অক্টাৱিয়' পাছ ল'জান (Octavio Paz Lozano;; ৩১ মাৰ্চ ১৯১৪ - ১৯ এপ্ৰিল ১৯৯৮) এগৰাকী মেক্সিকান কবি, লেখক আৰু কূটনীতিবিদ আছিল। তেওঁৰ কৰ্মৰাজীৰ বাবে তেওঁ ১৯৮১ চনৰ মিগুৱেল ডি চাৰ্ভেণ্টিছ পুৰস্কাৰ, ১৯৮২ চনত Neustadt International Prize for Literature আৰু ১৯৯০ চনত সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।
অক্টাৱিয়' পাছৰ জন্ম হয় ১৯১৪ চনৰ ৩১ মাৰ্চত, মোক্সিকোত। তেখেতে মেক্সিকোৰ নেছনেল বিশ্ববিদ্যালয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত শিক্ষা লাভ কৰে। ১৯৬২ চনত মেক্সিকোৰ ৰাষ্ট্ৰদূত হিচাপে ভাৰতলৈ আহে। ১৯৬৮ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰাৰ পাছত সেই বছৰেই অনুষ্ঠিত মেক্সিকো অলিম্পিকত ছাত্ৰৰ ওপৰত পুলিচে চলোৱা বৰ্বৰোচিত গুলীচালনাৰ প্ৰতিবাদত ৰাষ্ট্ৰদূত পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পাছত তেখেতে ক্ৰমে টেক্কাছ, হাৰ্ভাৰ্ড আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত ‘লেটিন আমেৰিকা ষ্টাডিজ’ বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ।১ কৈশোৰৰ পৰাই কবিতা চৰ্চা কৰিছিল। ১৭ বছৰ বয়সতে মেক্সিকোৰ প্ৰখ্যাত সাহিত্যালোচনীত তেওঁৰ ৰচনা প্ৰকাশ হৈছিল। গদ্য ৰচনাতো বিশেষ দক্ষতা প্ৰদৰ্শন কৰিছিল। লেটিন আমেৰিকাত পাজক প্ৰথম শাৰীৰ গদ্য লেখক হিচাপে সসন্মানে স্বীকৃতি দিয়া হয়।২
সাহিত্যৰাজি
কবিতা
- Luna Silvestre (1933)
- Baja tu clara sombra y otros poemas (1937)
- Entre la piedra y flor (1941)
- Aguila o sol? (1951)
- Piedra de sol (1957)
- Salamandra (1962)
- Selected Poems (1963)
- Pasado en claro (1975)
- Vuelta (1976)
- The Collected Poems of Octavio Paz, 1957-1987 (1987)
গদ্য সংকলন
- El laberinto de la soledad (1950)
- Corrientae alterna (1967)
- Posdata (1970)
- Tiempo nublado (1984)
- La otra voz (1990)
প্ৰবন্ধ সংকলন
- El arco y la lira (1956)
- Los hijos del limo (1974
বঁটা
জীৱনযোৰা সাধনা বঁটা হিচাপে ১৯৯০ চনত তেখেতে সাহিত্যৰ নবেল বঁটা লাভ কৰে। অন্যান্য সন্মানৰ ভিতৰত কাৰ্ভেণ্টিছ এৱাৰ্ড, নিউছাইড প্ৰাইজ আদি অন্যতম। ১৯৮৮ চনৰ ১৯ এপ্ৰিলত তেখেতৰ মৃত্যু হয়।৩
তথ্যসূত্ৰ
- ↑ poets.org/poet/octavio-paz
- ↑ অসম কোষ, সংকলনা আৰু সম্পাদনা- শান্তনু কৌশিক বৰুৱা, প্ৰথম প্ৰকাশ, ২০১২, পৃষ্ঠা-১
- ↑ www.nobel.se/literature/laureates/1990/paz-bio.h Nobel museum biography and list of works
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অক্টাৱিয়' পাছ” প্ৰবন্ধৰ সংশোধন ২৯৬৯৩৭ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।