ৰেডিঅ' ষ্টেচন
১৪ প্ৰবন্ধ
-
আকাশবাণী গুৱাহাটী
আকাশবাণী গুৱাহাটী প্ৰচাৰ ভাৰতীৰ অধীনস্থ আকাশবাণীৰ এটা ক্ষেত্ৰীয় অনাতাঁৰ সম্প্ৰচাৰ কেন্দ্ৰ, যিয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ কৰি অনুষ্ঠান সম্প্ৰচাৰ কৰে।
-
আকাশবাণী
আকাশবাণী (All India Radio; आकाशवाणी) ভাৰতৰ এটা অনাতাঁৰ সম্প্ৰচাৰ সেৱা আৰু প্ৰসাৰ ভাৰতীৰ এটা অংশ। ১৯৩০ চনত, প্ৰতিষ্ঠা হোৱা অল ইণ্ডিয়া ৰেডিঅ'ক ১৯৫৬ চনত আধিকাৰিকভাবে আকাশবাণী নামকৰণ কৰা হয়। আকাশবাণী বিশ্বৰ অন্যতম বৃহৎ অনাতাঁৰ সম্প্ৰচাৰক। ইয়াৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীৰ আকাশবাণী ভৱনত অৱস্থিত।
-
অনাতাঁৰ প্ৰযুক্তি
অনাতাঁৰ বা ৰেডিঅ হৈছে অনাতাঁৰ তৰঙ্গ ব্যৱহাৰ কৰি সংকেত প্ৰেৰণ-গ্ৰহণ কৰা আৰু যোগাযোগ কৰাৰ এক শক্তিশালী মাধ্যম। অনাতাঁৰ যন্ত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়।
-
অনাতাঁৰ গ্ৰাহক যন্ত্ৰ
অনাতাঁৰ গ্ৰাহক যন্ত্ৰ হৈছে অনাতাঁৰ তৰংগ গ্ৰহণ কৰি, সেই তৰংগই বহন কৰা তথ্যসমূহক ব্যৱহাৰযোগ্য ৰূপলৈ ৰূপান্তৰ কৰা এক প্ৰকাৰৰ বৈদ্যুতিক সজুঁলি। ইয়াক অনাতাঁৰ যন্ত্ৰ, গ্ৰাহক যন্ত্ৰ, বা চমুকৈ ৰেডিঅ' বুলি কোৱা হয়। ইয়াক এডাল এণ্টেনাৰ সৈতে ব্যৱহাৰ কৰা হয়।
-
আকাশবাণী ডিব্ৰুগড়
আকাশবাণী ডিব্ৰুগড়(Akashvani Dibrugarh) (All India Radio, Dibrugarh) হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ ডিব্ৰুগড় জিলাত অৱস্থিত চৰকাৰী আকাশবাণী কেন্দ্ৰ। কেন্দ্ৰটোৱে পূব অসম তথা নিকটৱৰ্তী সীমান্তীয় অঞ্চলসমূহলৈ সংবাদ, সংস্কৃতি, শিক্ষামূলক কাৰ্যসূচী আৰু লোক-সংস্কৃতি প্ৰসাৰণ কৰি আহিছে।
-
৯২.৭ বিগ এফএম
বিগ এফএম হৈছে ভাৰতৰ অন্যতম বৃহৎ ৰেডিঅ' নেটৱৰ্ক যিয়ে মূলতঃ ৯২.৭ মেগাহাৰ্টজত সম্প্ৰচাৰ কৰে। ই চেফায়াৰ মিডিয়া গ্ৰুপৰ অংশ আৰু ৫৮টা ষ্টেচনে প্ৰায় ১৯০০ চহৰত উপনীত হৈছে আৰু দেশৰ ১.২ লাখ গাঁও সামৰি লৈছে। সমগ্ৰ দেশৰ ৩৪ কোটিৰো অধিক ভাৰতীয়ৰ বাবে ইয়াৰ সুবিধা আছে।
-
ৰেডিঅ' মিৰ্চি
ৰেডিঅ' মিৰ্চি (হিন্দী শব্দ মিৰ্চিৰ অৰ্থ ৰঙা জলকীয়া), যাক ৯৮.৩ মিৰ্চি বুলিও কোৱা হয়, ভাৰতৰ ব্যক্তিগত এফএম ৰেডিঅ' ষ্টেচনৰ এটা দেশব্যাপী নেটৱৰ্ক। ইয়াৰ মালিকানাধীন এণ্টাৰটেইনমেণ্টনেটৱৰ্ক ইণ্ডিয়া লিমিটেড (ENIL), যিটো দ্য টাইমছ গ্ৰুপৰ অন্যতম সহযোগী কোম্পানী।
-
আকাশবাণী তেজপুৰ
আকাশবাণী তেজপুৰ (ইংৰাজী: Akashvani Tezpur) হৈছে শোণিতপুৰ জিলাৰ তেজপুৰ নগৰত অৱস্থিত আকাশবাণীৰ এটা অনলাইন ৰেডিঅ' ষ্টেচন, যিটো ২০০৮ চনত স্থাপন কৰা হয়। পুৰণি গীত, অনুষ্ঠান আৰু বাতৰি প্ৰচাৰ কৰাই ইয়াৰ মুখ্য লক্ষ্য। এই ৰেডিঅ' ষ্টেচনটো এফএমৰ ১০২.৪ মেগাহাৰ্টচত উপলব্ধ।
-
বিবিচি বাংলা
বিবিচি নিউজ বাংলা (BBC News Bangla) হৈছে বিবিচি ৱৰ্ল্ড চাৰ্ভিচৰ বাংলা ভাষাৰ সেৱা। ১৯৪১ চনত ইয়াক বিশ্বজুৰি বংলা ভাষী শ্ৰোতাসকলৰ বাবে আৰম্ভ কৰা হৈছিল, বিশেষকৈ বংগ অঞ্চলৰ, য’ত বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবংগ আৰু ত্ৰিপুৰা অন্তৰ্ভুক্ত।
-
বিবিধ ভাৰতী
বিবিধ ভাৰতী সেৱা (VBS) হ'ল অল ইণ্ডিয়া ৰেডিঅ'ৰ অন্তৰ্গত এটা ৰেডিঅ' ষ্টেচন। ১৯৬৭ চনত ৰেডিঅ' চিলনৰ বিৰুদ্ধে যুঁজিবলৈ অল ইণ্ডিয়া ৰেডিঅ'ৰ ধাৰণা কৰা হৈছিল। ভাৰত চৰকাৰে নিজৰ শ্বৰ্ট ৱেভ ৰিলে চেণ্টাৰ বন্ধ কৰাৰ পিছৰে পৰা বিবিধ ভাৰতী বৰ্তমান কেৱল ইণ্টাৰনেটতহে উপলব্ধ।
-
ভাৰতত ৰেডিঅ'
ভাৰতত ৰেডিঅ সম্প্ৰচাৰ আৰম্ভ হয় ১৯২২ চনত। ১৯৩৬ চনৰ পৰা চৰকাৰী মালিকানাধীন ৰেডিঅ' ষ্টেচন অল ইণ্ডিয়া ৰেডিঅ' সম্প্ৰচাৰত আধিপত্য বিস্তাৰ কৰিছিল যদিও ব্যক্তিগতকৰণ আৰু নিয়ন্ত্ৰণমুক্তকৰণৰ জৰিয়তে ব্যৱসায়িক ব্যক্তিগত মালিকানাধীন টক আৰু মিউজিক ষ্টেচনসমূহক বৃহৎ দৰ্শকৰ মাজলৈ যাবলৈ অনুমতি দিছে।
-
ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচ
ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচ (BBS) হৈছে ভূটানৰ এটা ৰাজ-অনুদানৰ ওপৰত নিৰ্ভৰশীল ৰেডিঅ’ আৰু টেলিভিছন সেৱা। এইটো এটা ৰাজহুৱা সেৱামূলক নিগম যি সম্পূৰ্ণৰূপে ৰাজ্যৰদ্বাৰা আৰ্থিকভাৱে পুষ্ট আৰু ভূটানত ৰেডিঅ’ আৰু টেলিভিছন দুয়োটাই প্ৰদান কৰা একমাত্ৰ সেৱা।
-
৯৪.৩ ক্লাব এফএম
ক্লাব এফএম (ইংৰাজী: Club FM) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ এটা ব্যক্তিগত এফএম ৰেডিঅ' ষ্টেচন। কেৰালাৰ মাতৃভূমি সংবাদ পত্ৰৰদ্বাৰা পৰিচালিত এই ষ্টেচনটোৱে দিনটোৰ বিভিন্ন সময়ত জনপ্ৰিয় সংগীতৰ ওপৰত গুৰুত্ব দিয়ে।
-
ৰেডিঅ' নেপাল
ৰেডিঅ' নেপাল হৈছে নেপালৰ চৰকাৰী ৰেডিঅ' সম্প্ৰচাৰ সংস্থা, যিটো ১৯৫১ চনৰ ২ এপ্ৰিলত স্থাপন কৰা হয়। ৰেডিঅ' নেপালে শ্বৰ্টৱেভ, মিডিয়াম ৱেভ আৰু এফএম ফ্ৰিকুৱেন্সিত অনুষ্ঠান প্ৰচাৰ কৰে। প্ৰতিদিনে ষোল্ল ঘণ্টাকৈ নিয়মীয়া সম্প্ৰচাৰ কৰে, য’ত দুঘণ্টাৰ আঞ্চলিক সম্প্ৰচাৰো অন্তৰ্ভুক্ত।