শিৱদুতি (সংস্কৃত ভাষা: शिवदूति, ৰোমানীকৃত: Śivadūti) হিন্দু মাতৃ দেৱী আদি পৰশক্তিৰ এক অৱতাৰ।১
প্ৰতিমা
কালিকা পুৰাণত শিৱদুতিৰ শৰীৰৰ ৰং ক’লা, দীঘল জটা ধৰা চুলি, তিনিটা চকু, হাতত তৰোৱাল ধৰি থকা বুলি বৰ্ণনা কৰা হৈছে, তেওঁৰ সোঁ ভৰিখন শিয়ালৰ পিঠিত থৈ থিয় হৈ বাওঁ ভৰিখনে অসুৰৰ মৃতদেহ ভৰিৰে মোহাৰি থকা দৃশ্য প্ৰতিফলিত কৰি উপস্থাপন কৰা হয়। তেওঁৰ দহটা অৱতাৰ (যোগিনী) আছে: ক্ষেমংকাৰী, শান্তা, দেৱমাতা, মহোদৰী, কৰালী, কামদা, ভাগশ্যা, ভাগমালিনী, ভাগৱহা, আৰু সুভগা।
কিংবদন্তী
দেৱী মহাত্ম্যমৰ মতে, সুম্ভ আৰু নিসুম্ভ নামৰ দুজন অসুৰৰ বিৰুদ্ধে যুদ্ধৰ সময়ত শিৱদুতিয়ে চণ্ডী দেৱীৰ শৰীৰৰ পৰা ওলাই আহি শিৱক অসুৰসকলক এটা অন্তিম সঁকিয়নী দিবলৈ দায়িত্ব দিছিল: যদি তেওঁলোকে ইন্দ্ৰ আৰু দেৱতাৰ পৰা দখল কৰা ত্ৰিভুৱন অৰ্পণ নকৰে, তেন্তে তেওঁলোকক তেওঁৰ শিয়ালবোৰে গ্ৰাস কৰিব।২ যিহেতু দেৱীয়ে শিৱক দূত হিচাপে পঠিয়াইছিল, সেয়েহে তেওঁৰ নাম শিৱদুতি ৰখা হৈছিল। মাৰ্কণ্ডেয় পুৰাণতো একেধৰণৰ কিংবদন্তি বৰ্ণনা কৰা হৈছে।৩
তথ্যসূত্ৰ
- ↑ Dasgupta, Prof Sashi Bhusan; Math), Advaita Ashrama (A Publication House of Ramakrishna Math, Belur. Evolution of Mother Worship in India. Advaita Ashrama (A publication branch of Ramakrishna Math, Belur Math). পৃ. 43. ISBN 978-81-7505-886-6
- ↑ Vanamali. (2008-07-21). Shakti: Realm of the Divine Mother. Simon and Schuster. পৃ. 252. ISBN 978-1-59477-785-1
- ↑ (2019-10-24). The Markandeya Purana. Penguin Random House India Private Limited. পৃ. 403. ISBN 978-93-5305-671-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱদুতি” প্ৰবন্ধৰ সংশোধন ৪৭৬৩২৭ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।