বাবে মুকলি ৰখা হয়। উদ্যানবোৰত বাগিছা আৰু নানান তৰহৰ গছৰ উপৰি বহুতো খেলপথাৰো আছে। এইসমূহত বিশ্ববিদ্যালয়ৰ ভালেমান আনুষ্ঠানিক আৰু অনানুষ্ঠানিক কাম-কাজসমূহ চলোৱা হয়।

হাই ষ্ট্ৰিটত অৱস্থিত বোটানিকেল গাৰ্ডেনখন ইংলেণ্ডৰ সবাতোকৈ পুৰণি বোটানিকেল গাৰ্ডেন। ১.৮ হেক্টৰ (৪.৫ একৰ) আগুৰা এই গাৰ্ডেনখনত ৮০০০ৰো বেছি প্ৰজাতিৰ উদ্ভিদ পোৱা যায়।

মহাবিদ্যালয়সমূহ

অক্সফ'ৰ্ডৰ অন্তৰ্গত মহাবিদ্যালয়সমূহ হৈছে:৬

স্থায়ী ব্যক্তিগত আৱাসসমূহ (পাৰ্মানেন্ট প্ৰাইভেট হল বা চমুকৈ PPH) বিভিন্ন খ্ৰীষ্টান সম্প্ৰদায়ে প্ৰতিষ্ঠা কৰিছিল। মহাবিদ্যালয় আৰু 'পিপিএইচ'সমূহৰ মাজত থকা এটা পাৰ্থক্য হৈছে - মহাবিদ্যালয়সমূহ তাত কৰ্মৰত অধ্যাপক-অধ্যাপিকাসকলে পৰিচালনা কৰে। আনহাতে 'পিপিএইচ'সমূহৰ পৰিচালনাৰ ভাৰ আংশিকভাৱে হ'লেও ইয়াৰ প্ৰতিষ্ঠাপক সম্প্ৰদায়সমূহৰ হাতত থাকে। সম্প্ৰতি অক্সফ'ৰ্ডৰ অধীনস্থ স্থায়ী ব্যক্তিগত আৱাস ছয়খন হৈছে:

উল্লেখনীয় শিক্ষাৰ্থী

অক্সফ'ৰ্ডৰ দীঘলীয়া ইতিহাসত ইয়াৰ অনেক শিক্ষাৰ্থীয়ে ('অক্স'নিয়ান' বুলি জনাজাত) বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। ন'বেলৰ ৬টা শাখা মিলি সৰ্বমুঠ ৬৯ গৰাকী লোকে ন'বেল বঁটা পাইছে, যিয়ে অক্সফ'ৰ্ডত পঢ়িছিল অথবা শিক্ষাদান কৰিছিল। এজন ব্যক্তি নিম্ন স্নাতক, স্নাতক শিক্ষাৰ্থী অথবা সদস্য হিচাপে অক্সফ'ৰ্ডৰ দুই বা ততোধিক মহাবিদ্যালয়ৰ লগত জড়িত থাকিব পাৰে। অক্সফ'ৰ্ডৰ পৰা ওলাই যোৱা উল্লেখনীয় শিক্ষাৰ্থীৰ বিষয়ে অধিক জানিবলৈ এই মহাবিদ্যালয়সমূহৰ বিষয়ে তথ্য বিচৰা প্ৰয়োজন।

ৰাজনীতি

২৭ গৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে অক্সফ'ৰ্ডত শিক্ষাগ্ৰহণ কৰিছিল। ১০০তকৈ অধিক শিক্ষাৰ্থী ব্ৰিটিছ সংসদ 'হাউছ অৱ্ কমন্স'লৈ মনোনীত হৈছিল। ইয়াৰোপৰি আন ত্ৰিশগৰাকীতকৈ অধিক বিদেশী নেতাই অক্সফ'ৰ্ডত শিক্ষালাভ কৰিছিল।

গণিত আৰু বিজ্ঞান

অক্সফ'ৰ্ডৰ তিনিগৰাকী গণিতজ্ঞ -মাইকেল আটিয়াহ, ডেনিয়েল কুইলেন আৰু ছাইমন ড'নাল্ডছনে গণিতৰ ন'বেলৰূপে পৰিচিত ফিল্ডছ মেডেল লাভ কৰিছে। ফাৰ্মাৰ শেষ উপপাদ্য প্ৰমাণ কৰা গণিতজ্ঞ এন্দ্ৰিউ ৱাইলছে অক্সফ'ৰ্ডতে শিক্ষাগ্ৰহণ কৰিছিল। এতিয়া তেওঁ অক্সফ'ৰ্ডৰে গণিত বিভাগৰ 'ৰেজিয়াছ প্ৰফেছৰ' আৰু 'ৰয়েল চ'ছাইটি ৰিচাৰ্ছ প্ৰফেছৰ'।

এই বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত ১১ গৰাকীয়ে ৰসায়ন বিজ্ঞান, ৫ গৰাকীয়ে পদাৰ্থবিজ্ঞান আৰু ১৬ গৰাকীয়ে চিকিৎসা বিজ্ঞান বিষয়ত ন'বেল বঁটা পাইছে।

ৰিচাৰ্ড ড'কিনছ্ আৰু ফ্ৰেডেৰিক ডকিন্সে অক্সফ'ৰ্ডত অধ্যয়ন কৰিছিল আৰু পিছলৈ গৱেষণাৰ বাবে পুনৰ বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত হৈ পৰিছিল। ৰবাৰ্ট হুক, এডৱিন হাবল আৰু ষ্টিফেন হকিঙেও অক্সফ'ৰ্ডতে শিক্ষালাভ কৰিছিল। অক্সফ'ৰ্ডত কিছুকাল কটাই যোৱা প্ৰখ্যাত বিজ্ঞানীৰ ভিতৰত আপেক্ষিকতাবাদ তত্ত্বৰ আৱিষ্কাৰক এলবাৰ্ট আইনষ্টাইন আৰু শ্ৰুদিনঞ্জাৰ সমীকৰণৰ সংজ্ঞাৱদ্ধকাৰী আৰৱিন শ্ৰুদিনঞ্জাৰৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

তথ্যসূত্ৰ

  1. ↑ Sager, Peter. (2005). Oxford and Cambridge: An Uncommon History. পৃ. 36
  2. ↑ Early records. University of Cambridge
  3. ↑ (2016-05-04). World's most prestigious universities 2016. Times Higher Education (THE)
  4. ↑ (2017-08-18). World University Rankings. Times Higher Education (THE)
  5. ↑ Oxford divisions. University of Oxford
  6. ↑ Colleges and Halls A-Z. University of Oxford
  7. ↑ Balter, Michael. (16 February 1994). 400 Years Later, Oxford Press Thrives. The New York Times
  8. ↑ Libraries. University of Oxford
  9. ↑ Rhodes Scholarships. rhodeshouse.ox.ac.uk

সম্পৰ্কিত শ্ৰেণী

বিশ্ববিদ্যালয়যুক্তৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অক্সফ'ৰ্ড বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬৩২৩৩৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।