আগ্ৰা প্ৰেচিডেঞ্চি (Presidency of Agra) ব্ৰিটিছ ৰাজত গঠন হোৱা চাৰিখন প্ৰেচিডেঞ্চিৰ ভিতৰত এখন আছিল আৰু ১৯ শতিকাৰ প্ৰথমাৰ্ধত ভাৰতক বিভক্ত কৰা আঠটা পৃথক পৃথক প্ৰশাসনীয় গোটৰ অন্যতম আছিল। অন্য তিনিখন প্ৰেচিডেঞ্চি আছিল- বেংগল, বম্বে, আৰু মাদ্ৰাচ প্ৰেচিডেঞ্চি। ইয়াৰ আয়তন আছিল ৯,৪৭৯ বৰ্গমাইল (২৪,৫৫০ বৰ্গকিলোমিটাৰ) আৰু জনসংখ্যা আছিল প্ৰায় ৪,৫০০,০০০।১
১৮৩৪ চনৰ ১৪ নৱেম্বৰত ভাৰত চৰকাৰ আইন ১৮৩৩ৰ (3 & 4 Will. 4. c. 85) ২ বিধান অনুসৰি [[সমৰ্পিত আৰু বিজিত প্ৰদেশবোৰৰ পুনৰ্গঠন]ৰ] মাধ্যমেদি আগ্ৰা প্ৰেচিডেঞ্চি স্থাপন কৰা হয়। ছাৰ চি টি মেটকাফক প্ৰেচিডেঞ্চিৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হয়।৩ কিন্তু ১৮৩৫ চনত সংসদৰ আন এক আইন, ভাৰত (উত্তৰ-পশ্চিম প্ৰদেশ) আইন ১৮৩৫-ৰ (5 & 6 Will. 4. c. 52) দ্বাৰা অঞ্চলটোৰ নাম সলনি কৰি উত্তৰ-পশ্চিম প্ৰদেশ কৰা হয় আৰু এজন লেফটেনেণ্ট গৱৰ্ণৰৰ দ্বাৰা পৰিচালিত হয়। ১৮৩৬ চনৰ ১ জুনৰ পিছত আগ্ৰা প্ৰেচিডেঞ্চিৰ অস্তিত্ব নাইকীয়া হৈ যায়।
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Agra. Chestofbooks.com
- ↑ Agrawal, P.K. (1993). Land Reforms in India: Constitutional and Legal Approach (with Special Reference to Uttar Pradesh). M.D. Publications. পৃ. 7. ISBN 978-81-85880-09-9
- ↑ (1908). Imperial Gazetteer of India vol. V. পৃ. 72
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আগ্ৰা প্ৰেচিডেঞ্চি” প্ৰবন্ধৰ সংশোধন ৪৬১০৯৪ (২ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।