অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হৰসিদ্ধি

দুৰ্গাৰ অন্যতম দিশ হৰসিদ্ধি হৈছে এক আঞ্চলিক হিন্দু দেৱী। ভাৰতৰ মহাৰাষ্ট্ৰ তথা গুজৰাট, মধ্য প্ৰদেশত এইগৰাকী দেৱী জনপ্ৰিয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

দুৰ্গাৰ অন্যতম দিশ হৰসিদ্ধি হৈছে এক আঞ্চলিক হিন্দু দেৱী। ভাৰতৰ মহাৰাষ্ট্ৰ তথা গুজৰাট, মধ্য প্ৰদেশত এইগৰাকী দেৱী জনপ্ৰিয়।

নামসমূহ

হৰসিদ্ধি নামটো "হৰ্ষদ অম্বা" - সুখী মাতৃৰ এক চমু ৰূপ। দেৱীৰ এই স্বৰূপটো, অম্বা আৰু কালিকা দেৱীৰ এটা দিশ বুলি গণ্য কৰা হয়। তেওঁক হৰ্ষল, হৰ্ষদ, হৰ্ষত, হৰসিদ্ধ ভবাণী আদি নামেৰেও জনা যায়।১

কুলদেৱী

তেওঁক বহুতো ক্ষত্ৰিয়, ব্ৰাহ্মণ, ৰাজপুত আৰু বৈশ্য সম্প্ৰদায়ৰ লোকে নিজৰ কুলদেৱী হিচাপে উপাসনা কৰে। লোহানা সকলৰ চন্দৰানা গোত্ৰ, ব্ৰহ্মক্ষত্ৰিয়, গুৰ্জাৰৰ হৰসনা গোত্ৰ, বহুতো জৈন জাতিৰ লগতে পঞ্চৰিয়াৰ দৰে ব্ৰাহ্মণ আৰু আন বহুতো সম্প্ৰদায়ে তেওঁক তেওঁলোকৰ কুলদেৱী হিচাপে উপাসনা কৰে। তেওঁক মাছমৰীয়া আৰু অন্যান্য সাগৰীয় উপত্যকাত বসবাস কৰা জনজাতি আৰু গুজৰাটৰ লোকসকলে ধৰ্মীয়ভাৱে উপাসনা কৰে। এই গৰাকী দেৱীক সাগৰত জাহাজৰ ৰক্ষক বুলি গণ্য কৰা হয়।

হৰসিদ্ধি মন্দিৰ আৰু বিশ্বাস

হৰসিদ্ধি মাতা মন্দিৰ দ্বাৰকালৈ যোৱাৰ পথত পোৰবন্দৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৈৰ গান্ধৱী গাঁৱত অৱস্থিত হৰ্ষল মাতা মন্দিৰ বুলিও জনা যায়। মূল মন্দিৰটো মূলতঃ সাগৰৰ ফালে থকা এটা পাহাৰৰ ওপৰত অৱস্থিত আছিল। কোৱা হয় যে কৃষ্ণই তেওঁৰ জীৱনকালত এইগৰাকী দেৱীক উপাসনা কৰিছিল আৰু তেতিয়াৰ পৰাই কয়লা ডুংগৰ নামৰ পাহাৰৰ ওপৰেতে এইগৰাকী দেৱীয়ে বাছ কৰি আহিছে বুলি বিশ্বাস প্ৰচলিত। পাহাৰৰ ওপৰৰ মূল মন্দিৰটো কৃষ্ণই নিজেই নিৰ্মাণ কৰিছিল বুলি কোৱা হয়। কৃষ্ণই অসুৰ সকল আৰু জৰাসন্ধক পৰাজিত কৰিব বিচাৰিছিল সেয়েহে তেওঁ ক্ষমতাৰ বাবে অম্বা মাতাৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। দেৱীৰ আশীৰ্বাদত কৃষ্ণই অসুৰসকলক পৰাজিত কৰিবলৈ সক্ষম হৈছিল। এই সফলতাৰ পিছত, তেওঁ মন্দিৰটো নিৰ্মাণ কৰিছিল। যেতিয়া জৰাসন্ধক হত্যা কৰা হৈছিল, যাদৱ কুলৰ সকলো অতি আনন্দিত হৈছিল আৰু তেওঁলোকে ইয়াত তেওঁলোকৰ সফলতাৰ বাবে উল্লাস প্ৰদৰ্শন কৰিছিল। সেয়েহে হৰ্ষদ মাতা বা হৰসিদ্ধি মাতা নামটো প্ৰচলিত বুলি বিশ্বাস কৰা হয়। তেতিয়াৰ পৰা তেওঁক জাদেজাৰ (যাদৱ) কুলদেৱী হিচাপে উপাসনা কৰা হৈছে।২৩৪৫১

আন এটা বিখ্যাত মন্দিৰ উজ্জয়িনীত অৱস্থিত, আৰু এই মন্দিৰটো বিখ্যাত ৰজা বিক্ৰমাদিত্যই নিৰ্মাণ কৰাইছিল বুলি কোৱা হয়। কোৱা হয় যে বিক্ৰমাদিত্যই মিয়ানিৰ কয়লা ডুংগৰ ভ্ৰমণ কৰিছিল, যাক তেতিয়া মিনালপুৰ বুলি জনা গৈছিল, আৰু এইখন চাওদা ৰাজবংশৰ প্ৰভাতসেন চাওদাৰ দ্বাৰা শাসিত এখন বন্দৰ চহৰ। বিক্ৰমাদিত্যই হৰসিদ্ধি মাতাৰ মূৰ্ত্তি উজ্জয়িনীত থকা তেওঁৰ ৰাজ্যত প্ৰতিষ্ঠা কৰিছিল আৰু দেৱীক দৈনিক উপাসনা কৰিছিল।৫১ এইগৰাকী দেৱীক বাহনৱতী মাতা বুলিও জনা যায়।

আৰু এটা বিখ্যাত মন্দিৰ ৰাজপিপলাত অৱস্থিত, য'ত তেওঁক পূৰ্বৰ ৰাজপিপলা ৰাজ্যৰ দ্বাৰা কুলদেৱী হিচাপে উপাসনা কৰা হৈছিল আৰু তেওঁৰ মূৰ্তিটো উজ্জয়িনীৰ পৰা লৈ অহা হৈছিল আহিছিল।৬৭

তথ্যসূত্ৰ

  1. ↑ (16 July 2017). શ્રી હરસિદ્ધિ માતા મંદિર નો ઇતિહાસ. Share in India
  2. ↑ Archived copy
  3. ↑ Harsidhi Maa, Miyani
  4. ↑ আৰ্কাইভ কপি
  5. ↑ Dwarka of Lord Krishna
  6. ↑ Rajpipla
  7. ↑ Further, Rajpipla State in Gujarat was also founded by the Parmar Rajputs, descendants of Vikramaditya of Ujjain. They are believed to have brought idols of Harsidhhi Mata from Ujjain and worship her as their Kuldevi.

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰসিদ্ধি” প্ৰবন্ধৰ সংশোধন ৩৮৩৩৪২ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।