আঁঠু (Knee) নামৰ এই গাঁঠি, জোৰা বা সন্ধি আমাৰ উৰু আৰু ভৰিৰ মাজভাগত থকা এটা অতি আৱশ্যকীয় গাঁঠি৷ ইয়াত উৰুৰ ডাঙৰ হাড় ফিমাৰ আৰু ভৰিৰ ফালৰ দীঘল আৰু সবল হাড় টিবিয়া আহি লগ লাগিছে৷ তদুপৰি আঁঠুৰ ঘিলা নামৰ এটা সৰু আৰু প্ৰায় ঘূৰণীয়া হাড়ো এই গাঁঠিটোৰ সন্মুখ ভাগত থাকে৷ এই তিনিডাল হাড় লগ লাগি আঁঠুটো গঠিত৷ হাড়কেইডালক সোঁৱে-বাঁৱে,আগে-পিছে কেইবাটাও শক্তিশালী লিগামেণ্টে ইটোৰ লগত সিটোক বান্ধি ৰাখিছে৷ তদুপৰি দুডাল অতি শক্তিশালী লিগামেণ্ট গাঁঠিৰ ভিতৰত থাকিও হাড় দুডালক সংযোগ কৰি ৰাখে৷ এই দুডালক ক্ৰুছিয়েট লিগামেণ্ট বোলা হয়৷ ইয়াৰ উপৰি টান ক'লা কোষেৰে গঠিত এখন আৱৰণে গাঁঠিৰ ভিতৰখন আৱৰি ৰাখে৷ ফিমাৰ আৰু টিবিয়া নামৰ হাড় দুডালৰ গাঁঠিত লগ লগা মূৰ দুটা মিহি আৰু কিছু টান কাৰ্টিলেজেৰে আৱৰি থাকে৷ এই কাৰ্টিলেজক মিনিস্কাছ বোলা হয়৷ আনহাতে গাঁঠিৰ ভিতৰখন মিহি কৰি ৰাখিবলৈ কেপছুল নামৰ আৱৰণৰ ভিতৰফালে আন এখন মিহি কলাৰে গঠিত Synvial Membrane নামৰ পাতল আৱৰণ থাকে৷ ইয়াৰ ভিতৰত থকা কিছু পিছলীয়া তৰল পদাৰ্থই গাঁঠিৰ ভিতৰখনত হাড়ৰ মূৰকেইটা সূচলভাৱে লৰচৰ কৰাত সহায় কৰে৷ আঁঠুৰ হাড়বোৰৰ দুয়োকাষে ডাঙৰ মাংসপেশী নাই যদিও উৰু আৰু আঁঠুৰ তলফালে থকা মাংসপেশীবোৰে আঁঠুটোক স্থিৰেৰে ৰখা আৰু লৰচৰ কৰাত সহায় কৰে৷ আঁঠু দুটাত হাড় দুডাল কেৱল আগলৈ আৰু পিছলৈহে ভাঁজ লাগে৷ ইয়াত কাষলৈ ভাঁজ কৰাৰ কোনো সুবিধা নাই৷ গাঁঠিৰ চাৰিওফালে থকা মাংসপেশীকেইটা সবল হৈ থাকিলেহে আঁঠুটো লৰচৰ কৰিব পাৰি৷ আঁঠুৰ ভিতৰত থকা কাৰ্টিলেজ বা মিনিস্কাছ কেইটাই দুডাল সবল হাড়ৰ মাজত কুছনৰ দৰে কাম কৰে আৰু হাড় দুডাল ইটোৰ লগত সিটো ঘঁহনি খোৱাৰ পৰা ৰক্ষা কৰে৷ <ref name="গ্ৰন্থ ১" ১


আঁঠুৰ বিষৰ কাৰণ
- অস্তিঅ'-আৰথ্ৰাইটিছ বা অস্থিবাত (Osteo Arthritis)
- ৰিউমেটইড আৰথ্ৰাইটিছ বা গ্ৰন্থি বাত (Rheumatoid Arthritis)
- বীজাণুজাত আৰথ্ৰাইটিছ (Septic Arthritis)
- আঁঠুৰ আঘাত:-
অস্তিঅ'-আৰথ্ৰাইটিছ বা অস্থি বাত
গাঁঠিৰ ভিতৰত যেতিয়া সংক্ৰমণ হয় তাকেই আৰথ্ৰাইটিছ বোলা হয়৷ অস্তিঅ'-আৰথ্ৰাইটিছত কোনো ধৰণৰ সংক্ৰমণ নহয়৷ ই এবিধ অৱক্ষয়ী (Degenerative Disease) ৰোগ৷ সাধাৰণতে বয়সৰ লগে লগে গাঁঠিৰ ওপৰত হাড়ৰ মূৰৰ ফালে থকা কাৰ্টিলেজ লাহে লাহে ক্ষয় যায়৷ গাঁঠিৰ ভিতৰত থকা তৰল পদাৰ্থখিনি লাহে লাহে হ্ৰাস পাই শেষত নোহোৱা হয়৷ ইয়াৰ ফলত হাড়ৰ মূৰকেইটা ওচৰ চাপি আহে আৰু ঘঁহনি খাবলৈ ধৰে৷ পাছত হাড়ৰ মূৰকেইটাও কিছু ক্ষয় যায়৷ লাহে লাহে হাড়ৰ কাষৰপৰা কিছুমান ফেৰেঙণিৰ দৰে ওলাই আহে৷ বেছিদিন এনেকৈ থাকিলে আৰু খোজ কঢ়াৰ সময়ত পৰা হেঁচাৰ ফলত হাড়বোৰে বিকৃত ৰূপ ধৰে৷ এই সময়ত আঁঠুটো দেখিবলৈ বহল আৰু বেঁকা হ'ব পাৰে৷ প্ৰায়ে আঘাতপ্ৰাপ্ত আঁঠুত অস্তিঅ'-আৰথ্ৰাইটিছ ৰোগ বেছিকৈ হয়৷ সেয়েহে ফুটবল খেলুৱৈসকলে কম বয়সতে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়৷ আঘাতপ্ৰাপ্ত আঁঠুৰ কাৰ্টিলেজত [[তেজৰ চলাচল কম হোৱা বাবে সাধাৰণতে শৰীৰে এইবোৰ ভালদৰে মেৰামতি কৰিব নোৱাৰে৷ ফলত অতি সোনকালে এই কাৰ্টিলেজবোৰ ক্ষয়প্ৰাপ্ত হয় আৰু হাড়ৰ মূৰবোৰ ইটোৱে সিটিৰ লগত ঘঁহনি খাবলৈ ধৰে৷ পাছত ইয়ে পূৰ্ণাংগ অস্থিবাতৰ ৰূপ লয়৷
ৰিউমেটইড আৰথ্ৰাইটিছ বা গ্ৰন্থি বাত
ই এবিধ লাহে লাহে হোৱা গাঁঠিৰ ৰোগ৷ এই ৰোগে প্ৰথমে হাতৰ সৰু সৰু গাঁঠিবোৰ আক্ৰান্ত কৰে৷ হাতৰ আঙুলিৰ গাঁঠিবোৰ ফুলি গৈ হাতখন দেখিবলৈ বিকৃত ৰূপ ধৰে৷ পাছত এই ৰোগে আঠু, কান্ধ,খাৰগাঁঠি আদি ডাঙৰ ডাঙৰ গাঁঠিবোৰ আক্ৰান্ত কৰে৷ প্ৰথমে এই ৰোগে আঁঠুৰ কেপছুলৰ ভিতৰফালে থকা ছাইন'ভিয়েল মেমব্ৰেন নামৰ ঢাকনিখন আক্ৰান্ত কৰে আৰু লাহে লাহে হাড়ত ধৰেগৈ৷ এই ৰোগত হাড়বোৰ ক্ষয় যায় আৰু হাড়ৰ মাজৰপৰা কেলছিয়াম আদি ওলাই গৈ হাড়বোৰ লেহুকা হৈ পৰে৷ আঁঠুৰ ভিতৰত পানী জমা হৈ আঁঠুটো ফুলি উঠে৷
বীজাণুজাত আৰথ্ৰাইটিছ
কেতিয়াবা বীজাণুৰে সংক্ৰমিত হৈ আঁঠু ফুলি উঠে৷ বীজাণুৰ সংক্ৰমণ বাহিৰৰ ঘাঁ আদিৰপৰা বা কেতিয়াবা ভিতৰৰ কোনো অংগৰপৰাও হ'ব পাৰে৷ এনে ধৰণে সংক্ৰমিত হ'লে আঁঠুৰ ভিতৰত প্ৰথমে পানী জমা হৈ ফুলি উঠে আৰু পাছত পূঁজ জমা হয়৷ সোনকালে চিকিৎসা কৰি পূঁজ উলিয়াই দিলে হাড়ৰ কোনো পৰিবৰ্তন নহয়; কিন্তু তেনে নকৰিলে পাছত হাড়তো সংক্ৰমণ হৈ হাড় নষ্ট কৰি পেলাব পাৰে৷
ৰোগৰ লক্ষণ
অস্থিবাত সাধাৰণতে বয়সীয়া লোকৰহে হয় যদিও আঘাতজনিত কাৰণত কম বয়সীয়া লোকেও এই ৰোগত ভুগিব পাৰে৷ কম বয়সীয়া লোকৰ ক্ষেত্ৰত পুৰুষৰ সংখ্যা বেছি হোৱাৰ বিপৰীতে,বয়সীয়া লোকৰ মাজত নাৰীৰ সংখ্যা বেছি হয়৷ প্ৰথম অৱস্থাত খোজ কঢ়াৰ সময়ত আঁঠুত বিষ অনুভৱ কৰে আৰু লাহে লাহে এই বিষ অনবৰতে হ'বলৈ ধৰে৷ লগতে আঁঠুটো একেবাৰে জঠৰ হৈ যোৱাও দেখা যায়৷ আঁঠু লৰচৰ কৰোঁতে বহুতৰ কেৰ কেৰ শব্দ হোৱাও শুনা যায়৷ গ্ৰন্থিবাত যিকোনো বয়সতে আৰম্ভ হয় যদিও বয়স বাঢ়ি যোৱাৰ লগে লগে আঁঠুৰ বিষ বেছিকৈ হোৱা দেখা যায়৷ এনে ৰোগীৰ হাতৰ আঙুলিৰ গাঁঠিবোৰ সাধাৰণতে উখহি বিকৃত ৰূপ ধাৰণ কৰা দেখা যায়৷
বীজাণুজাত আৰথ্ৰাইটিছ ৰোগ হঠাতে আৰম্ভ হয়৷ আঁঠুটো উখহি উঠে,ৰঙা পৰে আৰু ইয়াৰ লগতে অসহ্য বিষ হয়৷ অতিমাত্ৰা জ্বৰ উঠাটো এনে ৰোগৰ লক্ষণ৷ আঁঠুত আঘাত পোৱাৰ পাছত যদি হাড়ত কোনো ধৰণৰ আঘাতৰ চিন নাথাকে,অথচ আঁঠুৰ বিষ লাহে লাহে হৈ থাকে, তেতিয়াহ'লে ই আঁঠুৰ ভিতৰত লিগামেণ্ট বা মিনিস্কাছ ছিঙি থকাৰ বাবে হ'ব পাৰে৷
ৰোগ নিৰ্ণয়ৰ উপায়
আঁঠুৰ বিষ আৰু আঁঠু ফুলি থকা দেখিলে চিকিৎসকে তলত উল্লেখ কৰা ৰোগ নিৰ্ণয়ৰ উপায়বোৰ প্ৰয়োগ কৰে:-
- এক্সৰে: আঁঠুৰ এক্সৰে কৰিলে অস্থিবাত আৰু গ্ৰন্থি বাতত হোৱা হাড়ৰ পৰিবৰ্তনবোৰ ধৰা পৰে৷ তদুপৰি আঘাতপ্ৰাপ্ত হ'লে হাড়ৰ আঘাত এক্সৰেত ভালদৰে দেখা পোৱা যায়৷
- এম আৰ আই (M.R.I.): লিগামেণ্ট বা মিনিস্কাছৰ আঘাত এম আৰ আইত খুব ভালদৰে ধৰা পৰে৷
- আৰৰ্থ্ৰ'স্কপি (Arthroscopy): এটা সৰু ফুটা কৰি আঁঠুৰ ভিতৰলৈ সৰু আৰু দীঘল যন্ত্ৰ এটা সুমুৱাই দি গাঁঠিৰ ভিতৰখন ভালদৰে চাব পাৰি৷ আনকি লিগামেণ্ট বা মিনিস্কাছৰ আঘাত মেৰামতি কৰিব পাৰি৷
চিকিৎসা পদ্ধতি
বিষৰ ধৰণ আৰু ৰোগৰ অৱস্থা অনুযায়ী চিকিৎসকে চিকিৎসা পদ্ধতি প্ৰয়োগ কৰে৷
- বিষ উপষমকাৰীদৰব: আঁঠু উখহি থকা আৰু অসহ্য বিষ হোৱা দেখিলে ৰোগীক খোজ কঢ়া বন্ধ কৰি বিচনাত শুই থাকিবলৈ কোৱা হয়৷ লগতে বিষ নিৰাময় কৰিবলৈ আৰু উখহা কমাবলৈ Ibuprufen Aceclofenac Diclofenac আদি দৰব ব্যৱহাৰ কৰা হয়৷
- আঁঠুৰ মাংসপেশী সবলীকৰণ ব্যায়াম: বিষৰ কিছু উপশম হোৱাৰ পাছত উৰুৰ মাংসপেশী সবল কৰিবলৈ ব্যায়াম কৰিবলৈ দিয়া হয়৷ এই ব্যায়াম কৰিবলৈ হ'লে বিছনাত বহি লৈ ভৰি দুখন দীঘলকৈ মেলি লব লাগে৷ এখন বিছনাৰ চাদৰ বা তেনে ধৰণৰ কাপোৰ কেইবাভাঁজো কৰি আঁঠু দুটাৰ তলত দি ল'ব লাগে৷ তাৱ পাছত আঁঠু দুটা টান কৰি আঁঠুৰ তলৰ কাপোৰখনত জোৰকৈ হেঁচা দিব লাগে৷ পাঁচ ছেকেণ্ডমান সময় টান কৰি ৰাখি লাহে লাহে ঢিলা কৰি দিব লাগে৷ এনে ধৰণে কমেও এশবাৰ টান-ঢিলা কৰি দিব লাগে৷ দিনত দুই-তিনিবাৰ এনে ধৰণে ব্যায়াম কৰিলে বিষৰ উপশম হোৱাৰ উপৰিও উখহাও ভালেখিনি কমি যায়৷ এই সময়ত নানা ধৰণৰ বিষ উপশমকাৰী মলমো আঁঠুত মালিচ কৰিব পাৰি৷
- নি-কেপ' (Knee Cap): বিষ আৰু উখহি থকা অৱস্থাত আঁঠুৰ ওপৰত এটা ক্ৰেপ বেণ্ডেজ বা 'নি-কেপ' (Knee Cap) মাৰি ল'লে খোজ কাঢ়িবলৈ সুবিধা হয়৷
- বৈদ্যুতিক সেক: নানাধৰণৰ যন্ত্ৰৰে (যেনে-Short Wave Diathermy,Ultrasonic Therapy আদি) বৈদ্যুতিক সেক দিলেও বিষৰ উপশম হোৱাৰ উপৰিও আঁঠুৰ জড়তা নোহোৱা হয় আৰু গাঁঠিৰ লৰচৰ কৰাৰ ধৰণৰো উন্নতি হয়৷
- আঁঠুৰ গাঁঠিত কৰ্টিছন বেজি: আঁঠুৰ ভিতৰত কৰ্টিছন (Cortison) বেজি দিব পাৰি৷ এই বেজি ল'বলৈ ৰোগীয়ে চিকিৎসালয়ত থকাৰ প্ৰয়োজন নাই৷ বহি:বিভাগতে এনে বেজি ল'ব পৰা যায়৷ অভিজ্ঞ চিকিৎসকে ভালদৰে দিলে এই বেজিয়ে অতি সোনকালে বিষ উপশম কৰে৷
অস্ত্ৰোপচাৰ
- গ্ৰন্থিবাতত (Rheumatoid Arthritis) যিহেতু প্ৰথমে ছাইন'ভিয়েল মেমব্ৰেন নামৰ ঢাকনিখন আক্ৰান্ত হয়,প্ৰথম অৱস্থাতে এই ঢাকনিখন অস্ত্ৰোপচাৰ কৰি কাটি উলিয়াই দিব পাৰিলে এই ৰোগ বৃদ্ধি হোৱাৰপৰা ৰক্ষা কৰিব পাৰি৷ পিছে এই ৰোগত ভাল ফলাফল পাবলৈ হ'লে অন্য গাঁঠি আক্ৰান্ত হ'ব নালাগিব৷
- অস্থিবাতত (Osteo Arthritis) ভোগা ৰোগীয়ে অইন সকলো ধৰণৰ চিকিৎসা কৰাৰ পাছতো যদি বিষৰপৰা নিস্তাৰ নাপায়,তেতিয়া হ'লে আঁঠুৰ বেমাৰী হাড়ৰ মূৰকেইটা কাটি উলিয়াই দি তাৰ ঠাইত ধাতুৰে তৈয়াৰী গাঁঠি বহুৱাই দিব পাৰি (Total Knee Replacement)৷ এই অস্ত্ৰোপচাৰে এতিয়া যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে৷ পিছে বেছি বয়সিয়াল লোকেহে অইন সকলো চিকিৎসা কৰাৰ পাছতো বিষ নকমিলে এই অস্ত্ৰোপচাৰ কৰা উচিত৷
- বীজাণুজনিত আৰথ্ৰাইটিছত যদি গাঁঠিৰ ভিতৰত পূঁজ জমা হয়,অস্ত্ৰোপচাৰ কৰি পূঁজ অতি সোনকালে উলিয়াই দিব লাগে৷ বেছিদিন পূঁজ ভিতৰত থাকিলে গোটেই গাঁঠিটো নষ্ট কৰি পেলাব৷
- আঘাতপ্ৰাপ্ত আঁঠুত লিগামেণ্ট ছিগি গ'লে ইয়াক মেৰামতি কৰিবলৈ অস্ত্ৰোপচাৰ কৰা হয়৷ মিনিস্কাছ ফাটি গ'লে ইয়াক কাটি উলিয়াই দিবলৈও অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়৷ অৱশ্যে এইবোৰ অস্ত্ৰোপচাৰ আজিকালি আৰথ্ৰ'স্কপিৰদ্বাৰাও কৰিব পাৰি৷
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ ডা° ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা. (২০১৩). আঁঠুৰ বিষ. প্ৰান্তিক. পৃ. পৃষ্ঠা ২৩ - ২৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আঁঠু” প্ৰবন্ধৰ সংশোধন ৩৯৬৬৪০ (১২ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।