মেকন’পচিছ গাকিডিয়ানা (ডোংখা ভাষা: ཚེར་སྔོན་མེ་ཏོག১) হৈছে পূব ভূটান, ভাৰতৰ অৰুণাচল প্ৰদেশৰ পশ্চিম অংশ আৰু চীনৰ দক্ষিণ জিজাঙৰ থলুৱা নীলা পপি ফুলৰ প্ৰজাতি। ই ভূটানৰ ৰাষ্ট্ৰীয় ফুল।২
মেকন’পচিছ গেকিডিয়ানাৰ গা-গছৰ দৈৰ্ঘ্য কম আৰু কাণ্ড ওখ। মূল কাণ্ডত পাতবোৰ কম বেছি পৰিমাণে পৰ্যায়ক্ৰমে থাকে আৰু ইহঁতৰ ৰং হালধীয়া মিহলি সেউজীয়া। ফুলবোৰ বাটিৰ আকৃতিৰ আৰু ইহঁতৰ ৰং সাধাৰণতে বেঙুনীয়াৰ পৰা নীলা হ'ব পাৰে। প্ৰায়বোৰ ক্ষেত্ৰতে বেঙুনীয়া ৰঙৰ সৈতে শেঁতা নীলা ৰঙৰ ৰং দেখা পোৱা যায়। কেতিয়াবা গাঢ় ৰঙা ৰঙৰ ফুল দেখা গ'লেও ই বিৰল। মেকন'পচিছ বাইলেইৰ সৈতে এই উদ্ভিদাবিধৰ সাদৃশ্য আছে যদিও ইয়াৰ ফুলৰ পাহিবোৰ স্পষ্টভাৱে অৱতল, কমলা ৰঙৰ আৰু দীঘলীয়া শৈলীৰ।
শ্ৰেণীবিভাজন
ভূটানৰ ৰাষ্ট্ৰীয় ফুলবিধক পূৰ্বতে মেকন’পচিছ গ্ৰেণ্ডিছ (m. grandis subsp. orientalis) বুলি ভবা গৈছিল। ২০১৭ চনত জাপানৰ ব্লু পপি ছ’চাইটি আৰু ভূটানৰ ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য কেন্দ্ৰৰ সহযোগিতাৰ পিছত দেখা গ’ল যে এই চিনাক্তকৰণ শুদ্ধ নাছিল। ১৯৩৮ চনত ভাৰতৰ সীমান্তৰ ফালে ফ্ৰেংক কিংডন-ৱাৰ্ডে আৰু ১৯৩৪ চনত ভূটানত জৰ্জ শ্বেৰিফে সংগ্ৰহ কৰা নমুনাবোৰক দীৰ্ঘদিন ধৰি মেকন'পচিছ গ্ৰেণ্ডিছ বুলি গণ্য কৰি অহা হৈছিল। কিন্তু এই দুয়োবিধ প্ৰজাতিৰ যথেষ্ট পাৰ্থক্য আছে। সেই অনুসৰি এটা নতুন প্ৰজাতিৰ বৰ্ণনা কৰা হৈছিল আৰু ইয়েই হৈছে মেকন’পচিছ গাকিডিয়ানা।৩৪ এই নিৰ্দিষ্ট উপনামটো গাক্যি শব্দটোৰ পৰা উদ্ভৱ হৈছে। জোংখা ভাষাত ইয়াৰ অৰ্থ সুখ। ভূটানৰ উন্নয়ন দৰ্শন স্থূল ৰাষ্ট্ৰীয় সুখৰ (Bhutanese Development Philosophy of Gross National Happiness) পৰা আহৰণ কৰা প্ৰেৰণাৰে এই উদ্ভিবিধৰ নামকৰণ কৰা হৈছিল।৫৬
মেকন’পচিছ গাকিডিয়ানাৰ উপৰিও আন দুটা নতুন প্ৰজাতিৰ নীলা পপিৰ বৰ্ণনাও কৰা হৈছিল। এইকেইবিধ হৈছে মেকন'পচিছ মেৰাকেন্সিছ আৰু মেক'ন'পচিছ এলোংগেটা। ভূটানৰ মেৰাক, সাগটেং আৰু হা অঞ্চলত এই নতুন প্ৰজাতিকেইবিধ পোৱা যায়।৪
বিতৰণ আৰু বাসস্থান
বৰ্তমান মেকন'পচিছ গাকিয়ডিয়ানা পূব ভূটান, অৰুণাচল প্ৰদেশৰ পশ্চিম অঞ্চল আৰু দক্ষিণ জিজাঙত (তিব্বত) ৩,৭০০–৪,৩০০ মিটাৰ উচ্চতাৰ পৰিসৰত ই ফুটুকানি, চৰণীয়া পথাৰ আদিত গজে। ই উপ-আলপাইন অৰণ্যৰ ৰ'দঘাই প্ৰান্তত খুব কমেইহে গজে।৪
তথ্যসূত্ৰ
- ↑ Blue Poppy- the National Flower - Bhutan Biodiversity Atlas. Bhutan Biodiversity Atlas
- ↑ (30 March 2017). National flower renamed as Meconopsis gakyidiana
- ↑ National flower, Blue Poppy is a new species – KuenselOnline. kuenselonline.com
- ↑ Yangzom, Rinchen; Long, David; Yoshida, Toshio. (2017-01-17). Dancing Butterflies of the East Himalayas New Meconopsis Species from East Bhutan, Arunachal Pradesh and South Tibet. Sibbaldia: The International Journal of Botanic Garden Horticulture. পৃ. 69–96
- ↑ The National Flower Of Bhutan Found To Be A New Species!. Ministry of Agriculture and Forests
- ↑ (2017-03-30). National Flower Renamed as Meconopsis Gakidiana. BBS news
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেকন’পচিছ গাকিডিয়ানা” প্ৰবন্ধৰ সংশোধন ৪৯৫১৪৭ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।