ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ
৮২ প্ৰবন্ধ
-
তুৰ্কমেনিস্তান
তুৰ্কমেনিস্তান (তুৰ্কমেন ভাষা: Türkmenistan ত্যুৰ্কমেনিস্তান্) মধ্য এছিয়াৰ দক্ষিণ-পশ্চিম অংশৰ এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে কাজাখাস্তান আৰু উজবেকিস্তান, পূবে উজবেকিস্তান আৰু আফগানিস্তান, দক্ষিণে আফগানিস্তান আৰু ইৰান আৰু পশ্চিমে কাস্পিয়ান সাগৰ অৱস্থিত।
-
মৰক্কো
মৰক্কো (; المغرب; বা মৰক্কো ৰাজ্য; المملكة المغربية; Royaume du Maroc) হৈছে উত্তৰ আফ্ৰিকাৰ মাগ্ৰেব অঞ্চলৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত এখন দেশ। ইয়াৰ উত্তৰে ভূমধ্য সাগৰ আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ, পূবে আলজেৰিয়াৰ সৈতে স্থল সীমা আৰু দক্ষিণে পশ্চিম চাহাৰাৰ বিতৰ্কিত অঞ্চল আছে।
-
বাহৰেইন
বাহৰেইন (; البحرين ), চৰকাৰী ভাৱে কিংডম অৱ বাহৰেইন (مملكة البحرين ), পাৰ্ছিয়ান গল্ফৰ পশ্চিম উপকূলৰ কাষত অৱস্থিত এখন সৰু দ্বীপ-ৰাষ্ট্ৰ। ২০১০ চনত ৬,৬৬,১৭২ জন অ-দেশীয় লোকৰ সৈতে বাহৰেইন মুঠ জনসংখ্যা আছিল ১২,৩৪,৫৭১ জন।
-
জৰ্ডান
জৰ্ডান (الأردن আল্'উৰ্দুন্) বা হাছিমীয় জৰ্ডান ৰাজ্য (المملكة الأردنية الهاشمية আল্মাম্লাকাল্'উৰ্দুনিয়াল্হাশ্বিমিয়া) মধ্যপ্ৰাচ্যৰ এখন ৰাজতান্ত্ৰীক ৰাষ্ট্ৰ। জৰ্ডান ৰাজবংশ নিজকে হজৰত মহম্মদৰ পিতামহ হাছিমৰ বংশধৰ বুলি বিশ্বাস কৰে। জৰ্ডানৰ ভূ্প্ৰকৃতি উষ্ণ মৰুভূমিময়।
-
তাজিকিস্তান
তাজিকিস্তান (তাজিক ভাষা: Тоҷикистон তজিকিস্তন্)দক্ষিণ-পূব মধ্য এছিয়াৰ এখন স্থলবেষ্টিত প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে কিৰগিজস্তান, উত্তৰে আৰু পশ্চিমে উজবেকিস্তান, পূবে চীন আৰু দক্ষিণে আফগানিস্তান অৱস্থিত। দুশ্বন্বে দেশখনৰ বৃহত্তম চহৰ আৰু ৰাজধানী।
-
ভেনিজুৱেলা
ভেনিজুৱেলা হৈছে দক্ষিণ আমেৰিকাৰ উত্তৰ অংশত থকা এখন দেশ। ইয়াৰ উত্তৰত কেৰিবিয়ান সাগৰ, পূৱে আটলাণ্টিক মহাসাগৰ, পশ্চিমত কলম্বিয়া, দক্ষিণত ব্ৰাজিল, আৰু পূবত গায়ানা অৱস্থিত। দেশখনৰ মুঠ ভূমি প্ৰায় ৯১৬,৪৪৫ বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা আনুমানিক ২৮.৩ মিলিয়নৰ অধিক (২০২৩)।
-
লিবিয়া
লিবিয়া, হৈছে উত্তৰ আফ্ৰিকাৰ মাগ্ৰেব অঞ্চলৰ এখন দেশ। ইয়াৰ উত্তৰে ভূমধ্য সাগৰ, পূবে ইজিপ্ত, দক্ষিণ-পূবে চুডান, দক্ষিণে চাড, দক্ষিণ-পশ্চিমে নাইজাৰ, পশ্চিমে আলজেৰিয়া আৰু উত্তৰ-পশ্চিমে টিউনিছিয়া। লিবিয়া তিনিটা ঐতিহাসিক অঞ্চলৰে গঠিত: ট্ৰিপলিটানিয়া, ফেজান আৰু চাইৰেনাইকা।
-
আইচলেণ্ড
আইচলেণ্ড উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মাজৰ মধ্য আটলাণ্টিকৰ উত্তৰ আটলাণ্টিক আৰু আৰ্কটিক মহাসাগৰৰ মাজৰ এখন নৰ্ডিক দ্বীপ দেশ। ই ইউৰোপৰ সৈতে সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে জড়িত আৰু এই অঞ্চলৰ আটাইতকৈ পশ্চিম আৰু কম জনবসতিপূৰ্ণ দেশ।
-
আলজেৰিয়া
আলজেৰিয়া (Algeria) আনুষ্ঠানিকভাৱে আলজেৰিয়া গণতান্ত্ৰিক গণৰাজ্য, উত্তৰ আফ্ৰিকাৰ এখন আৰৱ দেশ। আলজেৰিয়া ভূ-ক্ষেত্ৰৰ দিশত পৃথিৱীৰ দশম সৰ্ববৃহৎ আৰু আৰৱ আৰু আফ্ৰিকাৰ দেশসমূহৰ ভিতৰত সৰ্ববৃহৎ ৰাষ্ট্ৰ। আলজেৰিয়াৰ ৰাজধানী আলজিয়াৰ্চ।
-
কিৰগিজস্তান
কিৰগিজিস্তান (Кыргызстан ক্যিৰ্গিয্স্তান্) মধ্য এছিয়াৰ পূব ভাগৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম কিৰগিজ প্ৰজাতন্ত্ৰ (Кыргыз Республикасы ক্যিৰ্গিয্ ৰেস্পুব্লিকাস্যি)। ইয়াৰ উত্তৰে কাজাখাস্তান, পূবে চীন, দক্ষিণে চীন আৰু তাজিকিস্তান আৰু পশ্চিমে উজবেকিস্তান।
-
চেক গণৰাজ্য
চেক গণৰাজ্য মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশৰ ৰাজধানী प्राग'। চেক গণৰাজ্য পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ চেক গণৰাজ্য সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত।
-
জৰ্জিয়া (দেশ)
জৰ্জিয়া (জৰ্জিয় ভাষা: საქართველო চাকাৰ্ত্ভ়েলো) পূব ইউৰোপৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম তিবিলিচি। জৰ্জিয়া কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত অৱস্থিত স্থলযোটক দক্ষিণ ককেছাছ অঞ্চলৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাষ্ট্ৰ। দক্ষিণ ককেছাছৰ অন্য ৰাষ্ট্ৰসমূহ হ’ল আজেৰবাইজান আৰু আৰ্মেনিয়া।
-
মাদাগাস্কাৰ
মাদাগাস্কাৰ (Madagascar), আনুষ্ঠানিক নাম মাদাগাস্কাৰ গণৰাজ্য, ভাৰত মহাসাগৰত অৱস্থিত এক দ্বীপ ৰাষ্ট্ৰ। ই আফ্ৰিকাৰ পূৱ উপকূলৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ (২৫০ মাইল) দূৰত অৱস্থিত। ৫,৯২,৮০০ বৰ্গ কিলোমিটাৰ (২,২৮,৯০০ বৰ্গ মাইল) মাটিকালিৰে মাদাগাস্কাৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম দ্বীপ ৰাষ্ট্ৰ।
-
নামিবিয়া
নামিবিয়া (Namibia) দক্ষিণ-পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। আটলাণ্টিক সাগৰৰ তীৰবৰ্তী নামিবিয়াৰ উত্তৰত আংগলা আৰু জাম্বিয়া পূৱত বৎচোৱানা দক্ষিণ আৰু পূৱত দক্ষিণ আফ্ৰিকা। ১৫ শতকত পৰ্তুগীজ সকলে নামিবিয়াত প্ৰৱেশ কৰে। ১৮৮৪ চনত দেশখন জাৰ্মানসকৰ অধীনলৈ গুচি যায়।
-
চাদ
চাদ (Tchad; আৰবী ভাষ: تشاد), চৰকাৰী নাম চাদ প্ৰজাতন্ত্ৰ, মধ্য আফ্ৰিকাৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে লিবিয়া, পূবে চুদান, দক্ষিণে মধ্য আফ্ৰিকান প্ৰজাতন্ত্ৰ, দক্ষিণ-পশ্চিমে কেমেৰুন আৰু নাইজেৰিয়া, আৰু পশ্চিমে নাইজাৰ।
-
নাউৰু
নাউৰু (আধিকাৰিক নাম: নাউৰু গণৰাজ্য; নাউৰুয়ান ভাষাত: Repubrikin Naoero, ৰিপুব্ৰিকিন নাওয়েৰো; ইংৰাজী ভাষাত: Republic of Nauru, ৰিপাব্লিক অফ নাউৰু) দক্ষিণ প্ৰশান্ত মহাসাগৰৰ মাইক্ৰ'নেছিয়া অঞ্চলৰ এক ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ নিকটতম দ্বীপ হ'ল ৩০০ কিলোমিটাৰ পূব দিশে অৱস্থিত কিৰিবাছৰ বানাবা দ্বীপ।
-
পূৱ টিমুৰ
পূৱ টিমুৰ (টেটুম: Timór Lorosa'e টিমুৰ্ লোৰোছায়ে, পৰ্তুগিজ: Timor-Leste টেমুৰ লেষ্ট্যি আ-ধ্ব-ব: [ti'moɾ 'lɛʃtɨ]) দক্ষিণ-পূৱ এছিয়াৰ এখন ৰাষ্ট্ৰ। টিমুৰ দ্বীপৰ পূৱ অৰ্ধাংশক লৈ দেশখন গঠিত। ইয়াৰ উত্তৰে ৱেটাৰ প্ৰণালী আৰু দক্ষিণে টিমুৰ সাগৰ আছে।
-
এণ্টিগুৱা আৰু বাৰ্বুডা
এণ্টিগুৱা আৰু বাৰ্বুডা কেৰিবিয়ান আৰু আটলাণ্টিক মহাসাগৰৰ মাজৰ এখন দ্বীপ ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰত দুখন দ্বীপ আছে।
-
কংগো গণৰাজ্য
কংগো গণৰাজ্য বা কঙ্গো গণৰাজ্য হৈছে মধ্য আফ্ৰিকাৰ পশ্চিম উপকূলত অৱস্থিত এখন দেশ। দেশখনক কংগো-ব্ৰাজাভিল, কংগো ৰিপাব্লিক বা কেৱল কংগো বুলিও জনা যায়। গেবন দেশখনৰ পশ্চিমে, কেমেৰুন উত্তৰ-পশ্চিমে আৰু মধ্য আফ্ৰিকান গণৰাজ্য উত্তৰ-পূবত, কঙ্গো গণতান্ত্ৰিক দক্ষিণ-পূবত, আংগলাৰ ছিটমহল কেবিণ্ডাৰ দক্ষিণ-পশ্চিমে,…
-
ছান মাৰিণ'
ছান মাৰিণ, আনুষ্ঠানিকভাৱে ছান মাৰিণ' গণৰাজ্য (ইটালীয় ভাষাত:Repubblica di San Marino) বা চেৰেনিছিমা ৰিপাব্লিকা ডি ছান মাৰিণ', ইউৰোপৰ এখন সৰু দেশ যি ইটালীৰে আৱৰা। ইটালীয় পেনিঞ্ছুলাত অৱস্থিত এই দেশৰ মুঠ ভূমি দখল ৬১ বৰ্গ কিলোমিটাৰতকৈ অলপ অধিক। এই দেশৰ জনসংখ্যা প্ৰায় ৩২০০০।
-
বাৰ্বাডোচ
বাৰ্বাডোচ (Barbados) কেৰিবিয়ান সাগৰৰ দক্ষিণ-পূৱ অঞ্চলত অৱস্থিত এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ দৈৰ্ঘ্য ৩৪ কিলোমিটাৰ (২১ মাইল), প্ৰস্থ ২৩ কিমি (১৪ মাইল) পৰ্যন্ত আৰু ই ৪৩২ বৰ্গ কিমি (১৬৭ বৰ্গ মাইল) এলেকা আৱৰি আছে।
-
মেলিলা
মেলিলা (ইংৰাজী:Melilla) উত্তৰ আফ্ৰিকাৰ স্পেইনৰ এখন স্বায়ত্তশাসিত চহৰ। মেলিলা কেপ থ্ৰী ফৰ্কছৰ পূব দিশত অৱস্থিত, মৰক্কোৰ সীমান্তত আৰু ভূমধ্য সাগৰৰ সন্মুখত অৱস্থিত। ইয়াৰ আয়তন ১২.৩ কিলোমিটাৰ (৪.৭ বৰ্গমাইল)।