লোকগীত
৪১ প্ৰবন্ধ
-
মাধুৰী বৰ্থৱাল
মাধুৰী বৰ্থৱাল (বিবাহপূৰ্ব উনিয়াল) ( ইংৰাজী: Madhuri Barthwal) হ'ল ভাৰতৰ উত্তৰাখণ্ডৰ এগৰাকী লোকশিল্পী। তেওঁ আকাশবাণীৰ সংগীত ৰচনা কৰা প্ৰথমগৰাকী মহিলা। তেৱেঁই প্ৰথমগৰাকী মহিলা গড়ৱালী সংগীতশিল্পী, যি পিছলৈ সংগীত শিক্ষয়িত্ৰী হয়।
-
মালৱল্লী মহাদেৱস্বামী
কৃষ্ণপুৰা মদৈয়া মহাদেৱস্বামী (মালৱল্লী মহাদেৱস্বামী নামেৰে পৰিচিত) হ'ল এজন ভাৰতীয় কন্নড় লোকগীতৰ গায়ক। মন্তেস্বামী, সিদ্দপ্পাজী আৰু মালে মহাদেশৰ ওপৰত গোৱা লোক আৰু ভক্তিমূলক গীতৰ বাবে তেওঁ পৰিচিত।
-
মুখতিয়াৰ আলী
মুখতিয়াৰ আলী ভাৰতৰ ৰাজস্থান ৰাজ্যৰ বিকানেৰৰ এজন লোকগায়ক ৷ তেওঁ মিৰাচীৰ অৰ্ধ যাযাবৰী সম্প্ৰদায়ৰ অন্তৰ্গত, যিসকলে চুফী সংগীতৰ মৌখিক পৰম্পৰাৰ বাবে পৰিচিত। আলীৰ পৰিয়ালৰ বহু প্ৰজন্ম ধৰি চুফী সংগীতৰ লগত জড়িত। ২০১৫ চনত শ্ৰেষ্ঠ সংগীত অভিষেকৰ জিমা বঁটা (GiMA Award for Best Music Debut) লাভ কৰে।
-
মেট্ৰিক্স (সংগীত)
সংগীতত, বিশেষকৈ লোকসংগীত আৰু জনপ্ৰিয় সংগীতত, মেট্ৰিক্স (matrix) হৈছে সংগীতৰ বিভিন্ন ৰূপ বা বৈচিত্ৰ্যৰ এনে এক উপাদান যিটো পৰিৱৰ্তন নহয়। এই শব্দটো সংগীত সম্পৰ্কীয় লিখনী আৰু আৰ্থাৰ ক'ষ্টলাৰৰ দি এক্ট অফ ক্ৰিয়েচনৰ পৰা আহিছে, যিয়ে সৃজনশীলতাক দুটা ধাৰণা বা মেট্ৰিক্সৰ সংমিশ্ৰণ হিচাপে সংজ্ঞায়িত কৰিছে।
-
লোকাল বাছ
লোকাল বাছ (বাংলা: লোকাল বাস) হ'ল জালালি ছেটৰ মমতাজ আৰু ৰেপাৰ শাফায়াতৰ বাংলাদেশী লোকগীত। প্ৰীতমৰ ৰচনা কৰা গীতটি গানচিল বেনাৰত মুক্তি দিয়া হৈছে।
-
সাৱনী
সাৱনী হৈছে অৰ্ধ-শাস্ত্ৰীয় গায়নৰ এক ধাৰা, যি উত্তৰ প্ৰদেশ আৰু বিহাৰৰ ভোজপুৰী অঞ্চলত জনপ্ৰিয়।
-
হিলদামিত লেপচা
হিলদামিত লেপচা হ'ল লেপচা লোকসংগীতৰ প্ৰতিষ্ঠাপক। ২০১৩ চনত তেওঁ লেপচা ভাষাৰ লোকসংগীতৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছিল। হিলদামিতে পৰম্পৰাগত লেপচা বাদ্যযন্ত্ৰৰ লগতে লেপচা গীতৰ পৰিবেশক হিচাপেও উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে।
-
হো জামালো
হো জামালো (Ho Jamalo) হ'ল এক সিন্ধী ভাষাৰ লোকগীত আৰু সিন্ধী সংস্কৃতিৰ লগত জড়িত নৃত্য। থলুৱা লোকনায়ক জামালোৰ বিষয়ে এই উপস্থাপন। বাদ্যযন্ত্ৰৰ বাহিৰেও হাতৰ চাপৰিৰ দ্বাৰা সৃষ্টি হোৱা ছন্দত ইয়াক কোৰাছত গোৱা হয়। ইয়াৰ ৰচনা সৰল আৰু প্ৰতিজন সিন্ধিৰ বাবে বোধগম্য।
-
ৰজনীগন্ধা শেখাৱত
ৰজনীগন্ধা শেখাৱত ভাৰতৰ ৰাজস্থানৰ এগৰাকী কণ্ঠশিল্পী। ৰাজস্থানী লোকগীত, বলীউড, ইংৰাজী আৰু ৰাজস্থানী মাৰোৱাৰী মেশ্বপ, আৰু ভিনটেজ ক্লাছিক গীত গোৱাৰ বাবে তেওঁ পৰিচিত।
-
ৰঞ্জিত কৌৰ
ৰঞ্জিত কৌৰ (জন্ম ২০ অক্টোবৰ ১৯৫০) ভাৰতীয় পঞ্জাৱৰ এজন পঞ্জাবী গায়িকা। পঞ্জাবী বিখ্যাত গায়ক আৰু ৰাজনীতিবিদ মহম্মদ ছাদিকৰ সৈতে গোৱা যুটিয়া গীতৰ বাবে তেওঁ পৰিচিত। তেওঁ প্লেবেক গায়িকাৰ উপৰিও আৰু কিছুমান পঞ্জাবী চলচ্চিত্ৰত সহ-অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।
-
ৰতন কাহাৰ
ৰতন কাহাৰ এজন প্ৰবীণ ভাৰতীয় লোকগায়ক আৰু বাংলা ঝুমুৰ আৰু ভাদু গীতৰ গীতিকাৰ। ২০২৪ চনত তেওঁ পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল। তেওঁৰ বৰো লোকেৰ বিটিলো, লাম্বা লাম্বা চুল লোকগীতটো খুবেই জনপ্ৰিয়।