অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

অনাতাঁৰ গ্ৰাহক যন্ত্ৰ

অনাতাঁৰ গ্ৰাহক যন্ত্ৰ হৈছে অনাতাঁৰ তৰংগ গ্ৰহণ কৰি, সেই তৰংগই বহন কৰা তথ্যসমূহক ব্যৱহাৰযোগ্য ৰূপলৈ ৰূপান্তৰ কৰা এক প্ৰকাৰৰ বৈদ্যুতিক সজুঁলি। ইয়াক অনাতাঁৰ যন্ত্ৰ, গ্ৰাহক যন্ত্ৰ, বা চমুকৈ ৰেডিঅ' বুলি কোৱা হয়। ইয়াক এডাল এণ্টেনাৰ সৈতে ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২৮ নৱেম্বৰ ২০২৫ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ
কম দূৰত্বত দুয়োফালৰ পৰা যোগাযোগ কৰিব পৰা এটা আধুনিক যোগাযোগ গ্ৰাহক যন্ত্ৰ
কম দূৰত্বত দুয়োফালৰ পৰা যোগাযোগ কৰিব পৰা এটা আধুনিক যোগাযোগ গ্ৰাহক যন্ত্ৰছবি: Mspecht · CC BY-SA 3.0

অনাতাঁৰ গ্ৰাহক যন্ত্ৰ হৈছে অনাতাঁৰ তৰংগ গ্ৰহণ কৰি, সেই তৰংগই বহন কৰা তথ্যসমূহক ব্যৱহাৰযোগ্য ৰূপলৈ ৰূপান্তৰ কৰা এক প্ৰকাৰৰ বৈদ্যুতিক সজুঁলি। ইয়াক অনাতাঁৰ যন্ত্ৰ, গ্ৰাহক যন্ত্ৰ, বা চমুকৈ ৰেডিঅ' বুলি কোৱা হয়। ইয়াক এডাল এণ্টেনাৰ সৈতে ব্যৱহাৰ কৰা হয়। এনে যন্ত্ৰত এণ্টেনাই অনাতাঁৰ তৰংগ (বিদ্যুৎ চুম্বকীয় তৰংগ) গ্ৰহণ কৰে আৰু সেই তৰংগক সূক্ষ্ম ৰূপান্তৰিত বিদ্যুৎ প্ৰবাহলৈ ৰূপান্তৰ কৰে যিবোৰৰ পৰা যন্ত্ৰটোৱে তৰংগত নিহিত তথ্যখিনি উদ্ধাৰ কৰে। এনে যন্ত্ৰৰ এণ্টেনাই গ্ৰহণ কৰা সকলো সংকেতৰ পৰা আৱশ্যকীয় তৰংগসমূহ পৃথক কৰিবলৈ বিদ্যুতিক পৰিস্বাৱক (electronic filter) ব্যৱহাৰ কৰা হয়। এটা বৈদ্যুতিক সংবৰ্ধকৰ (electronic amplifier) দ্বাৰা সংকেতৰ তীব্ৰতা বৃদ্ধি কৰা হয়, আৰু অৱশেষত ডিমডুলেচন (demodulation) কৰি নিহিত তথ্যখিনি উদ্ধাৰ কৰা হয়।

অনাতাঁৰ প্ৰযুক্তি ব্যৱহাৰ কৰা সকলো প্ৰণালীৰ বাবে অনাতাঁৰ গ্ৰাহক যন্ত্ৰ অতি দৰকাৰী উপাদান। এই গ্ৰাহক যন্ত্ৰই উৎপাদন কৰা তথ্যবোৰ শব্দ, চলন্ত ছবি (দূৰদৰ্শন), বা আংকিক তথ্য হব পাৰে।১ এটা অনাতাঁৰ গ্ৰাহক যন্ত্ৰ পৃথক একোটা বিদ্যুতিক সজুঁলি হব পাৰে, নাইবা অন্য কোনো সঁজুঁলিত লাগি থকা বৈদ্যুতিক বৰ্ত্তনী হব পাৰে। অতি জনপ্ৰিয় অনাতাঁৰ গ্ৰাহক যন্ত্ৰৰ উদাহৰণ হৈছে, অনাতাঁৰ কেন্দ্ৰসমূহৰ পৰা সম্প্ৰচাৰ কৰা শব্দ উৎপাদন কৰা, ঐতিহাসিকভাবে প্ৰথম অনাতাঁৰ যন্ত্ৰ, “সম্প্ৰচাৰ অনাতাঁৰ গ্ৰাহক যন্ত্ৰ” (broadcast radio receiver), যিটোক সাধাৰণভাবে সকলোৱে ৰেডিঅ বুলি কয়। যিকিনহওক আধুনিক প্ৰযুক্তি যেনে, অনাতাঁৰ যোগাযোগ, ৰাডাৰ, অনাতাঁৰ দিকদৰ্শন, ৰিমট কণ্ট্ৰল, আৰু অন্যান্য বহুতো সজুঁলিত অনাতাঁৰ গ্ৰাহক যন্ত্ৰ ব্যৱহাৰ কৰা হয়। গোলিয়েলমো মাৰ্কনিক প্ৰথম অনাতাঁৰ যন্ত্ৰৰ আবিষ্কাৰক হিচাপে গণ্য কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Radio-Electronics, Radio Receiver Technology

সম্পৰ্কিত শ্ৰেণী

প্ৰযুক্তিৰেডিঅ' ষ্টেচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনাতাঁৰ গ্ৰাহক যন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৫৮২৬১ (২৮ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।