জ্যামিতিত দশভূজ (গ্ৰীক শব্দ δέκα ডেকা আৰু γωνία gonía, "দহটা কোন") হৈছে দহটা বাহু যুক্ত এটা বহুভুজ বা ১০-ভুজ। ১ ইয়াৰ বৰ্হিকোন আৰু আন্তঃকোন সমূহৰ যোগফল ১৪৪০°
বৈশিষ্ট্য
- ইয়াৰ মুঠ বাহু আৰু কোণৰ সংখ্যা ১০, কৰ্ণৰ সংখ্যা ২০।
- এটা সুষম দশভূজৰ প্ৰতিটো বাহুৰ দৈঘ্য সমান আৰু প্ৰতিটো আন্তঃকোনৰ মাপ ১৪৪°.১
- এটা সুষম দশভূজৰ ক্ষেত্ৰফল যেতিয়া ইয়াৰ প্ৰতিটো বাহুৰ দৈঘ্য a দিয়া থাকে:২
⟨A = \frac{5}{2} a^2\cot\left(\frac{\pi}{10} \right) = \frac{5}{2} a^2\sqrt{5+2\sqrt{5}} \simeq 7.694208843\,a^2⟩
- "a" বাহু দৈঘ্যৰ এটা সুষম দশভূজৰ পৰিসীমা হৈছে ⟨10a⟩ একক।
- ই এটা বহুভুজ,
- এটা সুষম দশভূজৰ প্ৰতিটো বৰ্হিকোণৰ মাপ ৩৬°
অংকন প্ৰণালী
কম্পাছ আৰু স্কেলৰ ব্যৱহাৰৰ দ্বাৰা বা এটা সুষম পঞ্চভূজৰ বাহু সমূহৰ সমদ্বীখণ্ডক আঁকি এটা দশভূজ অংকন কৰিব পৰা যায়।৩
- এটা বৃত্তৰ ব্যাস দৈঘ্যৰ সমান উচ্চতাৰে দেখুৱা ধৰণে এটা পঞ্চভূজ অংকন কৰক।
- প্ৰতিটো কোণৰ পৰা বৃত্তৰ কেন্দ্ৰৰ মাজেৰে বিপৰীত বাহুলৈ একোডাল ৰেখা অংকন কৰিব। য'ত প্ৰতিটো ৰেখাই দশভূজৰ একোটা কোণক কাটিব।
- এতিয়া পঞ্চভূজৰ বাহুক কটা প্ৰতিটো বিন্দুক সমীপৱৰ্তী বিন্দুৰে সংযোগ কৰিলে এটা দশভূজ পোৱা যাব।
তথ্যসূত্ৰ
- ↑ Sidebotham, Thomas H. (2003). The A to Z of Mathematics: A Basic Guide. John Wiley & Sons. পৃ. 146. ISBN 9780471461630
- ↑ (1850). The elements of plane and spherical trigonometry. Society for Promoting Christian Knowledge. পৃ. 59. Note that this source uses a as the edge length and gives the argument of the cotangent as an angle in degrees rather than in radians
- ↑ Ludlow, Henry H. (1904). Geometric Construction of the Regular Decagon and Pentagon Inscribed in a Circle. The Open Court Publishing Co
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দশভুজ” প্ৰবন্ধৰ সংশোধন ২৫৩৯৬৪ (১০ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।