অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ৰামৰায়

ৰামৰায় আছিল দামোদৰদেৱৰ অন্যতম প্ৰধান শিষ্য লোচ সত্ৰৰ প্ৰতিষ্ঠাপক অৰ্জুনদেৱৰ শিষ্য। ৰামৰায়ৰ প্ৰকৃত নাম হৈছে জগতানন্দ। তেওঁ শংকৰদেৱৰ জ্ঞাতিভাই আছিল। ৰামৰায়ৰ কন্যা ভূৱনেশ্বৰী আই বা কমলপ্ৰিয়াক কোঁচ সেনাপতি চিলাৰায় বা শুক্লধ্বজলৈ বিয়া দিয়া হৈছিল।

হালনাগাদ: ১১ আগষ্ট ২০২৫ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰামৰায় আছিল দামোদৰ দেৱৰ অন্যতম প্ৰধান শিষ্য লোচ সত্ৰৰ প্ৰতিষ্ঠাপক অৰ্জুনদেৱৰ শিষ্য। ৰামৰায়ৰ প্ৰকৃত নাম হৈছে জগতানন্দ। তেওঁ শংকৰদেৱৰ জ্ঞাতিভাই আছিল। ৰামৰায়ৰ কন্যা ভূৱনেশ্বৰী আই বা কমলপ্ৰিয়াক কোঁচ সেনাপতি চিলাৰায় বা শুক্লধ্বজলৈ বিয়া দিয়া হৈছিল। ৰামৰায়ে কোঁচৰজা চন্দ্ৰনাৰায়ণৰ ৰাজত্ব কালত (১৬৪০-৬০ খ্ৰী.) গুৰুলীলা বা সন্ত-যশামৃত পুথি ৰচনা কৰে। গুৰুলীলাত দামোদৰদেৱৰ জন্মৰপৰা ভট্টদেৱৰ মৃত্যুলৈকে সকলো বিৱৰণ পোৱা যায়। দামোদৰদেৱৰ চৰিতকেইখনৰ ভিতৰত এইখনেই প্ৰাচীনতম বুলি ক'ব পাৰি আৰু বিশেষভাৱে দামোদৰদেৱৰ জীৱনৰ ঘটনাৱলী বৰ্ণনা কৰিছে। ৰামৰায় আৰু নীলকণ্ঠ দামোদৰ চৰিতৰপৰা শংকৰদেৱৰ লগত দামোদৰৰ ঘনিষ্ঠ সৌহাৰ্দ্যপূৰ্ণ সম্বন্ধ আছিল সেই কথা বুজিব পাৰি আৰু মহাপুৰুষীয়া পন্থৰ লগত দামোদৰী পন্থৰ কি কি বিষয়ত প্ৰভেদ সেই কথাও এই চৰিতৰপৰা বুজিব পাৰি।‌১

তথ্যসূত্ৰ

  1. ↑ সত্যেন্দ্ৰনাথ শৰ্মা, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, ২০১৮, দশম সংস্কৰণ

সম্পৰ্কিত শ্ৰেণী

মহাপুৰুষীয়া ধৰ্মৰ অনুগামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামৰায়” প্ৰবন্ধৰ সংশোধন ৫৩১৬৬৭ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।