ৰবীন্দ্ৰ নৃত্যনাট্য (Rabindra Nritya Natya) হʼল বংগৰ নʼবেল বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰদ্বাৰা ৰচিত চাৰিখন নৃত্য-নাটিকাৰ সমষ্টি। সেইবোৰ হʼল- চিত্ৰাঙ্গদা, চণ্ডালিকা, শ্যামা আৰু শ্ৰাবণ-গাথা।১২ এই ৰচনাসমূহৰ প্ৰধান বৈশিষ্ট্য হ’ল যে ইয়াত কাহিনীটো সম্পূৰ্ণৰূপে নৃত্য আৰু গীতৰ মাধ্যমেৰে কোৱা হয়। ইয়াত অন্তৰ্ভুক্ত কৰা নৃত্যসমূহ ঠাকুৰে নিজে সৃষ্টি কৰা নৃত্যশৈলীৰ আছিল। ঠাকুৰে তেওঁৰ পূৰ্বৰ ৰচনা যেনে তাসেৰ দেশ (অৰ্থাৎ 'তাচপাতৰ দেশ') আদিতো নৃত্য অন্তৰ্ভুক্ত কৰিছিল, যদিও এইবোৰক ৰবীন্দ্ৰ নৃত্যনাট্য হিচাপে গণ্য কৰা নহয়।১
লগতে চাওক
তথ্য সংগ্ৰহ
তথ্যসূত্ৰ
- ↑ ৰবীন্দ্ৰ ৰচনাবলী - নাটক · ৰবীন্দ্ৰ ৰচনাবলী. rabindra-rachanabali.nltr.org
- ↑ History of Bengali Literature, Dr. Dulal Chakraborty, July 2007, Bani Bitan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীন্দ্ৰ নৃত্যনাট্য” প্ৰবন্ধৰ সংশোধন ৬১৫৮৫৪ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।