সন্ত
১২ প্ৰবন্ধ
-
চোখামেলা
চোখামেলা ত্ৰয়োদশ–চতুৰ্দশ শতিকাৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ এজন সাধু আছিল। তেওঁ মহাৰ জাতিৰ অন্তৰ্গত আছিল, যিটো সেই সময়ত ভাৰতৰ অন্যতম নিম্ন বৰ্ণ বুলি গণ্য কৰা হৈছিল। বুলধনা জিলাৰ দেউলগাঁও ৰজা তালুকৰ মেহুনা ৰাজা নামৰ গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁ মহাৰাষ্ট্ৰৰ মংগলবেধাত বাস কৰিছিল। তেওঁ বহুতো অভংগ ৰচনা কৰিছিল।
-
একনাথ
একনাথ (১৫৩৩–১৫৯৯), এজন ভাৰতীয় হিন্দু বৈষ্ণৱ সাধু, দাৰ্শনিক আৰু কবি। হিন্দু দেৱতা বিথোবাৰ ভক্ত আৰু ৱাৰকাৰী আন্দোলনৰ প্ৰধান ব্যক্তিত্ব। একনাথক প্ৰায়ে বিশিষ্ট মাৰাঠী সন্ত জ্ঞানেশ্বৰ আৰু নামদেৱৰ আধ্যাত্মিক উত্তৰাধিকাৰী হিচাপে দেখা যায়।
-
সোয়াৰাবাই
সোয়াৰাবাই (অসমীয়া উচ্চাৰণ:চোৱাৰাবাই) ভাৰতৰ চতুৰ্দশ শতিকাৰ মহাৰাষ্ট্ৰৰ মহাৰ জাতিৰ এগৰাকী সাধু আছিল। তেওঁ তেওঁৰ স্বামী চোখামেলাৰ শিষ্যা আছিল। সোয়াৰাবায়ে নিজৰ পৰিকল্পিত অমিত্ৰাক্ষৰ ছন্দ ব্যৱহাৰ কৰি বৃহৎ সাহিত্যৰ কাঠামো তৈয়াৰ কৰিছিল। তেওঁ বহুত লিখিছিল যদিও প্ৰায় ৬২খন গ্ৰন্থৰ বিষয়েহে জনা যায়।
-
কৰ্মমেলা
সন্ত কৰ্মমেলা আছিল ১৪ শতিকাৰ মহাৰাষ্ট্ৰৰ এজন কবি সন্ত। মহৰ জাতিৰ চোখামেলা আৰু সোয়াৰাবাইৰ পুত্ৰ। তেওঁৰ অভংগসমূহত ঈশ্বৰক তেওঁক পাহৰি যোৱাৰ অভিযোগ কৰিছে আৰু তেওঁৰ জীৱনটো কেনেকৈ নিম্ন জাতি হিচাপে দুৰ্বিষহ হৈ পৰিছে তাৰ বৰ্ণনা আছে। তেওঁ বৰ্ণ ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।
-
নিৰ্মলা
ভাৰতৰ মহাৰাষ্ট্ৰৰ চতুৰ্দশ শতিকাৰ এজন কবি আছিল সন্ত নিৰ্মলা। চোখামেলাৰ কনিষ্ঠ ভগ্নী হিচাপে তেওঁক ভাতৃৰ সৈতে সমানে পৱিত্ৰ বুলি গণ্য কৰা হৈছিল আৰু সেয়েহে তেওঁক হিন্দু সাধু বুলিও গণ্য কৰা হৈছিল। নিৰ্মলাৰ বিবাহ হৈছিল মহাৰ জাতিৰ কবি বাংকাৰ সৈতে।
-
বাংকা
সন্ত বাংকা (বাংকা নামেৰেও জনাজাত ভাৰতৰ চতুৰ্দশ শতিকাৰ মহাৰাষ্ট্ৰৰ এজন কবি আছিল। তেওঁ নিৰ্মলাৰ স্বামী আৰু চোখামেলাৰ ভায়েক আছিল। মেহেনপুৰীত জন্মগ্ৰহণ কৰা বাংকা মহাৰ জাতিৰ সদস্য আছিল।) তেওঁৰ বেছিভাগ অভংগতে তেওঁ বিত্থলক সুখ আৰু শান্তিৰে প্ৰশংসা কৰিছিল। কমেইহে তেওঁ নিজৰ নিম্নবৰ্ণৰ জন্মৰ বৰ্ণনা কৰিছিল।
-
ব’গাৰ
ব’গাৰ, ভোগৰ বা বোগনাথাৰ আছিল তামিল শৈৱী সিদ্ধাৰ। তেওঁ কলংগী নাথৰৰ শিষ্য আছিল। তেওঁৰ জন্ম হৈছিল পালানী পাহাৰৰ সমীপৰ বৈগাৱুৰত। কেইবাটাও পৰম্পৰা আৰু গ্ৰন্থত বৰ্ণনা কৰামতে তেওঁ মাক আৰু ককাকৰপৰা শিক্ষা লাভ কৰে। ব’গাৰে নিজেই তেওঁৰ গ্ৰন্থ “ব’গাৰ ৭০০০’’ত নিজৰ খিলঞ্জীয়া মূলৰ বৰ্ণনা কৰিছে।
-
চেইণ্ট ব্ৰীজেট
চেইণ্ট ব্ৰীজেট বা ছুইডেনৰ ব্ৰীজেট, অ'এছএছএছ (প্ৰায় ১৩০৪ – ২৩ জুলাই ১৩৭৩), যাক ভাডষ্টেনাৰ বাৰ্গিটা বাৰ্গাৰ্ছডটাৰ আৰু ভাডষ্টেনাৰ বিৰ্গিটা (ছুইডিছ: heliga Birgitta) বুলিও জনা যায়, এগৰাকী ছুইডেনৰ কেথলিক ৰহস্যবাদী আৰু ব্ৰীজটিনৰ প্ৰতিষ্ঠাপক।
-
বু আলী শ্বাহ কালাণ্ডাৰ
শ্বেইখ চৈয়দ শ্বাৰফুদ্দিন বু আলী শ্বাহ কালাণ্ডাৰ পানীপতি, বু আলী কালাণ্ডাৰ নামেৰে বিখ্যাত (১২০৯–১৩২৪ খ্ৰীষ্টাব্দ), দিল্লী চুলতানীৰ ভাৰতৰ বৰ্তমানৰ হাৰিয়ানাৰ পানীপথত জন্মগ্ৰহণ কৰা আৰু ভাৰতত অধ্যাপনা কৰা ওৱেইছি অৰ্ডাৰৰ এজন কালাণ্ডাৰ আৰু চুফী সন্ত।
-
ভাডষ্টেনাৰ কেথেৰিন
ছুইডেনৰ কেথেৰিন, কাটাৰিনা এভ ভাডষ্টেনা, ভাডষ্টেনাৰ কেথেৰিন বা কাটাৰিনা উলফছডটাৰ (প্ৰায় ১৩৩২ – ২৪ মাৰ্চ ১৩৮১) ছুইডেনৰ এগৰাকী সম্ভ্ৰান্ত মহিলা আছিল। ৰোমান কেথলিক গীৰ্জাত তেওঁক এগৰাকী সন্ত হিচাপে পূজা কৰা হয়।
-
হেৰম্বসুত
হেৰম্বসুত এজন ভাৰতীয় তান্ত্ৰিক যোগী আছিল, যি বামাচাৰ গণপত্য পন্থাৰ অন্তৰ্গত আছিল। দশম শতিকাৰ কোনো আনন্দগিৰিৰ ৰচনা শংকৰবিজয়ত হেৰম্বসুতৰ নেতৃত্বত উচ্ছিষ্ট গণপতিৰ পূজাৰ কথা উল্লেখ কৰিছে। দেৱতাক কৰা অনুষ্ঠানৰ শেষত বাকী থকা খাদ্যৰ “উচ্ছিষ্ট’’ৰ পৰা এই গোটৰ নাম উদ্ভৱ হৈছে।
-
এলডোব্ৰাস্কেণ্ডা
এলডোব্ৰাণ্ডেস্কা (আলডা নামেৰেও জনাজাত) (জন্ম: আনুমানিক ১২৪৯, ১৫৮৪ চনত তেওঁৰ জীৱনৰ চমু বৰ্ণনা প্ৰকাশ পায়, যিটো পিছলৈ লেটিন ভাষালৈ অনুবাদ কৰা হয় আৰু এক্টা চেণ্টোৰামত প্ৰকাশ পায়।