অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

সুস্বানী মাতাজী

সুস্বাণী মাতাজী (ইংৰাজী: Suswani Mataji) ভাৰতৰ ৰাজস্থান ৰাজ্যত জনপ্ৰিয় এগৰাকী আঞ্চলিক হিন্দু আৰু জৈন দেৱী। তেওঁক সুসানী মাতা বা সুস্বাণী মাতা বুলিও কোৱা হয় তেওঁক দেৱী দুৰ্গাৰ অৱতাৰ হিচাপে গণ্য কৰা হয় আৰু বহুতো জৈন আৰু হিন্দু সম্প্ৰদায়ে তেওঁক পূজা কৰে।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৫ ৬৯৬ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সুস্বাণী মাতাজী (ইংৰাজী: Suswani Mataji) ভাৰতৰ ৰাজস্থান ৰাজ্যত জনপ্ৰিয় এগৰাকী আঞ্চলিক হিন্দু আৰু জৈন দেৱী।১ তেওঁক সুসানী মাতা বা সুস্বাণী মাতা বুলিও কোৱা হয় তেওঁক দেৱী দুৰ্গাৰ অৱতাৰ হিচাপে গণ্য কৰা হয় আৰু বহুতো জৈন আৰু হিন্দু সম্প্ৰদায়ে তেওঁক পূজা কৰে।২৩

মন্দিৰ

ৰাজস্থানৰ বিকানেৰ জিলাৰ মৰ্খানাত সুস্বাণী মাতাৰ মূল মন্দিৰ অৱস্থিত।৪৫ ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ প্ৰতিবেদন মতে শিলালিপি অনুসৰি বিক্ৰম সংবতৰ ১২২৯ চনত (১১৭৩–৭৪ খ্ৰীষ্টাব্দ)৬ নিৰ্মিত এই মন্দিৰটো এই অঞ্চলৰ আটাইতকৈ পুৰণি মন্দিৰসমূহৰ ভিতৰত অন্যতম।৭৮ মন্দিৰটোৰ চৌহদটোত এজোপা কৈৰা গছো আছে আৰু এয়া সুস্বাণী মাতা সিংহত উঠি পৃথিৱীত প্ৰৱেশ কৰাৰ কিংবদন্তিৰ এটা অংশ বুলি বিশ্বাস কৰা হয়। কিংবদন্তিত উল্লেখ কৰা অনুসৰি ওচৰতে এটা পুৰণি শিৱ মন্দিৰ আছে য'ৰ পৰা শিৱই এপাত চিম্‌টা দলিয়াই বৰ্তমানৰ কৈৰা গছজোপাৰৰ সৈতে পৃথিৱীখন দুটা ভাগত বিভক্ত কৰি পেলোৱা বুলি ধাৰণা কৰা হয়।৯১০ ইয়াৰ উপৰিও আন এক শিলালিপিত উল্লেখ কৰা হৈছে যে বিক্ৰম সংবতৰ ১৫৭৩ চনত (১৫১৮ খ্ৰীষ্টাব্দ) সুৰাণা হেমা ৰাজাই মন্দিৰটো মেৰামতি কৰিছিল।৭ সুস্বাণী মাতাক ৰাজস্থানী জৈন সম্প্ৰদায়ৰ সুৰাণা,১১ ডুগাৰ আৰু শংখলা উপগোত্ৰৰ দৰে বহু জৈন ফৈদৰ কুলদেৱী হিচাপে পূজা কৰা হয়।১১২ জৈন, হিন্দু আৰু শাক্ত ধৰ্মত এই মন্দিৰটোক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে।১৩১৪

কিংবদন্তী

দেৱী অম্বে সুস্বাণী মাতা হিচাপে অৱতাৰ লৈ নগৌড়ৰ শ্ৰী ছেঠ সতীদাসজী আৰু শ্ৰীমতী সুগনকোঁৱৰজীৰ ঘৰত জন্ম লাভ কৰিছিল।১৫ মাত্ৰ ১০ বছৰ বয়সতে তেওঁৰ বিবাহ ধাৰ্য কৰা হৈছিল। সুস্বাণী দেখিবলৈ খুব ধুনীয়া আছিল। বিবাহৰ পূৰ্বৰ অনুষ্ঠানৰ দিনা নগৌড়ৰ নবাবে তেওঁৰ সৌন্দৰ্য্যত মোহিত হৈ তেওঁৰ প্ৰেমত পৰিছিল। নবাবে দেউতাকৰ সন্মুখত 'সুস্বাণী'ক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল যদিও দেউতাকে কৈছিল সুস্বাণী মাতা অম্বেৰ অৱতাৰ আৰু তেনে শৰীৰক দান কৰিবলৈ তেওঁৰ ক্ষমতা নাই বুলি তেওঁ সেই অনুৰোধ প্ৰত্যাখ্যান কৰিছিল। হিন্দু আৰু মুছলমানৰ মাজত বৈবাহিক সম্পৰ্ক সম্ভৱ নহয় বাবে তাইৰ দেউতাকে এই প্ৰস্তাৱ নাকচ কৰিছিল। নবাবে ক্ষোভিত হৈ গোটেই পৰিয়ালটোক হত্যাৰ ভাবুকি দি ছেঠ সতীদাসক কাৰাগাৰত ভৰাই থয়। এই সমগ্ৰ ঘটনাৰ বাবে পৰিয়ালে সুস্বাণীক দোষাৰোপ কৰে। সুস্বাণীয়ে বিচলিত হৈ অৰিহন্তৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰে আৰু তেনেকৈয়ে টোপনিত পৰে।

নিদ্ৰামগ্ন অৱস্থাত সুস্বাণীয় সপোনত দেখিলে এক উজ্জ্বল মূৰ্তি তেওঁৰ সন্মুখত আৱিৰ্ভাৱ হৈ তেওঁক চিন্তা নকৰিবলৈ আশ্বাস দিছিল। যদিহে নবাবে তেওঁ নিৰ্ধাৰণ কৰা চৰ্ত পূৰণ কৰে তেতিয়া তেওঁ নবাবৰ সৈতে বিয়াত বহিব বুলি নবাবক জনাবলৈ মূৰ্তিটোৱে সুস্বাণী কয়। মূৰ্তিটোৱে দিয়া চৰ্ত আছিল যে, "সুস্বাণী নবাবৰ পৰা ৭ ফুট দূৰত্বত থাকিব আৰু খালী ভৰিৰে বা ঘোঁৰাত উঠি নবাবে সুস্বাণীক অনুসৰণ কৰি ধৰিব লাগিব। অৱশ্যে মূৰ্তিটোৱে তেওঁক আশ্বাস দিয়ে যে নবাবে কেতিয়াও তেওঁক ধৰিব নোৱাৰিব।

এই সপোনৰ প্ৰমাণ স্বৰূপে ৰাতিপুৱা তেওঁৰ পৰিয়ালৰ সকলো লোকৰ কপালত গেৰুৱা তিলক থাকিব বুলি কৈ মূৰ্তিটো অদৃশ্য হৈ যায়। সুস্বাণীয়ে সাৰ পাই মাকৰ আগত সমগ্ৰ সপোনটো বৰ্ণনা কৰি পৰিয়ালৰ সকলো লোকৰ কপালত গেৰুৱা তিলক দেখা পাই সপোনতো সঁচা বুলি বিশ্বাস কৰে।

ইয়াৰ পিছত ঘৰৰ সকলো সদস্য আস্বস্ত হয় আৰু নবাবলৈ বাৰ্তা প্ৰেৰণ কৰে। নবাবে তেওঁৰ চৰ্তত সন্মতি প্ৰদান কৰে আৰু অত্যন্ত সুখী অনুভৱ কৰে। ছেঠজীক কাৰাগাৰৰ পৰা মুক্ত প্ৰদান কৰা হয়। অতি সোনকালেই নবাব কেইজনমান সৈনিকৰ সৈতে ছেঠজীৰ ঘৰত উপস্থিত হয়। ঘৰৰ সন্মুখৰ দুৱাৰৰ ওচৰৰ বেৰত সুস্বাণীয়ে কুমকুম (সেন্দূৰ) লগোৱা হাতৰ ছাপ এৰি থৈ দৌৰিবলৈ আৰম্ভ কৰে। চৰ্ত অনুসৰি দুষ্ট নবাবে খোজকাঢ়ি বা ঘোঁৰাত উঠি ৭ ফুট আঁতৰৰ পৰা তেওঁক ধৰিবলৈ আগবাঢ়ি যায়।১৬১৭

ঘোঁৰাত উঠি খেদি যোৱা সত্ত্বেও নবাবে তেওঁক ধৰিব নোৱাৰিলে। তেওঁ দৌৰি থাকিল আৰু ভাগৰি পৰিবলৈ ধৰিলে, তাই সহায়ৰ বাবে প্ৰাৰ্থনা আৰম্ভ কৰিলে। লগে লগে এটা সিংহৰ আবিৰ্ভাৱ হ’ল আৰু তেওঁ সেই সিংহৰ ওপৰত আৰোহণ কৰি বৰ্তমানৰ বিকানেৰ জিলাৰ মৰ্খানা গাঁৱলৈকে দৌৰি গৈ থাকিল। তাতে তেওঁ এটা শিৱৰ মন্দিৰ দেখি সহায়ৰ বাবে প্ৰাৰ্থনা কৰিলে। শিৱই তাইৰ সন্মুখত আবিৰ্ভাৱ হৈ মন্দিৰৰ সন্মুখত থকা কেৰা গছ এজোপালৈ চিম্‌টা এপাত দলিয়াই দিলে। সুস্বাণী সেই ঠাইত উপস্থিত হোৱাৰ লগে লগে বজ্ৰৰ দৰে শব্দ কৰি কেৰা গছ আৰু পৃথিৱী দুভাগ হৈ পৰিল। সুস্বাণী সিংহটোৰ সৈতে পৃথিৱী গৰ্ভত প্ৰৱেশ কৰিলে আৰু পৃথিৱীৰ ফাঁটটো আকৌ বন্ধ হৈ যায়, তাইৰ শাৰীৰ এটা সৰু অংশ বাহিৰত ৰৈ যায়।১৮ নবাব আৰু তেওঁৰ বন্ধুসকলে শাৰীৰ আগটোৰ বাবে যুঁজি ইজনে সিজনক হত্যা কৰে। মৰ্খানাৰ ঐশ্বৰিক মন্দিৰত এতিয়াও জাতিষ্কাৰ হৈ থকা কেৰা গছ এই ঘটনাৰ সাক্ষী বুলি গণ্য কৰা হয়।৯ ১৯

পৰ্তী সময়ত ছেঠ সতীদাস ছুৰাণৰ কনিষ্ঠ ভাতৃ মালহাদাস ছুৰাণে এটা সপোন দেখিছিল যে সুস্বাণীয়ে দেৱী ৰূপত তেওঁ পৃথিৱীত প্ৰৱেশ কৰা ঠাইত এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল। টকাৰ অভাৱত তেওঁ মন্দিৰ নিৰ্মাণ কৰিবলৈ অক্ষমতা প্ৰকাশ কৰে। তেতিয়া দেৱীয়ে তেওঁৰ গোহালীত লুকাই থকা ধনৰ কথা কয়। সেই ধনৰ সহায়ত মালহাদাসে এটা মন্দিৰ, এটা কুঁৱা আৰু এটা গোহালী নিৰ্মাণ কৰিছিল।২০

বিশিষ্ট মন্দিৰ

মৰ্খানাৰ মুখ্য মন্দিৰৰ উপৰিও সুস্বাণী মাতাৰ প্ৰধান মন্দিৰসমূহ নগৌড় (ৰাজস্থান), যোধপুৰ (ৰাজস্থান), ৰাজাৰহাট (পশ্চিম বংগ), ভিলুপ্পুৰম (তামিলনাডু), আট্টিবেলে (কৰ্ণাটক), আন্দাৰছুল (মহাৰাষ্ট্ৰ), কানৱালিয়াছ (ৰাজস্থান)ত অৱস্থিত।২১

তথ্যসূত্ৰ

  1. ↑ Singh, Chandramani; Mayaram, Arvind; Gupta, Rekha. (2002). Protected Monuments Of Rajasthan. Jawahar Kala Kendra. পৃ. 127, 355. ISBN 9788186782606
  2. ↑ Babb, Lawrence A.; Cort, John E.; Meister, Michael W. (2008). Desert Temples: Sacred Centers of Rajasthan in Historical, Art-historical, and Social Context. Rawat Publications. ISBN 9788131601068
  3. ↑ Jain, Chhotelal; Banerjee, Satya Ranjan. (1982). Chhotelal Jain's Jaina Bibliography. Vir Sewa Mandir
  4. ↑ Singh, Rajvi Amar. (1992). Mediaeval History of Rajasthan: Western Rajasthan. Rajvi Amar Singh
  5. ↑ 4m6! 1m3! 3m2! 1s0x39155416b8bb9b8d:0x51c7722f52bb3bd8! 2sMaa+Suswani+Mata+Temple+Morkhana,+Morkhana,+Rajasthan+334202! 3m1! 1s0x39155416b8bb9b8d:0x51c7722f52bb3bd8 Shri Suswani Mata Morkhana Dham. Google Maps
  6. ↑ JAIN, DR A. N. UPADHYE & DR H. L. (1963). JAINISM IN RAJASTHAN. পৃ. 134
  7. ↑ India, Archaeological Survey of; Marshall, Sir John Hubert. (1973). Annual Report. Office of the Superintendent of Government Printing. পৃ. 21, 37
  8. ↑ People, India Parliament House of the; Sabha, India Parliament Lok. (2005-08-18). Lok Sabha Debates. Lok Sabha Secretariat
  9. ↑ Somānī, Rāmavallabha. (1996). Temples of Rajasthan. Publication Scheme. পৃ. 112. ISBN 9788185263878
  10. ↑ (1995). Āpaṇī dharatī, āpaṇā loga: Bīkānera rī dharatī ara uṇa rā sapūta. Mimajhara
  11. ↑ History of Oswals. Panchshil Publications. ISBN 9788192373027
  12. ↑ Bhattacharyya, Narendra Nath. (1996). History of the Śākta Religion. Munshiram Manoharlal Publishers Pvt. Limited. পৃ. 150. ISBN 9788121507134
  13. ↑ People, India Parliament House of the. (2008). Parliamentary Debates: Official Report. Lok Sabha Secretariat. পৃ. 251
  14. ↑ Press, Digital. GK General Knowledge Rajasthan RPSC Previous year questions: Digital Press. by DIGITAL PRESS
  15. ↑ (2016-11-02). सुसवाणी माता मंदिर, कथा व इतिहास – Mission Kuldevi – Indian Castes and their Gods. Mission Kuldevi – Indian Castes and their Gods
  16. ↑ Lodha, Shri Chanchal Mal Sa. History of Oswals. iprakashan
  17. ↑ Suswani Mata Story. www.suswanimaavpm.org/about
  18. ↑ Goetz, Hermann. (1950). The Art and Architecture of Bikaner State. Published for the Government of Bikaner State and the Royal India and Pakistan Society by B. Cassirer. পৃ. 49, 50, 58
  19. ↑ Suswani Mata Story. usa.playoffsport.com
  20. ↑ Rssuthar Jaisalmer. (2017-12-26). सुसवाणी माता का मन्दिर व ऐतिहासिक मूर्तियाँ Morkhana Suswani mata VID_20151109_110643
  21. ↑ Rishab Dugar Jain. 3m1! 4b1! 4m2! 11m1! 2s1cEC8vLRpnh3bqm1dUBt_42oo5X0 Shri Suswani Mata ji Temples. Shri Suswani Mata ji Temples

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুস্বানী মাতাজী” প্ৰবন্ধৰ সংশোধন ৫৬২৩২৯ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।