হাংৰি আন্দোলন
৮ প্ৰবন্ধ
-
শক্তি চট্টোপাধ্যায়
শক্তি চট্টোপাধ্যায় বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। ১৯৩৪ চনৰ ২৫ নভেম্বৰ তেওঁৰ জন্ম; মৃত্যু ১৯৯৫ চনৰ ২৩ মাৰ্চ। ১৯৮৩ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
সমীৰ ৰায়চৌধুৰী
সমীৰ ৰায়চৌধুৰী বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ, ঔপন্যাসিক আৰু সম্পাদক। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতা তেওঁৰ সাহিত্যবোৰে উত্তৰ আধুনিক বঙালী সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ১৯৩৩ চনৰ ১ নৱেম্বৰত উত্তৰ চব্বিশ পৰগণাত ( পানিহাটি ) তেওঁৰ জন্ম হয়।
-
বিনয় মজুমদাৰ
বিনয় মজুমদাৰ বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। তেওঁৰ জন্ম ১৯৩৪ চনৰ ১৭ ছেপ্তেম্বৰ। মৃত্যু ২০০৬ চনৰ ১১ ডিচেম্বৰত। ২০০৫ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
বাসুদেৱ দাসগুপ্ত
বাসুদেৱ দাসগুপ্ত বাংলা ভাষাত হাংৰি আন্দোলনৰ ছুটি গল্পকাৰ আৰু উপন্যাসিক। ১৯৩৮ চনৰ ৩১ ডিচেম্বৰত তেঁওৰ জন্ম হয়। মৃত্যু: ২০০৫ চনৰ ৩১ আগস্ট।
-
মলয় ৰায়চৌধুৰী
মলয় ৰায়চৌধুৰী একেধাৰে কবি, উপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, প্ৰবন্ধকাৰ আৰু বঙালী ভাষাত হাংৰি আন্দোলনৰ গুৰি ধৰোতা।
-
সুবিমল বসাক
সুবিমল বসাক বঙালী ভাষাত হাংৰি আন্দোলনৰ চুটিগল্পকাৰ, উপন্যাসিক, কবি আৰু লোকগৱেষক।
-
উৎপলকুমাৰ বসু
উৎপলকুমাৰ বসু বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি আৰু গল্পকাৰ। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতাৰে লিখা তেওঁৰ কবিতাবোৰে উত্তৰ-আধুনিক বঙালী কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
-
ৰবীন্দ্ৰ গুহ
ৰবীন্দ্ৰ গুহ বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ জন্ম ১৯৩৪ চনৰ ২৫ অক্টোবৰ।