একাত্ম মানৱবাদ দীনদয়াল উপাধ্যায়ৰ দ্বাৰা বিকশিত এক দৰ্শন। এই দৰ্শনক ১৯৬৫ত জন সংঘই নিজৰ আনুষ্ঠানিক দৰ্শন হিচাপে গ্ৰহণ কৰিলে। ১২৩
দৰ্শন
পণ্ডিত দীন দয়াল উপাধ্যায়ৰ মতে, ভাৰতৰ মুখ্য উদ্দেশ্য হ'ব লাগে এক ঘৰুৱা ধৰণেৰে মানৱক চিন্তাৰ কেন্দ্ৰত ৰাখি বিকাশ কৰা। .৪
এই ধাৰণাই পশ্চিমীয়া পুঁজিবাদী ব্যক্তিবাদ আৰু মাৰ্ক্সবাদী সমাজবাদৰ বিৰোধ কৰে। এই বিচাৰত উভয়ৰ মাজৰ পথ বিচৰা হৈছে। .৫
মানুহৰ চাৰি উদ্দেশ্য
উপাধ্যায়ৰ মতে, মানুহৰ শৰীৰ, মন, বুদ্ধি আৰু আত্মা থাকে। আৰু থাকে চাৰি সৰ্বজনীন উদ্দেশ্য- ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। একোকে বাদ দিব নোৱাৰি যদিও, ধৰ্ম প্ৰাৰম্ভিক আৰু মোক্ষ চৰম উদ্দেশ্য কোনো মানৱ আৰু সমাজৰ। তেওঁ দাবী কৰিছিল যে পুঁজিবাদ আৰু সমাজবাদে শৰীৰ আৰু মনকহে মহত্ত্ব প্ৰদান কৰে, আৰু বস্তুবাদী উদ্দেশ্য তথা সম্পদ আগবঢ়াই। ৬
ব্যক্তিবাদ নস্যাৎ
উপাধ্যায়ে ব্যক্তিবাদক সৰ্বোচ্চ জ্ঞান কৰা সামাজিক ব্যৱস্থাসমূহৰ সমালোচনা কৰিছিল। তেওঁ লগতে দাবী কৰিছিল যে সাম্যবাদে ব্যক্তিবাদক এক বৃহৎ হ্ৰদয়হীন যন্ত্ৰৰ অংগ হিচাপে ভাঙি পেলায় আৰু সেয়ে তেওঁ সাম্যবাদৰো বিৰোধিতা কৰিছিল। উপাধ্যায়ৰ মতে, সমাজ কেইবাজনো ব্যক্তিৰ মাজত হোৱা সামাজিক চুক্তিৰে উদ্ভৱ হোৱা নাই, বৰং স্বয়ংক্ৰিয়ভাৱে হৈছে এক জীৱিত প্ৰাণীৰ দৰে। সমাজৰ নিজা 'জাতীয় আত্মা' থাকে ঠিক এক ব্যক্তিৰ দৰেই। .৭
উৎস
সূত্ৰৰ উৎস
দাবী কৰা হয় যে একাত্ম মানৱবাদৰ উৎস অদ্বৈত বেদান্ত, আৰু গান্ধীৰ দৰ্শন। গান্ধীবাদী দৰ্শনৰ দৰে স্বদেশী আৰু লঘু উদ্যোগৰ বিকাশত গুৰুত্ব প্ৰদান কৰা হৈছে। কিন্তু একাত্ম মানৱবাদত হিন্দু জাতীয়তাবাদৰ বিশেষ প্ৰভাৱ আছে। ৮
নেহৰুৱীয় অৰ্থনৈতিক নীতিৰ বিৰোধ
উপাধ্যায়ে দাবী কৰিছিল যে নেহৰুৱে সমালোচনা অবিহনে পশ্চিমীয়া ধাৰণা আৰু উদ্যোগীকৰণ গ্ৰহণ কৰিছিল। উপাধ্যায়ৰ মতে এনে কৰাত ভাৰতত ভোগবাদী প্ৰৱণতা গঢ় লৈ উঠিছে। তেওঁৰ মতে ই ভাৰতীয় আদৰ্শৰ বিৰোধী কাৰণ ভাৰতীয় আদৰ্শই ভৌতিক সম্পদ বৃদ্ধিৰ নিৰন্তৰ প্ৰয়াসৰ সলনি সন্তুষ্টিতহে গুৰুত্ব আৰোপ কৰে। তেওঁ এই কথাও সোঁৱৰাইছিল যে নেহৰুৱীয় অৰ্থনৈতিক নীতি দাৰিদ্ৰ্য দূৰীকৰণত বিফল হৈছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একাত্ম মানৱবাদ (দীন দয়াল উপাধ্যায়)” প্ৰবন্ধৰ সংশোধন ৩৮০২৪৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।