পদ্ম (पद्म) হৈছে বিষ্ণুৱে ধাৰণ কৰা চাৰিটা বৈশিষ্ট্যৰ ভিতৰত অন্যতম।১ ইয়াৰ সৈতে জলভাগৰ ওপৰত অৱস্থিত বিষ্ণুৰ বাসস্থানৰ লগতে সৃষ্টি আৰু জন্মৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা জড়িত হৈ আছে।২৩
পৌৰাণিক আখ্যান
বিষ্ণু পুৰাণত কালৰ আৰম্ভণিতে বিষ্ণুৰ নাভিৰ পৰা ফুলি উঠা পদুমৰ মাজত ব্ৰহ্মাৰ সৃষ্টি হোৱা বুলি বৰ্ণনা কৰা হৈছে। পদ্ম বা পদুমক ধৰ্মৰ প্ৰতিনিধি, মহাজাগতিক নিয়মৰ লগতে বিশুদ্ধতাৰ প্ৰতিমূৰ্তি হিচাপে গণ্য কৰা হয়।৪৫
সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া লক্ষ্মীয়ে বিষ্ণুক সংগী হিচাপে নিৰ্বাচন কৰোঁতে পদুমৰ মালাৰে তেওঁক বৰণ কৰে। তেওঁক পদমমুখ বা পদ্মবদন বুলিও প্ৰশংসা কৰা হয়।৬৭
গজেন্দ্ৰ মোক্ষৰ আখ্যানত গজেন্দ্ৰ হস্তীয়ে গ্ৰাহৰ মুখৰ পৰা ৰক্ষা পাবলৈ বিষ্ণুক পদুম ফুলেৰে আৰাধনা কৰিছিল।৮
বিষ্ণুক সাধাৰণতে তলফালৰ বাওঁহাতত পদুম ফুল ধাৰণ কৰা ৰূপত চিত্ৰিত কৰা হয়। আনহাতে তেওঁৰ অৰ্ধাংগিনী লক্ষ্মীয়ে সোঁহাতত পদুম ফুল ধাৰণ কৰে আৰু তেওঁকো সাধাৰণতে পদুম ফুলৰ ওপৰত বহি থকাৰ ৰূপত চিত্ৰিত কৰা হয়।৯
এটা শৈৱ কিংবদন্তিত বিষ্ণুৱে ১০০৮পাহ পদুম ফুলেৰে শিৱক পূজা কৰা বুলি বৰ্ণনা কৰা হৈছে। তেওঁক পৰীক্ষা কৰিবলৈ শিৱই এপাহ পদুম লুকুৱাই ৰাখে। কিন্তু সৰ্বজ্ঞানী বিষ্ণুৱে নিজৰ কমল নয়নৰ এটা চ্ছেদ কৰি শিৱলিংগৰ ওপৰত ৰাখে। এই কাৰ্যত সন্তুষ্ট হৈ শিৱই তেওঁক সুদৰ্শন চক্ৰ উপহাৰ দিয়ে।১০
প্ৰতীকবাদ

পদুম ফুলৰ সৈতে বিষ্ণুৰ সম্পৰ্কটো তেওঁৰ অৰ্ধাংগিনী দেৱী লক্ষ্মীৰ প্ৰতীকত পদুম ফুলৰ উপস্থিতিৰ পৰাই উদ্ভৱ হৈছে বুলি বিশ্বাস কৰা হয়। লক্ষ্মীৰ বাবে ই পানী আৰু উৰ্বৰতাক প্ৰতিনিধিত্ব কৰিছিল। পঞ্চম বা ষষ্ঠ শতিকাৰ বিষ্ণুৰ ভাস্কৰ্য্যসমূহত পদ্মনাভ (পদুমৰ দৰে নাভি থকাজন), পুণ্ডৰিকাক্ষ (পদুমৰ দৰে চকু থকাজন), আৰু পদ্মপানি (হাতত পদুম ফুল ধাৰণ কৰাজন) আদি নামৰ আধাৰত তেওঁক পদুম ফুল ধাৰণ কৰা দেখা যায়। শিৰৰ পৰা পদুম ফুল গজি উঠা নৰসিংহৰ প্ৰতিমূৰ্তি ষষ্ঠ শতিকাৰ মাজভাগৰ। বিষ্ণুৰ হাতত থকা শংখ আৰু পদুম ফুলে জলৰ লগত তেওঁৰ উৰ্বৰ কাৰক সম্পৰ্ক আৰু মহাজাগতিক প্ৰতীক দুয়োটা ৰূপ সূচায়। শংখ আৰু পদুম আটাইতকৈ শুভ প্ৰতীকসমূহৰ ভিতৰত অন্যতম। পদুম পৃথিৱীৰ প্ৰতীক আৰু আনকি ইয়াত বিশ্বব্ৰহ্মাণ্ড থকা বুলি কোৱা হয়। বিষ্ণুধৰ্মোত্তৰত বিশেষভাৱে উল্লেখ আছে যে বিষ্ণুৰ নাভিৰ পৰা ওলোৱা পদুমপাহ পৃথিৱীৰ প্ৰতীক। আনহাতে ইয়াৰ ঠাৰিডালে বিশ্বব্ৰহ্মাণ্ডৰ অক্ষ দৈৱিক পৰ্বত মেৰুক প্ৰতিনিধিত্ব কৰে। বিষ্ণুৰ হাতত ই জলৰ প্ৰতীক, আৰু দেৱী লক্ষ্মীৰ হাতত ধন-সম্পত্তিৰ প্ৰতীক।১১ বিষ্ণু আৰু ভূদেৱীৰ বৰাহ অৱতাৰৰ এক তৃতীয় শতিকাৰ ভাস্কৰ্যও আৱিষ্কাৰ কৰা হৈছে। ভূদেৱীয়ে পদুম এপাহৰ ওপৰত থিয় হৈ আছে, আনহাতে বৰাহে বাওঁহাতেৰে পদুমৰ কলি এটা ধাৰণ কৰিছে যাতে তেওঁৰ পৃথিৱীখন অনায়াসে ধৰি ৰখাৰ কাৰ্য্যক প্ৰতিনিধিত্ব কৰে।১২
সাহিত্য
বৈষ্ণৱ শ্লোকসমূহত পদ্মক বিষ্ণু বা নাৰায়ণৰ বৈশিষ্ট্য হিচাপে প্ৰায়ে উল্লেখ কৰা হয়।১৩১৪
বিষ্ণুৰ বৈশিষ্ট্যৰ নামেৰে নামকৰণ কৰা ওঠৰখন প্ৰধান পুৰাণৰ ভিতৰত পদ্মপুৰাণ অন্যতম।
তথ্যসূত্ৰ
- ↑ Easwaran. (2017-10-17). Vishnu and His 1000 Names. Jaico Publishing House. ISBN 978-93-86348-87-6
- ↑ (1968). The Burlington Magazine. পৃ. 629–631
- ↑ Kenoyer; Heuston, Kimberley Burton. (2005). The Ancient South Asian World. Oxford University Press. পৃ. 93. ISBN 978-0-19-522243-2
- ↑ Pattanaik. (2003-04-24). Indian Mythology: Tales, Symbols, and Rituals from the Heart of the Subcontinent. Inner Traditions / Bear & Co. ISBN 978-0-89281-870-9
- ↑ Krishna. (June 2010). The Book of Vishnu. Penguin Books India. পৃ. 24. ISBN 978-0-14-306762-7
- ↑ Bhagat. (2016-09-18). Shrimad Bhagavata Purana. Lulu Press, Inc. পৃ. 83. ISBN 978-1-365-40462-7
- ↑ Debroy. (2022-06-30). Vishnu Purana. Penguin Random House India Private Limited. পৃ. 52. ISBN 978-93-5492-661-7
- ↑ Mukherjee. (2012-12-25). Temples of Bengal. Aesthetics Media Services. পৃ. 22
- ↑ Ph.D. (2016-06-13). Krishna in History, Thought, and Culture: An Encyclopedia of the Hindu Lord of Many Names: An Encyclopedia of the Hindu Lord of Many Names. ABC-CLIO. পৃ. 123. ISBN 978-1-61069-211-3
- ↑ Vanamali. (2013-10-04). Shiva: Stories and Teachings from the Shiva Mahapurana. Simon and Schuster. ISBN 978-1-62055-249-0
- ↑ Art; Pal, Pratapaditya. (1986-01-01). Indian Sculpture: Circa 500 B.C.-A.D. 700. University of California Press. পৃ. 41. ISBN 978-0-520-05991-7
- ↑ Art; Pal, Pratapaditya. (1986-01-01). Indian Sculpture: Circa 500 B.C.-A.D. 700. University of California Press. পৃ. 198. ISBN 978-0-520-05991-7
- ↑ (1901). The Brahmavâdin. M.C. Alasingaperumal. পৃ. 101
- ↑ Sasidharan. (2020-04-08). Not Many, But One Volume I: Sree Narayana Guru's Philosophy of Universal Oneness. Penguin Random House India Private Limited. পৃ. 159. ISBN 978-0-14-349759-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্ম (বিষ্ণু)” প্ৰবন্ধৰ সংশোধন ৩৮৫৩১৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।