অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বাৰ্মিজ তাৰকা কাছ

বাৰ্মিজ তাৰকা কাছ (Burmese star tortoise; বৈ‍জ্ঞানিক নামঃ Geochelone platynota) হৈছে এক সংকটাপন্ন কাছ প্ৰজাতি৷ ই ম্যানমাৰ (বাৰ্মা)ৰ শুকান, পৰ্ণপাতী অৰণ্যৰ স্থানীয় প্ৰজাতি‍৷

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

বাৰ্মিজ তাৰকা কাছ (Burmese star tortoise; বৈ‍জ্ঞানিক নামঃ Geochelone platynota) হৈছে এক সংকটাপন্ন কাছ প্ৰজাতি৷ ই ম্যানমাৰ (বাৰ্মা)ৰ শুকান, পৰ্ণপাতী অৰণ্যৰ স্থানীয় প্ৰজাতি‍৷

বৰ্ণনা

বাৰ্মিজ তাৰকা কাছৰ শক্তিশালী গম্বুজযুক্ত চলঙত বিকিৰিত তৰা আকৃতিৰ আৰ্হি থাকে। ইয়াৰ চলঙত ওখোৰা-মোখোৰা তৰাৰ দৰে দেখা আৰ্হি আছে।এই কাছবিধক অতি সহজে‍ সাধাৰণ ভাৰতীয় তাৰকা কাছৰ সৈতে‍ তলিভাগ বা তলপেটৰ অংশ তুলনা কৰি পৃথক কৰিব পাৰি আৰু ই দুয়োটা প্ৰজাতিৰ মাজৰ ভিন্নতাক বুজাত সহায় কৰে‍।১

বন্দী অৱস্থাত প্ৰজনন

বাৰ্মিজ তাৰকা কাছৰ প্ৰজনন কঠিন৷ বন্দী অৱস্থাত ইয়াৰ প্ৰথম সফল প্ৰজনন টাইৱানৰ তাইপেই চিৰিয়াখানাত হৈছিল, ২০০৩ চনত সেই প্ৰজননৰ যোগেদি‍ কেইটামান বাৰ্মিচ তাৰকা কাছ পোৱা গৈছিল।২

ইয়াদানাবন জুলজিকেল গাৰ্ডেনেও বৰ্তমান এই কাছৰ সংখ্যা বৃদ্ধিৰ প্ৰয়াসেৰে‍ বন্দী-প্ৰজনন কাৰ্যসূচীত মনোনিৱেশ কৰিছে‍৷

২০০৪ চনত ২০০টা কাছৰ পৰা প্ৰজনন কাৰ্যসূচী আৰম্ভ কৰি ২০১৭ চনৰ অক্টোবৰ মাহলৈকে ইয়াৰ সংখ্যা ১৪,০০০টা হৈছিল আৰু ইয়াৰে‍ ১০০০টাক পুনৰ বনাঞ্চলত এৰি দিয়া হৈছিল। ২০২১ চনৰ ৩১ জুলাইত ৰিচাৰ্ড ব্ৰেনছনে ঘোষণা কৰিছিল যে এই প্ৰজাতিৰ সংৰক্ষণৰ বাবে তেওঁ কৰি থকা কামৰ অংশ হিচাপে তেওঁৰ ব্যক্তিগত নেকাৰ দ্বীপত দুটা বাৰ্মিজ তাৰকা কাছৰ জন্ম হৈছে। ৩

তথ্যসূত্ৰ

  1. ↑ Burmese starred tortoise videos, photos and facts - Geochelone platynota | ARKive
  2. ↑ (2009-09-16). 送緬甸星龜回緬甸-2003臺北動物園全球首度成功繁殖. Taipei Zoo
  3. ↑ Yin, Steph. (4 October 2017). Slow and Steady, a Tortoise Is Winning Its Race With Extinction (Published 2017). The New York Times

সম্পৰ্কিত শ্ৰেণী

আই ইউ চি এন ৰঙা তালিকাৰ ঘোৰ সংকটজনক প্ৰজাতিপ্ৰাণীজগতবন্যপ্ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰ্মিজ তাৰকা কাছ” প্ৰবন্ধৰ সংশোধন ৪৫৪৪৬৩ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।