ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ
৪৫ প্ৰবন্ধ
-
ধোলাভীড়া
ধোলাভীড়া (ધોળાવીરા) গুজৰাটৰ কচ্ছ জিলাত অৱস্থিত এক পুৰাতাত্বিক ক্ষেত্ৰ। ক্ষেত্ৰখনৰ নামটো ১ কি:মি: দূৰত্বত অৱস্থিত একে নামৰ গাঁওখনৰ পৰা লোৱা হৈছে। স্থানীয়ভাৱে কটাড়া টিম্বা নামেৰে জনাজাত ধোলাভীড়াত সিন্ধু সভ্যতাৰ নগৰৰ ভগ্নাৱশেষ আছে।
-
পট্টডাকাল স্মাৰকসমূহ
পট্টডাকাল স্মাৰকসমূহ (Group of Monuments at Pattadakal) ১৯৮৭ চনত ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয় । ইয়াত নটা গুৰুত্বপূৰ্ণ হিন্দু মন্দিৰ আৰু এটা জৈন মঠ বিদ্যমান। ইয়াৰ মাজত বিৰুপক্ষ মন্দিৰটো ৭৪০ খ্ৰীষ্টাব্দত ৰাণী লোকমহাদেবীয়ে স্বামীৰ দক্ষিণ ভাৰত বিজয় উপলক্ষে নিৰ্মাণ কৰিছিল।
-
প্ৰাচীন গোৱা
গোৱাৰ গীৰ্জা আৰু কনভেন্টসমূহ বিশ্ব ঐতিহ্য তালিকাৰ (ii), (iv) আৰু (vi) বিভাগৰ অন্তৰ্গত ১৯৮৬ চনত ইউনেস্কোৰ স্বীকৃতি লাভ কৰে। ষোড়শ-অষ্টাদশ শতাব্দীৰ মধ্যবৰ্তী সময়ত গোৱাৰ পৰ্তুগীজ ঔপনিবেশিক শাসকসকলে এই গীৰ্জাসমূহ নিৰ্মাণ কৰে।
-
মহান জীৱন্ত চোল মন্দিৰসমূহ
মহান চোল মন্দিৰসমূহ (Great Living Chola Temples) চোল সম্ৰাটসকলৰ দ্বাৰা নিৰ্মিত। এইসমূহ সমগ্ৰ দক্ষিণ ভাৰত আৰু তাৰ প্ৰতিৱেশী দ্বীপসমূহত সিঁচৰিত হৈ আছে৷ এই সাংস্কৃতিক ঐতিহ্যবাহী স্থানটিত একাদশ আৰু দ্বাদশ শতাব্দীত নিৰ্মিত তিনটি বৃহদাকাৰ মন্দিৰ অন্তৰ্ভুক্ত হৈছে।
-
ৰাণী কি বাৱ
ৰাণী কি বাৱ (Rani ki Vav) ভাৰতৰ গুজৰাট ৰাজ্যৰ পাটন চহৰত অৱস্থিত এক ঐতিহাসিক স্থল। আক্ষৰিক ভাবে ৰাণী কি বাৱৰ অৰ্থ হৈছে 'ৰাণীৰ খটখটিযুক্ত কুঁৱা'। এই স্থল সৰস্বতী নদীৰ পাৰত অৱস্থিত। একাদশ শতিকাৰ চৌলুক্য ৰজা ভীম প্ৰথমৰ পত্নী উদয়মতী ইয়াক নিৰ্মাণ কৰাইছিল বুলি কোৱা হয়।
-
কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান
কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান বা কাঞ্চনজংঘা বায়স্ফেয়াৰ ৰিজাৰ্ভ ভাৰতৰ ছিক্কিমত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যান আৰু বায়স্ফেয়াৰ ৰিজাৰ্ভ। ২০১৬ চনৰ জুলাই মাহত অনুষ্ঠিত হোৱা ৪০তম অধিবেশনত ইয়াক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।
-
গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান
গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ হিমাচল প্ৰদেশৰ কুল্লু অঞ্চলত অৱস্থিত সংৰক্ষিত ৰাষ্ট্ৰীয় উদ্যান। ১৯৮৪ চনত এই ৰাষ্ট্ৰীয় ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ১,১৭১ বৰ্গ কিলোমিটাৰ আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৬০০ মিটাৰৰ পৰা ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত।
-
চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান
চম্পানেৰ-পাৱাগড় পুৰাতাত্বিক উদ্যান (Champaner-Pavagadh Archaeological Park) গুজৰাট ৰাজ্যৰ পাঁচমহল জিলাত অৱস্থিত। ২০০৪ চনত প্ৰাকৃতিক ক্ষেত্ৰ হিচাপে ই ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰে। ইয়াত অনেক অখননকৃত পুৰাতাত্বিক, ঐতিহাসিক আৰু জীৱ-সাংস্কৃতিক ঐতিহ্য সম্পত্তি আছে।
-
চেন্নাকেশৱ মন্দিৰ, বেলুৰ
চেন্নাকেশৱ মন্দিৰ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ হাছান জিলাত অৱস্থিত দ্বাদশ শতিকাৰ এটা হিন্দু মন্দিৰ। ভগৱান বিষ্ণুৰ প্ৰতি সমৰ্পিত এই মন্দিৰ বেলুৰৰ কেশৱ বা বিজয়নাৰায়ণ মন্দিৰ বুলিও কোৱা হয়। ১১১৭ খ্ৰীষ্টাব্দত হয়চাল সাম্ৰাজ্যৰ প্ৰাচীন ৰাজধানী বেলুৰৰ য়গাচী নদীৰ পাৰত ৰজা বিষ্ণুবৰ্ধনে ইয়াক নিৰ্মাণ কৰাইছিল।
-
বৃহদীশ্বৰ মন্দিৰ
বৃহদীশ্বৰ মন্দিৰ, ইয়াৰ নিৰ্মাতাই ৰাজাৰাজেশ্বৰম (ৰাজাৰাজৰ প্ৰভু) নামেৰে নামকৰণ কৰা আৰু স্থানীয়ভাৱে থাঞ্জাই পেৰিয়া কোভিল (থাঞ্জাভুৰৰ বৃহৎ মন্দিৰ) আৰু পেৰুৱুদৈয়াৰ কোভিল নামেৰে পৰিচিত, হৈছে শৈৱ হিন্দু মন্দিৰ, যি চোল স্থাপত্যশৈলীত নিৰ্মিত আৰু ভাৰতৰ কাবেৰী নদীৰ দক্ষিণ পাৰৰ থাঞ্জাভুৰ, তামিলনাডু, ভাৰতত…
-
হয়চালৰ পবিত্ৰ সংহতি
হয়চালৰ পবিত্ৰ সংহতি ভাৰতৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত দক্ষিণ ভাৰতৰ তিনিটা হয়চাল শৈলীৰ মন্দিৰৰ এটা গোট বা সংহতি। সোমনাথপুৰ, বেলুৰ আৰু হালেবিডুৰ এই মন্দিৰসমূহ হয়চাল সাম্ৰাজ্যৰ অধীনত দ্বাদশ আৰু ত্ৰয়োদশ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
-
গোৱাৰ গীৰ্জা আৰু কনভেণ্ট
গোৱাৰ গীৰ্জা আৰু কনভেণ্ট ( Churches and convents of Goa) হৈছে ভাৰতৰ গোৱা ৰাজ্যৰ গোৱা ভেলা (বা পুৰণি গোৱা)ত অৱস্থিত ধৰ্মীয় কীৰ্তিচিহ্নসমূহৰ এটা গোটক ইউনেস্কোৱে দিয়া নাম, যিবোৰক ১৯৮৬ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল।
-
মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল
মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত ১৯ শতিকাৰ ভিক্টৰীয়ান নিঅ' গথিক স্থাপত্য কলাৰ ৰাজহুৱা ভৱন আৰু ২০ শতিকাৰ মুম্বাই ফৰ্টৰ আশে-পাশে থকা আৰ্ট ডেক' এনচেম্বেলৰ সংগ্ৰহ।
-
ৰাজস্থানৰ পাহাৰীয়া দুৰ্গ
ৰাজস্থানৰ পাহাৰীয়া দুৰ্গ ( Hill Forts of Rajasthan) হৈছে উত্তৰ ভাৰতৰ ৰাজস্থান ৰাজ্যত বিস্তৃত ছটা দুৰ্গ। ধাৰাবাহিক হিচাপে গোট খুৱাই ২০১৩ চনত ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
-
ৰামাপ্পা মন্দিৰ
ৰামাপ্পা মন্দিৰ (Ramappa Temple) ৰুদ্ৰেশ্বৰা মন্দিৰ হিচাপেও পৰিচিত৷ ৰামাপ্পা মন্দিৰ হৈছে ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান৷ এই মন্দিৰটো দক্ষিণ ভাৰতৰ টেলাংগানা জিলাত অৱস্থিত৷ হায়দৰাবাদৰ পৰা এই মন্দিৰটো ২০৯ কিলোমিটাৰ (১৩০ মাইল) নিলগত৷ মুলুগু জিলাৰ ভেংকটপুৰ মণ্ডলৰ পালেমপেট নামৰ এখন ক্ষুদ্ৰাকৃতিৰ গাঁৱত…