অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

এফ্ৰো-ইউৰেছিয়া

এফ্ৰো-ইউৰেছিয়া (Afro-Eurasia) বা এফ্ৰেছিয়া বা ইউৰেফ্ৰেছিয়া

হালনাগাদ: ২ জুন ২০২০ ২৪ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

এফ্ৰো-ইউৰেছিয়া১ (Afro-Eurasia) বা এফ্ৰেছিয়া২ বা ইউৰেফ্ৰেছিয়া২ শব্দক পৃথিৱীৰ সৰ্ববৃহৎ ভূ-খণ্ডক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক এক অতিমহাদেশ বুলিব পাৰি। এফ্ৰো-ইউৰেছিয়া আফ্ৰিকা আৰু ইউৰেছিয়া মহাদেশক লৈ গঠিত। ইউৰেছিয়াক আকৌ এছিয়া আৰু ইউৰোপ মহাদেশত ভাগ কৰা হৈছে।

এফ্ৰো-ইউৰেছিয়া ভূ-খণ্ডৰ মাটিকালি ৮,৪৯,৮০,৫৩২ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় ৫.৭ বিলিয়ন, যি পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮৫%।৩

এই ভূ-খণ্ডক পুৰণা পৃথিৱী (Old World) বুলিও জনা যায়। ইয়াৰ বিপৰীতে আমেৰিকাক নতুন পৃথিৱী (New World) বুলা হয়।

ভৌগোলিক অঞ্চলসমূহ

* আফ্ৰিকা ** মধ্য আফ্ৰিকা ** পূৱ আফ্ৰিকা ** আফ্ৰিকা শিং ** উত্তৰ আফ্ৰিকা ** আফ্ৰিকাৰ দক্ষিণাঞ্চল ** পশ্চিম আফ্ৰিকা* ইউৰেছিয়া ** ইউৰোপ *** মধ্য ইউৰোপ *** পূৱ ইউৰোপ *** উত্তৰ ইউৰোপ *** দক্ষিণ ইউৰোপ *** পশ্চিম ইউৰোপ ** এছিয়া *** মধ্য এছিয়া *** পূৱ এছিয়া *** উত্তৰ এছিয়া *** দক্ষিণ এছিয়া *** দক্ষিণ-পূৱ এছিয়া *** দক্ষিণ-পশ্চিম এছিয়া

তথ্যসূত্ৰ

  1. ↑ Frank, Andre G. (1998). ReORIENT: Global Economy in the Asian Age. University of California Press. ISBN 978-0-520-21474-3
  2. ↑ For example, Henry Field uses both terms in The University of California African Expedition: I, Egypt. American Anthropologist, New Series, Vol. 50, No. 3, Part 1 (Jul. - Sep., 1948), pp. 479-493
  3. ↑ Based upon population estimates for 2007 cited in a UN report, World Population Prospects: The 2006 Revision (Highlights).

সম্পৰ্কিত শ্ৰেণী

মহাদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এফ্ৰো-ইউৰেছিয়া” প্ৰবন্ধৰ সংশোধন ২৩৪৩৯৫ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।