অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

সম্পত্তি

বিত্তীয় হিচাপকৰণত (Financial Accounting) সম্পত্তি (Asset) -ৰ অৰ্থ হৈছে অৰ্থনৈতিক বিভৱ বা উপাদান। যোগাত্মক অৰ্থনৈতিক মূল্য থকা আৰু অধিকাৰ স্থাপন তথা মূল্য উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যিকোনো স্পৰ্শনীয় বা অস্পৰ্শনীয় বস্তুকে সম্পত্তি হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২ অক্টোবৰ ২০২৩ ৫৮৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বিত্তীয় হিচাপকৰণত (Financial Accounting) সম্পত্তি (Asset) -ৰ অৰ্থ হৈছে অৰ্থনৈতিক বিভৱ বা উপাদান। যোগাত্মক অৰ্থনৈতিক মূল্য থকা আৰু অধিকাৰ স্থাপন তথা মূল্য উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যিকোনো স্পৰ্শনীয় বা অস্পৰ্শনীয় বস্তুকে সম্পত্তি হিচাপে গণ্য কৰা হয়। সাধাৰণভাৱে, সম্পত্তিয়ে মালিকীস্বত্বৰ মূল্যক প্ৰতিনিধিত্ব কৰে যাক ধন বা মুদ্ৰালৈ (cash) ৰূপান্তৰ কৰিব পৰা যায়। অৱশ্যে ধন বা মুদ্ৰাও একপ্ৰকাৰৰ সম্পত্তি।১

এটা প্ৰতিষ্ঠানৰ উদ্বৃত্ত মিলন পত্ৰ অৰ্থাৎ বেলেঞ্চ শ্বিটখনে প্ৰতিষ্ঠানটোৱে অধিকাৰ কৰি থকা সম্পত্তিসমূহৰ মুদ্ৰা মূল্যসমূহ২ লিপিৱদ্ধ কৰে। এইসমূহ হৈছে এজন ব্যক্তি অথবা ব্যৱসায়ৰ টকা বা আন মূল্যৱান সামগ্ৰীসমূহ।১ সম্পত্তিৰ দুটা মুখ্য শ্ৰেণী হৈছে স্পৰ্শণীয় আৰু অস্পৰ্শণীয় সম্পত্তি। স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিকে ধৰি স্পৰ্শণীয় সম্পত্তিৰ কেইবাটাও বিভাগ আছে।৩ মজুত সম্ভাৰ (inventory) অস্থাৱৰ সম্পত্তিত অন্তৰ্ভুক্ত, আনহাতে গৃহ-ভৱন, আচবাব পত্ৰ আদি স্থাৱৰ সম্পত্তি। ৪

অস্পৰ্শণীয় সম্পত্তিসমূহ হৈছে বাহ্যিক অস্তিত্ববিহীন বিভৱ তথা স্বত্বসমূহ যাৰ প্ৰতিষ্ঠানটোত এক মূল্য আছে আৰু ই ব্যৱসায়িক স্থানত প্ৰতিষ্ঠানটোক কিছু সুবিধা প্ৰদান কৰে। সুনাম, কপিৰাইট, ট্ৰেডমাৰ্ক, পেটেণ্ট আৰু কম্পিউটাৰ প্ৰগ্ৰেমসমূহ এনে সম্পত্তিৰ উদাহৰণ।

সংজ্ঞা

সম্পত্তি হৈছে "অৰ্থনৈতিক মূল্যযুক্ত এক বিভৱ যাক কোনো ব্যক্তি, ব্যৱসায়িক প্ৰতিষ্ঠান বা দেশে ভৱিষ্যতে ই লাভালাভ প্ৰদান কৰাৰ আশাত ধাৰণ তথা নিয়ন্ত্ৰণ কৰে। "৫

সম্পত্তিৰ বৈশিষ্ট্য

আন্তঃৰাষ্ট্ৰীয় হিচাপকৰণ মান মণ্ডলী৬ সম্পত্তিৰ সংজ্ঞা দাঙি ধৰিছে। আৰ এফ আৰ এছ ফ্ৰেমৱৰ্কৰ মতে, "সম্পত্তি হৈছে পূৰ্বকালীন কাম-কাজৰ ফলস্বৰূপে এটা প্ৰতিষ্ঠানে নিয়ন্ত্ৰণ কৰা বৈভৱ আৰু ভৱিষ্যতে ইয়াৰপৰা প্ৰতিষ্ঠানটোৰ অৰ্থনৈতিক লাভালাভ হোৱাটো আশা কৰা যায়। "৭

হিচাপকৰণত সম্পত্তি

হিচাপকৰণৰ দিশৰ পৰা এক সম্পদ বুলি প্ৰমাণ কৰিবলৈ সম্পত্তি এটাৰ লাভালাভ উলিওৱাৰ প্ৰয়োজন নাই। প্ৰতিষ্ঠানটোৱে ইয়াক ভিন্নধৰণে নিয়ন্ত্ৰণ কৰিব পাৰে।

হিচাপ সমীকৰণে (accounting equation) সম্পত্তি, দেনা (লায়েবিলিটিজ) আৰু অংশীদাৰৰ (বা গৰাকী) প্ৰাপ্যৰ (owner's equity) সংযোগ স্থাপন কৰে:

সম্পত্তি = দেনা + অংশীদাৰসকলৰ (গৰাকীৰ) প্ৰাপ্য সম্পত্তি = দেনা + মূলধন দেনা = সম্পত্তি + মূলধন মূলধন = সম্পত্তি - দেনা

অৰ্থাৎ এটা প্ৰতিষ্ঠানৰ মুঠ সম্পত্তিৰ মূল্য মুঠ দেনা আৰু অংশীদাৰসকলৰ প্ৰাপ্যৰ যোগফলৰ সমান।

জেনেৰেলী এক্চেপ্টেড একাউণ্টিং প্ৰিন্সিপলছ চমুকৈ GAAP-ৰ নীতি অনুসৰি কোম্পানী এটাৰ উদৃত্ত মিলন পত্ৰখনত (বেলেঞ্চ শ্বিট) সম্পত্তিসমূহ কেইটামানত ভাগত ভগাই দেখুওৱা হয় আৰু ইয়াৰ নিয়মসমূহ দেশভেদে ভিন্ন হয়।৮

অস্থাৱৰ সম্পত্তি

ধন বা মুদ্ৰা আৰু ব্যৱসায়টোৰ স্বাভাৱিক গতিত অসুবিধাৰ সৃষ্টি নকৰাকৈ এবছৰ নাইবা কাৰ্যচক্ৰৰ (operating cycle) ভিতৰত মুদ্ৰালৈ ৰূপান্তৰ হ'বলগা বা শেষ হৈ যাবলগা সম্পত্তিবোৰেই অস্থাৱৰ সম্পত্তি(current assets)। এনে সম্পত্তিৰ পাঁচটা প্ৰধান উপাদান আছে। এইকেইটা হৈছে:

  1. মুদ্ৰা আৰু মুদ্ৰা সমকক্ষ - এয়া হৈছে আটাইতকৈ নমনীয় সম্পত্তি যাৰ ভিতৰত মুদ্ৰা, জমা একাউণ্ট আৰু হস্তান্তৰযোগ্য সঁজুলি (nigotiable instruments) (চেক, বিলছ অফ এক্সচেঞ্জ, অংগীকাৰ পত্ৰ, বেঙ্ক ড্ৰাফ্ট আদি)।
  2. হ্ৰস্বকালীন বিনিয়োগ - অদূৰ ভৱিষ্যতে তাৎক্ষণিক মূল্য পাৰ্থক্যৰ সময়ত বিক্ৰী কৰি লাভ কৰিবৰ বাবে ক্ৰয় কৰি ধাৰণ কৰি ৰখা ছিকিউৰিটিসমূহ ইয়াৰ ভিতৰত পৰে।
  3. পাওনা - আহৰণ কৰিব নোৱাৰা পাওনাদাৰসকলৰ বিপৰীতে ইয়াক বাট্টা হিচাপে দেখুওৱা হয়।
  4. মজুত সম্ভাৰ - মজুত সম্ভাৰ বা ইনভেণ্টৰি তিনি প্ৰকাৰৰ হ'ব পাৰে: কেঁচামাল, উৎপাদনৰ কাম কিছু অংশ হোৱা পণ্যদ্ৰৱ্য আৰু উৎপাদিত পণ্যদ্ৰৱ্য।
  5. অগ্ৰিম আদায়কৃত খৰচ - নিৰ্দিষ্ট সামগ্ৰী বা সেৱা গ্ৰহণ কৰাৰ আগতেই ইয়াৰ বিপৰীতে প্ৰদান কৰা ধন।

দীৰ্ঘকালীন বিনিয়োগ

দীৰ্ঘকালীন বিনিয়োগসমূহক চমুকৈ বিনিয়োগ বুলি কোৱা হয়। এনে বিনিয়োগসমূহ দীঘলীয়া সময়ৰ কাৰণে কৰা হয়। বিনিয়োগসমূহ সাধাৰণতে তিনি প্ৰকাৰৰ হয়:

  1. বণ্ড, ষ্টক বা দীৰ্ঘকালীন পত্ৰত (হুণ্ডী আদি) বিনিয়োগ।
  2. কৰ্মক্ষেত্ৰত প্ৰয়োগ হোৱা স্থাৱৰ সম্পত্তি যেন বিক্ৰী কৰিবৰ বাবে ধাৰণ কৰি থকা ভূমি আদিত বিনিয়োগ।
  3. বিশেষ পুঁজি যেনে ছিংকিং ফাণ্ড (ব্যৱসায় প্ৰতিষ্ঠান এটাই ভৱিষ্যতে কোনো বিশেষ কামৰ বাবে জমা কৰা পুঁজি) বা পেঞ্চন পুঁজিত বিনিয়োগ।

বিভিন্নধৰণৰ বীমাকো বিনিয়োগ হিচাপে ধৰিব পাৰি।

স্থাৱৰ সম্পত্তি

স্থাৱৰ সম্পত্তিবোৰ ব্যৱসায়টোত দীৰ্ঘকালৰ ব্যৱহাৰৰ বাবে ক্ৰয় কৰা হয়। মুক্ত ভূমি (মাটি), গৃহ-ভৱন, আচবাব-পত্ৰ, যন্ত্ৰ-পাতি, কাৰিকৰী সা-সঁজুলি আৰু কিছু ক্ষয়িষ্ণু সম্পদ যেনে কাঠনি, খনিজ আদি স্থাৱৰ সম্পত্তি।

অস্পৰ্শণীয় সম্পত্তি

অস্পৰ্শণীয় সম্পত্তিৰ কোনো বাহ্যিক অস্তিত্ব বা অৱয়ব নাথাকে। পেটেণ্ট, কপিৰাইট, সুনাম, ট্ৰেডমাৰ্ক, ট্ৰেডনেম আদি এনে সম্পত্তি। আমেৰিকান জেনেৰেলি এক্চেপ্টেড একাউণ্টিঙ প্ৰিন্সিপলছৰ (GAAP) মতে সুনাম অৰ্থাৎ গুডৱিলৰ বাদে এই সম্পত্তিসমূহ ৫ৰপৰা ৪০ বছৰৰ ভিতৰত খৰচলৈ স্থানান্তৰ কৰি আঁতৰাই পেলাব লাগে।

ৱেবছাইটসমূহ ভিন্ন দেশত স্পৰ্শণীয় আৰু অস্পৰ্শণীয় দুই ধৰণে ভাগ কৰা হয়।

স্পৰ্শণীয় সম্পত্তি

বাহ্যিক অৱয়বযুক্ত সম্পত্তিসমূহেই স্পৰ্শণীয় সম্পত্তি, যেনে মুদ্ৰা, গৃহ-ভৱন, মাটি-বাৰী, যান-বাহন, মজুত পণ্যদ্ৰৱ্য সম্ভাৰ, সা-সঁজুলি আৰু মূল্যৱান ধাতু আদি।

অস্থাৱৰ, নমনীয় আৰু অতি নমনীয় সম্পত্তিৰ তুলনা

অস্থাৱৰ সম্পত্তিনমনীয় সম্পত্তিঅতি নমনীয় সম্পত্তি
মজুত সম্ভাৰ
অগ্ৰিম আদায়কৃত খৰচ
দেনাদাৰদেনাদাৰ
প্ৰাপ্য বিলপ্ৰাপ্য বিল
মজুত ধনমজুত ধনমজুত ধন
বেঙ্কত জমা ধনবেঙ্কত জমা ধনবেঙ্কত জমা ধন
পাবলৈ থকা আৰ্জনপাবলৈ থকা আৰ্জনপাবলৈ থকা আৰ্জন
ধাৰে দিয়া আৰু অগ্ৰিম ধন (হ্ৰস্বকালীন)ধাৰে দিয়া আৰু অগ্ৰিম ধন (হ্ৰস্বকালীন)ধাৰে দিয়া আৰু অগ্ৰিম ধন (হ্ৰস্বকালীন)
বাণিজ্যিক বিনিয়োগ (হ্ৰস্বকালীন)বাণিজ্যিক বিনিয়োগ (হ্ৰস্বকালীন)বাণিজ্যিক বিনিয়োগ (হ্ৰস্বকালীন)

তথ্যসূত্ৰ

  1. ↑ Sullivan, Arthur. (2003). Economics: Principles in action. Pearson Prentice Hall. পৃ. 272. ISBN 0-13-063085-3
  2. ↑ J. G. Siegel, N. Dauber & J. K. Shim, "The Vest Pocket CPA", Wiley, 2005
  3. ↑ J. Downes, J.E. Goodman, "Dictionary of Finance & Investment Terms", Baron's Financial Guides, 2003
  4. ↑ J. Downes, J.E. Goodman, "Dictionary of Finance & Investment Terms", Baron's Financial Guides, 2003; and J. G. Siegel, N. Dauber & J. K. Shim, "The Vest Pocket CPA", Wiley, 2005
  5. ↑ Definition of 'Asset'. Investopedia.com
  6. ↑ আন্তঃৰাষ্ট্ৰীয় হিচাপকৰণ মান মণ্ডলী
  7. ↑ IASB. IASB
  8. ↑ Intermediate Accounting--Kieso, et. al

সম্পৰ্কিত শ্ৰেণী

বাণিজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সম্পত্তি” প্ৰবন্ধৰ সংশোধন ৩৮৪২৮৫ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।