মোধেশ্বৰী মাতা (গুজৰাটী ভাষা: મોઢેશ્વરી) হৈছে এগৰাকী হিন্দু দেৱী। তেওঁক শিৱৰ পত্নী দেৱী পাৰ্বতী বা মহাকালীৰ এটা স্বৰূপ বুলি কোৱা হয়। গুজৰাটৰ মোধ সম্প্ৰদায়ৰ লোক সকলৰ বংশ দেৱতা হিচাপে মোধসকলৰ দ্বাৰা তেওঁৰ পূজা কৰা হয়।
পৌৰাণিক কাহিনী
পৌৰাণিক আখ্যান অনুসৰি মোধেশ্বৰী দেৱীক সাধু মাতংগ মুনিয়ে পূজা-অৰ্চনা কৰিছিল। সেয়ে ঋষি মাতংগৰ নাম অনুসৰি তেওঁক মাতংগী মোধেশ্বৰী বুলিও কোৱা হয়। প্ৰচলিত প্ৰবাদ অনুসৰি এই অঞ্চলত অসুৰ কৰ্ণাটে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল আৰু ব্ৰাহ্মণসকলৰ পূজা-পাতলত নানান অত্যাচাৰ কৰিছিল। অসুৰৰ পৰা ৰক্ষা বিচাৰি ব্ৰাহ্মণ-বৈশ্যই একেলগে পাৰ্বতী মাতাৰ ওচৰলৈ গ’ল। তেওঁলোকৰ অভিযোগ শুনি দেৱীৰ খং উঠিল আৰু তেওঁৰ মুখৰ পৰা প্ৰচণ্ড জুই শিখা নিৰ্গত হ'বলৈ ধৰিলে, ইয়াৰ ফলত তেওঁ দেৱী মোধেশ্বৰী নামেৰে পৰিচিত এটা স্বৰূপৰ জন্ম হ’ল। দেৱীয়ে সেই অসুৰক বধ কৰি মোধ সম্প্ৰদায়ক আশীৰ্বাদ প্ৰদান কৰি তেওঁক পূজা কৰাসকলক সদায় ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। দেৱীৰ এই অৱতাৰৰ আঠাইশখন হাত আছে বুলি কোৱা হয় আৰু এই হাত সমূহৰ প্ৰত্যেকতে অস্ত্ৰ আছে; এইসমূহৰ ভিতৰত ত্ৰিশূলক আটাইতকৈ বিশিষ্ট অস্ত্ৰ বুলি কোৱা হয়।১
দেৱীৰ স্বৰূপ
দেৱীৰ আঠাইশটা বাহু অৰ্থাৎ হাত থকা বুলি চিত্ৰিত কৰা হৈছে, প্ৰত্যেক হাততে এবিধকৈ অস্ত্ৰ আছে, সেই সমূহৰ ভিতৰত আছে ত্ৰিশুল, খড়গ, তাৰোৱাল, কমণ্ডলু, শংখ, গদা, ফাণ্ড, দণ্ড, ডম্বৰু আদি।
বংশ দেৱতা
ব্ৰাহ্মণ সকলৰ মোধ ব্ৰাহ্মণ, পেটেলৰ মধ পাতিদাৰ, মধ বৈষ্ণৱ আৰু মোধ ক্ষত্ৰিয় নামেৰে এই চাৰিটা গোটৰে গঠিত মধ সম্প্ৰদায়ৰ তেওঁ বংশ দেৱতা। এইসকল আটাইবোৰেই মধেৰা অঞ্চলৰ (মোধেৰা) বাসিন্দা আছিল। এই মধ সকল আধুনিক গুজৰাট আৰু ৰাজস্থানত বাস কৰে। মধ ব্ৰাহ্মণৰ এটা সাধাৰণ উপাধি হৈছে ত্ৰিবেদী,মেহতা।
মন্দিৰ
মধেশ্বৰী দেৱীৰ প্ৰাচীন মন্দিৰ সমূহৰ ভিতৰত এটা মন্দিৰ মধেৰাত অৱস্থিত,২ আৰু এই মন্দিৰৰ নাম দেৱী নামৰ পৰাই পোৱা গৈছে।৩ আহমেদাবাদৰ পৰা ৯৮ কিলোমিটাৰ দূৰত্বত শ্ৰী মোধেশ্বৰী মাতা মন্দিৰটো অৱস্থিত। যিটো দেৱতা সূৰ্য্যৰ প্ৰতি উৎসৰ্গিত বিখ্যাত সূৰ্য্য মন্দিৰ (চান টেম্পল)-ৰ ধ্বংসাৱশেষৰ কাষতে অৱস্থিত। ইয়াৰ ষ্টেপ-ৱেলৰ (পানীৰ বাবে খন্দোৱা ডাঙৰ কুৱা) তলত আন এটা মৌলিক উপাসনা স্থান অৱস্থিত।৩
গুজৰাটৰ পতন তালুকাৰ চানাছামাত আন এটা প্ৰাচীন মন্দিৰ অৱস্থিত।২
আহমেদাবাদ, ভাৰুচ, ভৱনগৰ, ভুজ, ঝাবুৱা, খেদব্ৰহ্ম, সিংহোৰ, তেৰা, উজ্জয়িন আৰু বদোদৰাত দেৱীৰ উল্লেখযোগ্য মন্দিৰ আছে।৪
তথ্যসূত্ৰ
- ↑ Modheswari Ma's Pragatya
- ↑ Gujarat State Gazetteers: Mehsana - Page xxiv
- ↑ Sajnani, Manohar. (2001). Encyclopaedia of Tourism Resources in India, Volume 2 By Manohar Sajnani. পৃ. 112. ISBN 9788178350189
- ↑ Temples of Modheswar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোধেশ্বৰী মাতা” প্ৰবন্ধৰ সংশোধন ৩৮৫৭৭১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।