কেনেথ জেমছ পিচ (ইংৰাজী ভাষা: Kenneth James Peace) ১৯৬৩ চনৰ ২৮ ছেপ্টেম্বৰত পেইছলীত জন্মগ্ৰহণ কৰিছিল। তেওঁ এজন স্কটিছ সুৰকাৰ, সংগীতানুষ্ঠানৰ পিয়ানোবাদক আৰু দৃশ্যশিল্পী।
জীৱনী
জেমছ পিচৰ জন্ম ১৯৬৩ চনৰ ২৮ ছেপ্টেম্বৰত স্কটলেণ্ডৰ পেইছলীত হৈছিল।১২ তেওঁ তেওঁৰ শৈশৱৰ সৰহভাগ সময় স্কটলেণ্ডৰ পশ্চিমৰ সমুদ্ৰতীৰৰ ৰিজৰ্ট হেলেনচবাৰ্গত অতিবাহিত কৰিছিল। তেওঁৰ পৰিয়ালত বহুতো শিল্পী আছে (যেনে জন মেকঘি, John McGhie), আৰু তেওঁ বিংশ শতিকাৰ প্ৰথমাৰ্ধত নৃত্য সংগীতৰ জনপ্ৰিয় ৰচয়িতা ফেলিক্স বাৰ্ণছৰ (Felix Burns) সৈতেও জড়িত।১৩ তেওঁ আঠ বছৰ বয়সৰ পৰা পিয়ানো টিউচন লাভ কৰিছিল আৰু তেওঁৰ প্ৰথমবাৰৰ বাবে ৰাজহুৱা প্ৰদৰ্শন চৈধ্য বছৰ বয়সত হৈছিল, স্কট জোপলিনৰ (Scott Joplin) সংগীত পৰিৱেশন কৰিছিল। ষোল্ল বছৰ বয়সত তেওঁক ৰয়েল স্কটিছ একাডেমী অফ মিউজিক এণ্ড ড্ৰামাত (বৰ্তমান এই নামেৰে জনাজাত: ৰয়েল কনজাৰ্ভেট'য়াৰ অফ স্কটলেণ্ড, Royal Conservatoire of Scotland) সৰ্বকনিষ্ঠ পূৰ্ণ-সময়ৰ শিক্ষাৰ্থী হিচাপে ভৰ্তি কৰোৱা হয়।১২৩৪ ১৯৮৩ চনত তেওঁ গ্লাছগো বিশ্ববিদ্যালয়ৰ পৰা পিয়ানো শিক্ষণত বিএ ডিগ্ৰী লাভ কৰে।৪৫ পৰৱৰ্তী বছৰত তেওঁ আৰএছএএমডি অৰ্কেষ্ট্ৰাৰ সৈতে মেণ্ডেলছহ'নৰ পিয়ানো কনচাৰ্টো নং ১ বজোৱাৰ পিছত সংগীত প্ৰদৰ্শনত ডিপ্লোমা লাভ কৰে।১৬ আনুষ্ঠানিক অধ্যয়ন এৰি যোৱাৰ পিছত তেওঁ এজন পিয়ানোবাদক হিচাপে যথেষ্ট জনপ্ৰিয়তাত আছিল, আৰু তেওঁ ১৯৮৮-১৯৯১ চনত এডিনবাৰ্গত বাস কৰিছিল।১২
জেমছ পিচে ১৯৯১-২০০৯ চনলৈ জাৰ্মানীৰ বেড নাওহেইমত বাস কৰিছিল।৬৭৮ ১৯৯৮ চনৰ পৰা তেওঁ টেংগোৰ অধ্যয়ন কৰে, তেওঁৰ নিজৰ টেংগো-অনুপ্ৰেৰিত পিয়ানো ৰচনাসমূহৰ চিডি Tango escocés (স্কটিছ টেংগো) প্ৰস্তুত কৰে,৩৮৯ আৰু ২০০২ চনত তেওঁ ভিক্টোৰিয়া কলেজ অফ মিউজিকৰ সন্মানীয় সদস্য হয়।৩৮ একে বছৰতে তেওঁ ছেপ্টেম্বৰ/অক্টোবৰত উত্তৰ জাৰ্মানীৰ একক কনচাৰ্ট ভ্ৰমণলৈ যায় আৰু নৱেম্বৰত দূৰৰ প্ৰাচ্যলৈ যায় আৰু হংকঙত তেওঁৰ Tango XVII ৰ প্ৰথম প্ৰদৰ্শন কৰে।৮৯১০১১১২
পৰৱৰ্তী বছৰবোৰত তেওঁৰ প্ৰদৰ্শন ইউৰোপত কেন্দ্ৰীভূত হৈছিল। তেওঁ এইবোৰ ৰাজধানী চহৰসমূহত নিজৰ টেংগো প্ৰদৰ্শন কৰিছে: আমষ্টাৰডাম, এথেন্স,১৩ বাৰ্লিন,১৪ ব্ৰাছেলছ, হেলচিঙ্কি,১৫ লিছবন,১৬ লণ্ডন, মাদ্ৰিদ,১৭ অছলো,১৮ ৰেইকজাতিক১৯ আৰু ভিয়েনা।২০
২০০৮ চনত তেওঁ টেংগোৰ প্ৰতি তেওঁৰ সেৱাৰ স্বীকৃতিস্বৰূপে লণ্ডন কলেজ অৱ মিউজিকৰ সন্মানীয় সদস্য হয়।২১২২২৩
এডিনবাৰ্গত অলপ সময় কটোৱাৰ পিছত তেওঁ ২০১০ চনৰ ফেব্ৰুৱাৰীত ৱিচবাডেনত থাকিবলৈ জাৰ্মানীলৈ উভতি আহে।১৩ ইয়াৰ ফলত নতুন সৃষ্টিশীল আৱেগৰ সৃষ্টি হৈছিল আৰু তেওঁ নিজৰ কিছুমান ৰচনাৰ চুটি চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ৱিচবাডেনততথ্যচিত্ৰজেমছ পিচ (K. James Peace in Wiesbaden) তেওঁৰ এই ধাৰাৰ কামসমূহৰ ভিতৰত আছে।২১২২২৩
পুৰস্কাৰ আৰু বঁটাসমূহ
● প্ৰথম পুৰস্কাৰ, এগ্নেছ মিলাৰ প্ৰতিযোগিতা। গ্লাছগো, ১৯৮৩৪
● প্ৰথম পুৰস্কাৰ, EIS প্ৰতিযোগিতা, গ্লাছগো, ১৯৮৪৪
● চিবেলিয়াছ প্ৰবন্ধ পুৰস্কাৰ। গ্লাছগো, ১৯৯৫৪

● সন্মানীয় ডিপ্লোমা, TIMআন্তৰ্জাতিক ৰচনা প্ৰতিযোগিতা। ৰোম, ২০০০১২৫
● সন্মানীয় ডিপ্লোমা, IBLA ফাউণ্ডেচন। নিউয়ৰ্ক, ২০০২১২৫
● স্মাৰক পদক, আন্তৰ্জাতিক পিয়ানো ডুঅ এছ'চিয়েচন। টকিঅꞌ, ২০০২১২৫২১২২২৩২৪
● সোণৰ পদক, ꞌꞌLutèceꞌꞌৰ আন্তৰ্জাতিক একাডেমী। পেৰিছ, ২০০৫১২
প্ৰধান ৰচনাসমূহ
● দ্যা ৱাটাৰফ’ল (জলপ্ৰপাত)২৫
● আইডিলচ (অতিপাত সুখী)
● মৰ্ণিং চেৰেনেড (ৰাতিপুৱাৰ প্ৰেমগীত)
● চাইলেণ্ট টিয়েৰ (নীৰৱ চকুপানী)
● ফ’ৰগ’টেন লিভ(পাহৰি যোৱা পাত)
● সোনাটা ফ’ৰ ওবো আৰু পিয়ানো (ওবো আৰু পিয়ানোৰ বাবে সোনাটা)
● বালাডে
● চেৰেম’নিয়েল মাৰ্চ নং. ১ (আনুষ্ঠানিক শোভাযাত্ৰা নং ১)
● চেৰেম’নিয়েল মাৰ্চ নং. ২ (আনুষ্ঠানিক শোভাযাত্ৰা নং ২)
● অট’ম গ’ল্ড (শৰতৰ সোণ)২৬
● ইটাৰনেল চংগ (চিৰন্তন গীত)১
● ꞌꞌফ’ৰ জৰ্জিয়াꞌꞌ (ꞌꞌজৰ্জিয়াৰ বাবেꞌꞌ) (জৰ্জিয়ান ভাষা: საქართველოსთვის)
(গীত: তামাৰি চিকভাইডজে, জুৰাবি চিকভাইডজে আৰু জেমছ পিচ)
● ২৪ টেংগো ফ’ৰ চ’ল’ পিয়ানো (২৪ একক পিয়ানোৰ বাবে টেংগো নৃত্য)১৯২১২২২৩২৭
বাহ্যিক সংযোগসমূহ
Lento Lacrimoso: www.youtube.com
Souvenir de Buenos Aires: www.youtube.com
তথ্যসূত্ৰ
- ↑ Birgitta Lamparth. ꞌꞌKeine ꞌstacheligenꞌ Klängeꞌꞌ. Wiesbadener Tagblatt (জাৰ্মান বাতৰি কাকত), ১০ ফেব্ৰুৱাৰী, ২০১১
- ↑ Julia Anderton. ꞌꞌTango, wie eine süß-saure Geschichteꞌꞌ. Wiesbadener Kurier (জাৰ্মান বাতৰি কাকত), ২৪ মাৰ্চ, ২০১২
- ↑ Sabine Klein. ꞌꞌMeine Musik ist wie ich - sehr romantischꞌꞌ. Wetterauer Kulturspiegel (জাৰ্মান বাতৰি কাকত), ১৯৯২, নং ২৫৪, পৃষ্ঠা ২
- ↑ G. Müller. ꞌꞌDie Seele des Klaviers tanzt Tangoꞌꞌ. Frankfurter Rundschau (জাৰ্মান আলোচনী)। ১৭ মাৰ্চ, ২০০১, পৃষ্ঠা ৫
- ↑ Deutsche Nationalbibliothek. ꞌꞌJames Peaceꞌꞌ
- ↑ ꞌꞌJames Peaceꞌꞌ. FRIZZ (জাৰ্মান আলোচনী)। জানুৱাৰী, ২০০১, পৃষ্ঠা ৫
- ↑ Manfred Merz. ꞌꞌVirtuose, gefühlsbetonte Welt der Romantikꞌꞌ. Wetterauer Zeitung (জাৰ্মান বাতৰি কাকত), ১২ ডিচেম্বৰ, ১৯৯২, পৃষ্ঠা ১৯
- ↑ ꞌꞌJames Peaceꞌꞌ. The Tango Times of New York (নিউয়ৰ্কৰ আলোচনী)। সংস্কৰণ ২০০২/২০০৩ (৩৯)। পৃষ্ঠা অ্য ১ - ৫
- ↑ National Library of Scotland. ꞌꞌTango escocésꞌꞌ
- ↑ ꞌꞌJames Peaceꞌꞌ. La Cadena (ডাচ্চ আলোচনী)। ছেপ্টেম্বৰ, ২০০২, পৃষ্ঠা ২৬
- ↑ TangoTang (হংকং)। নিউজলেটাৰ, ৮ অক্টোবৰ, ২০০২
- ↑ "জেমছ পিচ"। চাউথ চাইনা মৰ্ণিং পোষ্ট (হংকঙৰ বাতৰি কাকত)। ৯ অক্টোবৰ, ২০০২
- ↑ কনচাৰ্ট প্ৰগ্ৰাম পুস্তিকা (এথেন্স){Για σένα, Αγγελική!}। ২৭ এপ্ৰিল, ২০১৬
- ↑ Tangodanza (জাৰ্মান আলোচনী)। সংস্কৰণ ১/২০০২ - ৯
- ↑ কনচাৰ্ট পোষ্টাৰ (ফিনলেণ্ডৰ কনচাৰ্ট ভ্ৰমণ, ২০১৪)।
- ↑ কনচাৰ্ট পোষ্টাৰ (পৰ্তুগালৰ কনচাৰ্ট ভ্ৰমণ, ২০১৬)।
- ↑ কনচাৰ্ট পোষ্টাৰ (স্পেইনত কনচাৰ্ট ভ্ৰমণ ২০১৩) «¡Felíz cincuenta cumpleaños!»
- ↑ Listen.no. James Peace (flygel). «Tangos Romanticos» অচলো, ১৬ অক্টোবৰ, ২০০৪
- ↑ Ríkarður Ö. Pálsson. «Skozkir Slaghörputangoár». Morgunblaðið (আইচলেণ্ডীয় বাতৰি কাকত)। ১৪ অক্টোবৰ, ২০০৪
- ↑ কনচাৰ্ট কাৰ্যসূচী পুস্তিকা (ভিয়েনা)। ২৩ জানুৱাৰী, ২০০৫
- ↑ National LIbrary of Scotland. ꞌꞌK. James Peace in Wiesbadenꞌꞌ
- ↑ Deutsche Nationalbibliothek. ꞌꞌK. James Peace in Wiesbaden”
- ↑ Whittaker Live. ꞌꞌWiesbaden Highlander K. James Peace, tango composer: new DVDꞌꞌ
- ↑ ইণ্টাৰনেচনেল পিয়ানো ডুঅ এছ'চিয়েচন, টকিঅ'। পুৰস্কাৰ বিজয়ীৰ তালিকা, ২০০২
- ↑ Hessisches Staatstheater, কনচাৰ্ট কাৰ্যসূচী পুস্তিকা ১২/১৯ ছেপ্টেম্বৰ, ২০২১
- ↑ ꞌꞌVioline schwebt über Orchesterklangꞌꞌ. Schwäbische Post (জাৰ্মান বাতৰি কাকত)। ৪ জুন, ১৯৯৪
- ↑ ব্ৰিটিছ ভায়োলা চছাইটি নিউজলেটাৰ, আগষ্ট ২০২৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেমছ পিচ” প্ৰবন্ধৰ সংশোধন ৬০২২৮১ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।