অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

সংখেড়া আচবাব

সংখেড়া আচবাব (Sankheda furniture) ভাৰতৰ গুজৰাটৰ চেগুন কাঠৰ ৰঙীন আচবাব। এই আচবাব সমূহ লাৰে ৰং কৰা হয় আৰু পৰম্পৰাগতভাৱে উজ্জ্বল গাঢ় ৰঙা আৰু সোণালী ৰং কৰা হয়। ইয়াক গুজৰাটৰ ছোটা উদয়পুৰ জিলাৰ সংখেড়া গাঁৱত প্ৰস্তুত কৰা হয় আৰু এই গাঁৱৰ নামৰ পৰা ইয়াৰ নাম আহিছে।

হালনাগাদ: ১০ মাৰ্চ ২০২১ ৩৩৫ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সংখেড়া আচবাব (Sankheda furniture) ভাৰতৰ গুজৰাটৰ চেগুন কাঠৰ ৰঙীন আচবাব। এই আচবাব সমূহ লাৰে ৰং কৰা হয় আৰু পৰম্পৰাগতভাৱে উজ্জ্বল গাঢ় ৰঙা আৰু সোণালী ৰং কৰা হয়।১ ইয়াক গুজৰাটৰ ছোটা উদয়পুৰ জিলাৰ সংখেড়া গাঁৱত প্ৰস্তুত কৰা হয় আৰু এই গাঁৱৰ নামৰ পৰা ইয়াৰ নাম আহিছে। ২ এই গাওঁখন ভদোদৰাৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগত অৱস্থিত। ৩

শেহতীয়াকৈ ইয়াত পাৰম্পৰিক ৰঙৰ সৈতে ক'লা, নীলা, সেউজীয়া, হাতী দাঁতৰ ৰং, তাম, ৰূপালী ৰঙো গ্ৰহণ কৰা হৈছে। আচবাব সমূহ ভাৰততে ব্যাপকভাৱে বিক্ৰী কৰা নহয়। কিন্তু ইউৰোপ আৰু পশ্চিম এছিয়াকে ধৰি বহুতো দেশলৈ ৰপ্তানি কৰা হয়। বৰ্তমান ৰাসায়নিক ৰঞ্জক গ্ৰহণ কৰাৰ সৈতে কেৱড়া পাতৰ পৰম্পৰাগত জৈৱিক ৰং আৰু মণ্ডৰ পৰিৱৰ্তে ৰঙৰ আধাৰ হিচাপে ব্যৱহাৰ কৰা হয়। পেলেটত আচবাব বোৰ ৰং কৰাৰ বাবে বহুতো ৰং আছে। অৱশ্যে "স্বচ্ছ লাৰ লেপ থকা টিনপাতৰ প্ৰকাৰ" হৈছে মৌলিকভাবে ব্যৱহাৰ কৰা পৰম্পৰাগত পদ্ধতি। ইয়াক বৰ্তমানেও অব্যাহত ৰখা হৈছে৪ আৰু আচবাবসমূহ এগেটেৰে পালিছ কৰা হয়।৫

এই সামগ্ৰীসমূহ ভাৰত চৰকাৰৰ ভৌগোলিক সামগ্ৰী (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ৰ অধীনত সুৰক্ষিত আৰু ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত। ইয়াক পেটেণ্ট ডিজাইন আৰু ট্ৰেডমাৰ্কৰ নিয়ন্ত্ৰক জেনেৰেলৰ দ্বাৰা ২০০৭ চনৰ ৫ জুলাই তাৰিখে "সংখেড়া আচবাব" শীৰ্ষকৰ অধীনত পঞ্জীয়ন কৰা হৈছিল আৰু ২০০৭ চনৰ ৫ জুলাই তাৰিখে শ্ৰেণী ২০ৰ অধীনত জিআই এপ্লিকেচন নম্বৰ ১০০ত হস্তশিল্প সামগ্ৰী হিচাপে তালিকাভুক্ত কৰা হৈছিল।৬৭৮

ইতিহাস

সৰু টেবুল, সংখেড়া আচবাবৰ আৰ্হি
সৰু টেবুল, সংখেড়া আচবাবৰ আৰ্হিছবি: Nvvchar · CC BY-SA 4.0

ঐতিহাসিক তথ্য অনুসৰি ১৭ শতিকাত এজন ফৰাচী লেখক জৰ্জ ৰোককুৱেছ আৰু ব্ৰিটিছ অসামৰিক সেৱক জেমছ ফৰ্বছে এই প্ৰকাৰৰ আচবাবৰ বিষয়ে উল্লেখ কৰিছিল। সেই সময়ত এই আচবাব তৈয়াৰ কৰিবলৈ ব্যৱহৃত চেগুন কাঠ ভালচাডৰ পৰা পৰিবহণ কৰা হৈছিল আৰু আচবাববোৰ থলুৱা ৰঙেৰে ৰং কৰা হৈছিল। সামগ্ৰীটো তেতিয়া চুৰাট আৰু খামহাট বন্দৰৰ পৰা ৰপ্তানি কৰা হৈছিল।১

এই শিল্পৰ উৎপত্তিৰ বিষয়ে বৰ্ণনা কৰা এটা স্থানীয় কিংবদন্তি হৈছে যে এজন আধ্যাত্মিকমুখী ব্যক্তিয়ে মোগল আক্ৰমণকাৰীসকলক এৰাই চলিবলৈ সংখেড়া গাৱলৈ আহিছিল আৰু খৰিকটীয়া এজনৰ সৈতে এক কুটিত বাস কৰিছিল। খৰিকটীয়াজনে তেওঁক সেৱা শুশ্ৰূষা আৰু ভালদৰে চোৱা-চিতা কৰিছিল। তেওঁৰ সৈতে দীৰ্ঘ সময় ধৰি থকাৰ পিছত এদিন তেওঁ হঠাতে অদৃশ্য হৈ গৈছিল। অৱশ্যে তেওঁ গাঁৱৰ পৰা অদৃশ্য হৈ যোৱা নিশা খৰিকটীয়াজনে তেওঁক তেওঁৰ সপোন দেখিছিল আৰু ঋষিৰ দৰে ব্যক্তিজনে তেওঁক এগৰাকী দক্ষ কথমিস্ত্ৰী হবলৈ আশীৰ্বাদ দিছিল। তাৰপিছত খৰিকটীয়া জনে এজন কথমিস্ত্ৰী হৈ পৰিছিল আৰু লাৰ লেপ ব্যৱহাৰ কৰি আচবাব খোদাই কৰা আৰম্ভ কৰিছিল।১

এই পাৰম্পৰিক হস্তশিল্পৰ প্ৰচাৰৰ বাবে আহমেদাবাদত এটা প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰা হৈছে।১

সামগ্ৰীসমূহ

তিনিজনীয়া চোফা, হেডবোৰ্ড, বিছনা, বাগিচাৰ দোলনা, ড্ৰেছিং টেবুল, ৰকিং চকী, টেবুল, স্ক্ৰীণ, দিৱন আদিৰ বিস্তৃত পৰিসৰত পৰম্পৰাগত আচবাবৰ উপৰিও,৯১০ এই শৈলীৰ অন্যান্য হস্তশিল্প উদ্ভাৱনসমূহ হৈছে বেৰ-হেংগিং, পেডেষ্টেল লেম্প, ফুলদানী আৰু পেন ষ্টেণ্ড, পুতলা, পাকঘৰৰ সামগ্ৰী আদিও প্ৰস্তুত কৰা হয়।১ যদিও ইয়াৰ ডিজাইনবোৰ দেখিবলৈ ভংগুৰ কিন্তু আচবাববোৰ স্থায়ী আৰু দীৰ্ঘ সময়ধৰি ভালে থাকে। ১১ এই পৰম্পৰাগত আচবাবসমূহ বিবাহৰ সময়ত শুভ উপহাৰ হিচাপে উপহাৰ দিয়াটো গুজৰাটী সম্প্ৰদায়ৰ মাজত এক পাৰম্পৰিক ৰীতি।১

তথ্য উৎস

গ্ৰন্থৰাজি

তথ্যসূত্ৰ

  1. ↑ Sarkar, Samir. (2 March 2002). Sankheda changes colours. Tribune India
  2. ↑ Tyagi 2008, পৃ. 24
  3. ↑ Pandya 2007, পৃ. 46
  4. ↑ Pandya 2007, পৃ. 46
  5. ↑ (1982). Indica. Heras Institute of Indian History and Culture, St. Xavier's College. পৃ. 135
  6. ↑ (31 March 2005). Journal 29 – Controller General of Patents, Designs, and Trade Marks. Office of the Controller General of Patents, Designs & Trade Marks
  7. ↑ State Wise Registration Details Of G.I Applications. Controller General of Patents Designs and Trademarks
  8. ↑ (9 May 2014). Geographical Indications Journal No. 58. Government of India
  9. ↑ Christian 2006, পৃ. 10
  10. ↑ Ward 1998, পৃ. 16
  11. ↑ Christian 2006, পৃ. 10

সম্পৰ্কিত শ্ৰেণী

গুজৰাটহস্তশিল্পভাৰতৰ ভৌগোলিক স্বীকৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংখেড়া আচবাব” প্ৰবন্ধৰ সংশোধন ২৬৭১৮০ (১০ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।