অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মিত্ৰবিন্দা

মিত্ৰবিন্দা (Mitravinda) হৈছে দেৱতা শ্ৰীবিষ্ণুৰ অৱতাৰ আৰু দ্বাপৰ যুগৰ দ্বাৰকাৰ ৰজা তথা কৃষ্ণৰ আঠজন প্ৰধান অষ্টভাৰ্যাৰ ষষ্ঠতম ৰাণী।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মিত্ৰবিন্দা (Mitravinda) হৈছে দেৱতা বিষ্ণুৰ অৱতাৰ আৰু দ্বাপৰ যুগৰ দ্বাৰকাৰ ৰজা তথা কৃষ্ণৰ আঠজন প্ৰধান অষ্টভাৰ্যাৰ ষষ্ঠতম ৰাণী।১

পৰিয়াল আৰু নামসমূহ

পুৰাণত মিত্ৰবিন্দাক অৱন্তী ৰাজ্যৰ ৰজা জয়সেনাৰ কন্যা বুলি বৰ্ণনা কৰা হৈছে।

বিষ্ণু পুৰাণত মিত্ৰবিন্দাক শৈব্যা বা শৈভ্যা (অৰ্থ: ৰজা শিৱীৰ কন্যা/বংশধৰ) বুলি কোৱা হৈছে। বিষ্ণু পুৰাণৰ ভাষ্যকাৰ ৰত্নাগৰ্ভাই মিত্ৰবিন্দাক কৃষ্ণৰ আন এগৰাকী মুখ্য ৰাণী কালিন্দীৰ সৈতে চিনাক্ত কৰে।

হৰিবংশত, তেওঁক শিৱীৰ জীয়ৰী (বা পিতৃবংশী বংশধৰ) সুদত্ত বুলি কোৱা হৈছে।২ তেওঁ এগৰাকী অতি সৎ, মহৎ আৰু ৰূপৱতী কন্যা আছিল।৩ ভাগৱত পুৰাণত বৰ্ণনা কৰা মতে, তেওঁৰ দুগৰাকী ভাতৃ আছিল যাৰ নামবোৰ ক্ৰমে বিন্দ (বিন্দ্য) আৰু অনুবিন্দ (অনুবিন্ধ্য) আছিল যিয়ে মিত্ৰবিন্দাৰ বিয়াৰ সময়ত অৱন্তীত সহ-শাসক হিচাপে শাসনভাৰ চলাইছিল। তেওঁলোক কৌৰৱসকলৰ নেতা দুৰ্যোধনৰ সহকৰ্মী আছিল। সেয়েহে তেওঁলোকে মিত্ৰবিন্দাই কৃষ্ণৰ সৈতে বিয়া হোৱা ধাৰণাটোৰ বিৰোধিতা কৰিছিল, কিয়নো তেওঁ কুন্তী পুত্ৰ পাণ্ডৱ আৰু কৌৰৱৰ প্ৰতিদ্বন্দ্বীসকলৰ সৈতে সম্পৰ্ক ৰাখিছিল।৪৫৬

বিবাহ

পুৰাণত কৃষ্ণৰ আৰু মিত্ৰবিন্দাৰ বিবাহৰ সম্বন্ধে বৰ্ণনা চমুকৈ পোৱা যায়। তেওঁ স্বয়ংবৰ অনুষ্ঠানত কৃষ্ণক তেওঁৰ স্বামী হিচাপে বৰণ কৰে। কিন্তু তেওঁৰ ভাতৃসকলে ইয়াক ভাল নাপায় আৰু বিয়াখন নিষিদ্ধ কৰে। তেওঁলোকে কৌৰৱসকলৰ বাহিনীৰ সৈতে যোগদান কৰে আৰু কৃষ্ণৰ বিৰূদ্ধে যুঁজ দিয়ে। শ্ৰীকৃষ্ণই ৰাজকুমাৰসকলক পৰাজিত কৰি মিত্ৰবিন্দাক বলপূৰ্বক তাৰ পৰা আঁতৰাই লৈ যায়।৭৩৫ ভাগৱত পুৰাণৰ বল্লভাচাৰ্যৰ ভাষ্যত মিত্ৰবিন্দা আৰু কৃষ্ণই ইজনে সিজনৰ প্ৰতি গভীৰ প্ৰেম আছিল, কিন্তু তেওঁৰ ভাতৃ আৰু দেউতাকে তাৰ বিৰোধিতা কৰিছিল আৰু দুৰ্যোধনক তেওঁৰ স্বামীৰ বাবে বিবেচনা কৰিছিল। তেওঁৰ দেউতাকে স্বামী বাছনি কৰাৰ বাবে এটা স্বয়ংবৰ অনুষ্ঠানৰ আয়োজন কৰিছিল; য’ত দুৰ্যোধনকে ধৰি সকলো ৰাজকুমাৰ সেই অনুষ্ঠানত উপস্থিত আছিল। যেতিয়া শ্ৰীকৃষ্ণ স্বয়ংবৰ অনুষ্ঠানলৈ আহিছিল তেতিয়া মিত্ৰবিন্দই কৃষ্ণক তেওঁৰ সমস্যাৰ বিষয়ে অৱগত কৰিছিল আৰু তেওঁক অপহৰণ কৰিবলৈ অনুৰোধ কৰিছিল। মিত্ৰবিন্দাৰ ইচ্ছা অনুযায়ী, কৃষ্ণই তেওঁক স্বয়ংবৰ অনুষ্ঠানৰ পৰা অপহৰণ কৰিছিল। শ্ৰীকৃষ্ণক তেওঁৰ ভাতৃ, দুৰ্যোধন আৰু আন ৰাজকুমাৰে প্ৰত্যাহ্বান জনাইছিল যিসকলে মিত্ৰবিন্দাক বিয়া কৰাব বিচাৰিছিল। কৃষ্ণই তেওঁলোকক সকলোকে পৰাজিত কৰি মিত্ৰবিন্দাক দ্বাৰকালৈ লৈ গৈছিল। আৰু আনুষ্ঠানিকভাৱে তেওঁক বিয়া কৰাইছিল৷৬

পৰৱৰ্তী জীৱন

কৃষ্ণ আৰু তেওঁৰ ৰাণীসকলে এবাৰ হস্তিনাপুৰলৈ গৈ কুন্তী দেৱী, তেওঁৰ পুত্ৰ পাণ্ডৱসকলক আৰু পাঁচ পাণ্ডৱৰ পত্নী দ্ৰৌপদী লগ কৰিবলৈ গৈছিল। কুন্তীৰ নিৰ্দেশনা মতে, দ্ৰৌপদীয়ে মিত্ৰবিন্দা আৰু আন ৰাণীসকলক উপহাৰ দি পূজা আৰু সন্মান প্ৰদৰ্শন কৰিছিল। মিত্ৰবিন্দাই দ্ৰৌপদীক শ্ৰীকৃষ্ণৰ সৈতে তেওঁৰ কেনেকৈ বিয়া হ’ল সেই বিষয়ে বৰ্ণনা কৰিছিল।৪৮৯

তথ্যসূত্ৰ

  1. ↑ Mani, Vettam. (1975). Puranic Encyclopaedia: a Comprehensive Dictionary with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass Publishers. পৃ. 62. ISBN 978-0-8426-0822-0
  2. ↑ Horace Hayman Wilson. (1870). The Vishńu Puráńa: a system of Hindu mythology and tradition. Trübner. পৃ. 79–82
  3. ↑ Five Ques married by Krishna. Krishnabook.com
  4. ↑ V. R. Ramachandra Dikshitar. (1995). The Purana Index. Motilal Banarsidass. পৃ. 705–. ISBN 978-81-208-1273-4
  5. ↑ Henk W. Wagenaar; S. S. Parikh; D. F. Plukker. (1993). Allied Chambers Transliterated HindiHindiEnglish Dictionary. Allied Publishers. পৃ. 995–. ISBN 978-81-86062-10-4
  6. ↑ Vallabhācārya. (2003). Śrīsubodhinī. Sri Satguru Publications. ISBN 978-81-7030-824-9
  7. ↑ Prabhupada. Bhagavata Purana 10.58. Bhaktivedanta Book Trust
  8. ↑ Prabhupada. Bhagavata Purana 10.71.41-42. Bhaktivedanta Book Trust
  9. ↑ Prabhupada. Bhagavata Purana 10.83. Bhaktivedanta Book Trust

সম্পৰ্কিত শ্ৰেণী

ভাগৱত পুৰাণৰ চৰিত্ৰহিন্দু কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিত্ৰবিন্দা” প্ৰবন্ধৰ সংশোধন ৬৩২০০৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।