ভাৰত ৰত্ন বঁটা বিজয়ী
৪৯ প্ৰবন্ধ
-
বিছমিল্লাহ খান
বিছমিল্লা খান (Bismillah Khan,; ১৯১৬-২০০৬) এগৰাকী ভাৰতীয় সংগীতজ্ঞ যি চেহনাইৰ জনপ্ৰিয়কৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। পৰম্পৰাগত ভাৰতীয় অনুষ্ঠানত চেহনাই বাদন পূৰ্বৰ পৰা কৰি অহা হৈছিল যদিও বিছমিল্লা খানে ইয়াৰ মান উচ্চ কৰি মঞ্চলৈ অনাত সহায় কৰিছিল।
-
চি এন আৰ ৰাও
চিন্তামণি নাগেশা ৰামচন্দ্ৰ ৰাও (চি. এন. আৰ. ৰাও হিচাপে প্ৰখ্যাত; Chintamani Nagesa Ramachandra Rao; ಚಿಂತಾಮಣಿ ನಾಗೇಶ ರಾಮಚಂದ್ರ ರಾಯ; জন্ম: ৩০ জুন ১৯৩৪) হৈছে এজন বিখ্যাত ভাৰতীয় ৰসায়নবিজ্ঞানী। তেওঁ মুখ্যতঃ কঠিন-অৱস্থা আৰ গাঁথনিক ৰসায়ন (structural chemistry) বিষয়ত কৰ্মৰত।
-
বিধান চন্দ্ৰ ৰয়
বিধান চন্দ্ৰ ৰয় (Bidhan Chandra Roy; ১৮৮২ – ১৯৬২) পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল। এই পদত তেখেত ১৯৪৮ চনৰ পৰা ১৯৬২ চনত মৃত্যু পৰ্যন্ত আছিল। এই সময়ছোৱাত নৱগঠিত পশ্চিমবংগ ৰাজ্যৰ প্ৰভুত উন্নতি হোৱা বাবে তেখেতক পশ্চিমবংগৰ ৰূপকাৰ বুলি অভিহিত কৰা হয়।
-
অৰুণা আছফ আলি
অৰুণা আছফ আলী (Aruna Asaf Ali; ১৯০৮-১৯৯৬) ভাৰতীয় স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰু আৰু সমাজকৰ্মী আছিল। অৰুণা আছফ আলীক আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙনিৰ বাবে ১৯৯১ চনত জৱাহৰলাল নেহৰু বঁটা প্ৰদান কৰা হয়।
-
কুমাৰ স্বামী কামৰাজ নাদাৰ
কুমাৰা স্বামী কামৰাজ নাদাৰ (Kumara Swami Kamraj Nadar) (১৯০৩-১৯৭৫) ১৯৭৬ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত হোৱা বিশিষ্ট ব্যক্তিগৰাকী হৈছে কুমাৰা স্বামী কামৰাজ নাদাৰ। ভাৰত ৰাজনৈতিক আৰু সামাজিক দিশলৈ তেওঁৰ বিশিষ্ট বৰঙণিৰ বাবে ভাৰত চৰকাৰে এই সন্মান আগবঢ়াইছিল।
-
খান আব্দুল গফ্ফৰ খান
খান আব্দুল গফুৰ খান(Khan Abdul Ghaffar Khan, পেছত:خان عبدالغفار خان সান আব্দুল-গ়াফ়্ফ়াৰ সান) (১৮৯০-১৯৮৮) আছিল এজন পাছতুন ৰাজনীতিবিদ আৰু ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অহিংসা আন্দোলনত ভাগ লোৱা এজন ধৰ্মীয় নেতা। তেখেতে ১৯৪২ চনৰ আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল।
-
গুলজাৰিলাল নন্দা
গুলজাৰিলাল নন্দা (Gulzarilal Nanda; ৪ জুলাই ১৮৯৮ – ১৫ জানুৱাৰী ১৯৯৮) আছিল ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ। ১৯৬৪ চনত জৱাহৰলাল নেহৰু আৰু ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ বাবে তেখেত দুবাৰকৈ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।
-
জাহাংগীৰ ৰতনজী দাদাভাই টাটা
জাহাংগীৰ ৰতনজী দাদাভাই টাটা চমুকৈ জে আৰ ডি টাটা (২৯ জুলাই ১৯০৪ – ২৯ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় উদ্যোগপতি, উদ্যমী, উৰাজাহাজ উদ্যোগী টাটা গ্ৰুপৰ অধ্যক্ষ আৰু টাটা চনছ্ৰ অংশীদাৰ আছিল। টাটা পৰিয়ালত জন্মগ্ৰহণ কৰা জাহাংগীৰ বিখ্যাত ব্যৱসায়ী ৰতনজী দাদাভাই টাটা আৰু সুজেইন "চনী" ব্ৰিয়েৰৰ সন্তান আছিল।
-
এম জি ৰামচন্দ্ৰন
এম. জি. ৰামচন্দ্ৰন (M. G. Ramachandran; ১৯১৭-১৯৮৭) অকুণ্ঠ দেশসেৱাৰ বাবে ১৯৮৮ চনত ভাৰত চৰকাৰে ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰে। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক আছিল তেওঁ।
-
চিদাম্বৰম সুব্ৰমনিয়াম
চিদাম্বৰম সুব্ৰমনিয়াম (Chidambaram Subramaniam; ৩০ জানুৱাৰী ১৯১০ – ৭ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰত কৃষি, বিত্ত আৰু ৰক্ষা মন্ত্ৰণালয়ৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহন কৰিছিল। পিছলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল।
-
মোক্ষগুণ্ডম বিশ্বেশ্বৰায়
মোক্ষগুণ্ডম বিশ্বেশ্বৰায় (Mokshagundam Visvesvaraya) (১৫ ছেপ্টেম্বৰ ১৮৬১ ― ১২ এপ্ৰিল ১৯৬২) এজন ভাৰতীয় অভিযন্তা, বিদ্বান আৰু লোকনায়ক। তেওঁ ১৯১২ চনৰ পৰা ১৯১৮ চনলৈ মহীশূৰৰ দেৱান আছিল। ১৯৫৫ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল।
-
ধন্দ কেশৱ কৰ্ৱে
ধন্দ কেশৱ কৰ্ৱে (১৮ এপ্ৰিল ১৮৫৮ – ৯ নৱেম্বৰ ১৯৬২), জনপ্ৰিয়ভাৱে মহৰ্ষি কৰ্ৱে, এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক আছিল। তেওঁ মহিলা সৱলীকৰণ আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত ভালেমান পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁৰ সন্মানৰ্থে মুম্বাইৰ কুইনছ ৰ'ডৰ নাম সলনি কৰি মহৰ্ষি কৰ্ৱে পথ ৰখা হৈছে।
-
নানাজী দেশমুখ
চণ্ডীকাদাস অমৃতৰাও দেশমুখ বা নানাজী দেশমুখ (नानाजी देशमुख; ১১ অক্টোবৰ ১৯১৬ – ২৭ ফেব্ৰুৱাৰী ২০১০) এগৰাকী ভাৰতীয় সমাজকৰ্মী। তেওঁ শিক্ষা, স্বাস্থ্য গ্ৰাম্য অঞ্চলৰ আত্মনিৰ্ভৰশীলতাৰ বাবে কাম কৰিছিল। তেওঁ এজন ভাৰতীয় জনতা পাৰ্টিৰ নেতা আছিল।
-
কৰ্পূৰী ঠাকুৰ
কৰ্পূৰী ঠাকুৰ (Karpoori Thakur; ২৪ জানুৱাৰী ১৯২৪ – ১৭ ফেব্ৰুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষক আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ প্ৰথমে ১৯৭০ চনৰ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ জুনলৈকে আৰু তাৰ পিছত ১৯৭৭ চনৰ জুন মাহৰ পৰা ১৯৭৯ চনৰ এপ্ৰিললৈকে বিহাৰৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে দুটা কাৰ্যকাল…
-
গোবিন্দ বল্লভ পণ্ট
গোবিন্দ বল্লভ পণ্ট (Govind Ballabh Pant; ১৮৮৭-১৯৬১) ভাৰতৰ অৰ্থ শাস্ত্ৰ, ৰাজনীতি আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা দেখুওৱা বিশিষ্ট ব্যক্তি আছিল। তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁ স্বাধীনতা যুঁজাৰু আছিল। তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী হৈ কাৰ্য-নিৰ্বাহ কৰিছিল।
-
সৰ্বেপল্লী ৰাধাকৃষ্ণন
ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণন (సర్వేపల్లి రాధాకృష్ణ; சர்வபள்ளி ராதாகிருஷ்ணன்; Sarvepalli Radhakrishnan) (, ৫ ছেপ্টেম্বৰ ১৮৮৮ – ১৭ এপ্ৰিল ১৯৭৫) এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লেখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।
-
পাণ্ডুৰাংগ বমন কানে
পাণ্ডুৰাংগ বমন কানে(Pandurang Vaman Kane) (১৮৭৫-১৯৫০) ভাৰত-ৰত্ন বঁটা বিজয়ী আছিল। তেওঁ মহাৰাষ্ট্ৰৰ প্ৰাচীন ভূগোল লেখন আৰু সম্পাদনা কৰিছিল। ১৯৪২ চনত বোম্বাই চৰকাৰে তেওঁক পাণ্ডিত্যৰ শলাগ লৈ মহামহোপাধ্যায় উপাধি প্ৰদান কৰিছিল। তেওঁ বোম্বাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
পুৰুষোত্তম দাস টেণ্ডন
পুৰুষোত্তম দাস টেণ্ডন (पुरुषोत्तम दास टंडन; Purushottam Das Tandon, জন্ম:১৮৮২- মৃত্যু:১৯৬২) এগৰাকী ভাৰতীয় স্বাধীনতা যুঁজাৰু আছিল। ১৯৫১ চনত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। মহাত্মা গান্ধীয়ে তেওঁক সেৱাৰ প্ৰতিমূৰ্ত্তি হিচাপে আদৰিছিল।
-
ভগৱান দাস
ভগৱান দাস (১২ জানুৱাৰী ১৮৬৯ – ১৮ ছেপ্টেম্বৰ ১৯৫৮) স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক। তেখেতে মদন মোহন মালব্যৰ লগত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্থাপনৰ বাবেও কাম কৰিছিল। তেওঁ কিছুসময়ৰ বাবে ব্ৰিটিছ ভাৰতৰ কেন্দ্ৰীয় বিধানসভাৰ সদস্য আছিল।