ৰয়েল ছ'ছাইটিৰ সদস্য
১৩ প্ৰবন্ধ
-
চাৰ্লছ ডাৰউইন
চাৰ্ল্ছ ৰবাৰ্ট ডাৰৱিন (Charles Darwin; ১২ ফেব্ৰুয়াৰী ১৮০৯ – ১৯ এপ্ৰিল ১৮৮২) আছিল এগৰাকী ইংৰাজ প্ৰকৃতিবিদ আৰু উদ্ভিদ বিজ্ঞানী। তেখেতে নিজৰ আৱিষ্কাৰৰ যোগেদি সেই সময়ৰ বহু যুক্তিহীন ধ্যান-ধাৰণা আঁতৰাবলৈ সক্ষম হৈছিল।
-
শ্ৰীনিবাস ৰামানুজন
শ্ৰীনিবাস ৰামানুজন (சீனிவாச இராமானுஜன்) (২২ ডিচেম্বৰ ১৮৮৭ – ২৬ এপ্ৰিল ১৯২০) এজন ভাৰতীয় গণিতজ্ঞ।
-
সত্যেন্দ্ৰনাথ বসু
সত্যেন্দ্ৰনাথ বসু (Satyendra Nath Bose; ১ জানুৱাৰী, ১৮৯৪ - ৪ ফেব্ৰুৱাৰী, ১৯৭৪) আছিল এগৰাকী তাত্ত্বিক পদাৰ্থ বিজ্ঞানত বিশেষত্ব থকা ভাৰতীয় গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী।
-
হোমি জাহাঙ্গীৰ ভাবা
হোমি জেহাঙ্গীৰ ভাবা ( Homi Jehangir Bhabha) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ নিউক্লীয় পদাৰ্থবিজ্ঞানী। তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত পদাৰ্থবিজ্ঞানৰ অধ্যাপক আছিল।
-
ৰিচাৰ্ড ড'কিনছ্
ৰিচাৰ্ড ড'কিনছ্ (Richard Dawkins; জন্মতে ক্লিণ্টন ৰিচাৰ্ড ড'কিনছ্) (জন্ম-২৬ মাৰ্চ ১৯৪১) হৈছে এগৰাকী ইংৰাজ প্ৰাণীবিজ্ঞানী, এথ'ল'জিষ্ট (প্ৰাণীৰ আচৰণ সম্পৰ্কে অধ্যয়ন কৰা প্ৰাণীবিজ্ঞানী), বিৱৰ্তনবাদৰ জীৱবিজ্ঞানী, আৰু লেখক। তেওঁ অক্সফ'ৰ্ড, নিউ কলেজৰ এমিৰেটাছ সভ্য।
-
ইলন মাস্ক্
ইলন ৰিভ্ মাস্ক্ (জন্ম: ২৮ জুন ১৯৭১) এগৰাকী পুঁজিপতি, বিনিয়োগকাৰী আৰু সমাজহিতৈষী লোক। দক্ষিণ আফ্ৰিকা, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব থকা ইলন মাস্ক্ স্পেছ্এক্সৰ (SpaceX) প্ৰতিষ্ঠাপক, মুখ্য কাৰ্যবাহী বিষয়া আৰু মূল পৰিকল্পনাকাৰী।
-
আব্দুছ ছালাম
আব্দুছ ছালাম (Abdus Salam; জন্ম: ২৯ জানুৱাৰী, ১৯২৬ – মৃত্যু: ২১ নৱেম্বৰ, ১৯৯৬) আছিল এগৰাকী পদাৰ্থবিজ্ঞানী। তেওঁ ইটালীৰ ট্ৰিয়েষ্টিত থকা "ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ থিয়ৰেটিকেল ফিজিক্স" অৰ্থাৎ "তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ আন্তৰ্জাতিক কেন্দ্ৰ"ৰ প্ৰতিষ্ঠাপক বিজ্ঞানী আছিল।
-
জিম পিবলছ্
ফিলিপ জেমছ্ এডৱিন পিবলছ্ (Philip James "Jim" Edwin Peebles; জন্ম-এপ্ৰিল ২৫, ১৯৩৫) হৈছে এগৰাকী কানাডিয়ান-আমেৰিকান জ্যোতিপদাৰ্থবিজ্ঞানী, জ্যোতিৰ্বিদ আৰু এজন তাত্ত্বিক ব্ৰহ্মাণ্ডতত্ত্ববিদ।
-
ডিডিয়াৰ কুয়েলজ
ডিডিয়াৰ কুয়েলজ (২৩ ফেব্ৰুৱাৰি, ১৯৬৬) এজন ছুইছ জ্যোতিৰ্বিজ্ঞানী আৰু জেনেভা বিশ্ববিদ্যালয় আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক। আৰু ত্ৰিনিটি কলেজ, কেমব্ৰিজৰ এজন সদস্য। ২০১৯চনত ঘোষিত হোৱা পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটাৰ তেওঁ এক চতুৰ্থাংশ অংশীদাৰিত্ব পায়।
-
অবেইদ ছিদ্দিকি
অবেইদ ছিদ্দিকি (FRS- ফেল' অৱ ৰয়েল ছ'ছাইটি- ৰয়েল ছ'ছাইটিৰ সদস্য) (৭ জানুৱাৰী ১৯৩২-২৬ জুলাই ২০১৩) ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ, টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত National Research Professor আছিল। তেওঁৰ ড্ৰছ'ফিলা মাখিৰ জেনেটিকছ আৰু নিউৰ'বায়ল'জী সম্পৰ্কীয় গৱেষণাৰ বাবে লব্ধপ্ৰতিষ্ঠ।
-
মন্টেস্কু
চাৰ্লছ লুই ডি চেকেণ্ডেট, বেৰন ডি লা ব্ৰেড এট ডি মন্টেস্কু (১৮ জানুৱাৰী ১৬৮৯ – ১০ ফেব্ৰুৱাৰী ১৭৫৫ চনত), সাধাৰণতে মণ্টেস্কু বুলি কোৱা হয়, এজন ফৰাচী বিচাৰক, বুদ্ধিজীৱী, ইতিহাসবিদ আৰু ৰাজনৈতিক দাৰ্শনিক আছিল। সমগ্ৰ বিশ্বৰ বহু সংবিধানত কাৰ্যকৰী হোৱা ক্ষমতা পৃথকীকৰণ তত্ত্বৰ তেওঁৰ পৰাই আৰম্ভণি হৈছিল।
-
হেনৰী কেভেণ্ডিছ
হেনৰী কেভেণ্ডিছ( HENRAY CAVENDISH) হৈছে একাধাৰে বিজ্ঞানী, দাৰ্শনিক, ৰসায়নবিদ, আৰু পদাৰ্থবিজ্ঞানী।
-
ছুৱী লে থেইন
ছুই লে থেইন হৈছে মালয়েছিয়াৰ এগৰাকী ৰক্ত বিশেষজ্ঞ আৰু চিকিৎসক-বিজ্ঞানী যি “নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থ’’ৰ জ্যেষ্ঠ তদন্তকাৰী। ছিকেল চেল ৰোগ আৰু থেলাছেমিয়াকে ধৰি হিম’গ্লবিন বিকাৰৰ পেথ’ফিজিঅ’লজীত তেওঁ কাম কৰে