অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিমল কৰ

বিমল কৰ (Bimal Kar; ১৯ ছেপ্টেম্বৰ ১৯২১ – ২৬ আগষ্ট ২০০৩) এজন বাঙালী ভাৰতীয় সাহিত্যিক। উত্তৰ ২৪ পৰগনাৰ টাকীত তেওঁৰ জন্ম। পিতৃৰ নাম জ্যোতিষচন্দ্ৰ কৰ আৰু মাতৃ নিশিবালা কৰ।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৪ ৫০৬ শব্দ · ৩ মিনিট সংগৃহীত ৪৬
সংশোধনৰ পৰামৰ্শ

বিমল কৰ (Bimal Kar; ১৯ ছেপ্টেম্বৰ ১৯২১ – ২৬ আগষ্ট ২০০৩) এজন বাঙালী ভাৰতীয় সাহিত্যিক। উত্তৰ ২৪ পৰগনাৰ টাকীত তেওঁৰ জন্ম। পিতৃৰ নাম জ্যোতিষচন্দ্ৰ কৰ আৰু মাতৃ নিশিবালা কৰ। ১ ২

প্ৰাৰম্ভিক জীৱন

জব্বলপুৰ, হাজাৰীবাগ, ধানবাদ, আছানছোল আদি ঠাইত বিমল কৰৰ শৈশৱ অতিবাহিত হয়। বিদ্যাসাগৰ মহাবিদ্যালয়ৰ পৰা বি এ পাছ কৰে। তাৰ পিছত আছানছোল এমুউনেশ্বন প্ৰডাকচন ডিপোত এ আৰ পি হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১

সাহিত্য

১৯৪৪ চনত প্ৰৱৰ্তক আলোচনীত অম্বিকানাথে‍ৰ মুক্তি নামৰ তেওঁৰ প্ৰথম চুটিগল্পটি‍ প্ৰকাশিত হয়। ১৯৪৬ চনত মণিলাল গংগোপাধ্যায় সম্পাদিত পৰাগ আলোচনীত তেওঁ সহযোগী সম্পাদকৰ চাকৰি লাভ কৰে। সহযোগী সম্পাদক হিচাপে‍ পশ্চিমবঙ্গ আৰু সত্যযুগ কাকততো সেৱা আগ বঢ়াইছিল। ১৯৫৪ চনত তেওঁৰ প্ৰথম গল্প সংকলন বৰফ চাহেবে‍ৰ মেয়ে‍ প্ৰকাশিত হয়। সেই বছৰতে তেওঁ দেশ আলোচনীৰ বিভাগীয় মুৰব্বী হিচাপে যোগদান কৰে। ১৯৮২ চনলৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল। ১ ইয়াৰ উপৰিও শিলাদিত্য আৰু গল্পপত্ৰ আলোচনীৰ সৈতেও তেওঁ জড়িত আছিল। ৩

তেওঁ সৰু ল'ৰা-ছোৱোলীৰ বাবে সৃষ্টি কৰা এটি‍ চৰিত্ৰ হৈছে অৱসৰপ্ৰাপ্ত যাদুকৰ কিংকৰ কিশোৰ ৰায় বা কিকিৰা। কিকিৰাৰ উপন্যাস পূজাবাৰ্ষিকীৰ আনন্দমেলাত প্ৰকাশিত হৈ‍ছিল। ৩

তেওঁৰ দ্বাৰা ৰচিত বহুকেইটা গল্পৰ আধাৰত চলচ্চিত্ৰ নিৰ্মিত হৈছে। বসন্ত বিলাপ, হ্ৰদ ( চলচ্চিত্ৰ), বালিকা বধূ (যিখন হিন্দী ভাষাতো নিৰ্মিত হৈছিল), যদুবংশ, ছুটি (এইখন নিৰ্মাণ কৰা হৈছিল তেওঁৰ খড়কুটো'' উপন্যাসৰ আধাৰত)। ৩

১৯৭৫ চনত অসময় উপন্যাসৰ বাবে বিমল কৰে‍ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ শৰৎচন্দ্ৰ পুৰস্কাৰ, দিল্লী বিশ্ববিদ্যালয়ৰ নৰসিংহ দাস বঁটা লাভ আদিয়ো তেওঁ লাভ কৰিছে। তেওঁ দুবাৰকৈ আনন্দ পুৰস্কাৰ লাভ কৰিছিল। তেওঁ বহুসংখ্যক চুটিগল্পৰ লগতে‍ কিশোৰ উপন্যাসও ৰচনা কৰিছিল। ১

মৃত্যু

বিধাননগৰৰ নিজা বাসগৃহত ৮২ বছৰ বয়সত বিমল কৰৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে‍ তিনিগৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ যায়। ৩

গ্ৰন্থতালিকা

উপন্যাসৰ নাম৪ৰহস্য ৰোমাঞ্চ চিৰিজ ( কিশোৰ)অন্যান্যগোয়েন্দা গল্পনাটক
হ্ৰদৱাণ্ডাৰ মামাএক ভৌতিক মালগাড়ী আৰ গাৰ্ড চাহেবকিকিৰা সমগ্ৰ ১ঘুঘু
বনভূমিগজপতি ভেজিটেবল সু কোম্পানীকেউ কি এসেছিলোকিকিৰা সমগ্ৰ ২
ত্ৰিপদীঅলৌকিকমেজিচিয়ানকিকিৰা সমগ্ৰ ৩
দেৱালশীষেৰ আংটিভুনি কাকা'ৰ চৌৰশতম
ফানুসেৰ আয়ুহাৰানো জীপেৰ ৰহস্যমজাদাৰ এক ফুটবল ম্যাচ আৰ দানাপুৰি‍
অপৰাহ্ণকিশোৰ ফিৰে‍ এসেছিলোবন বিড়াল
খোয়াইমন্দাগড়'এৰ ৰহস্যময় জোৎস্নাএকটি ভুতেৰ ঘড়ি
কেৰানীপাড়াৰহাৰানো ডাইৰীৰ খোঁজে
স্বৰ্গখেলনাকালবৈশাখেৰ ৰাত্ৰে
খড়কুটোৰাবণেৰ মুখোশ
এই প্ৰেম আঁধাৰে‍একটি ফটো চুৰিৰ ৰহস্য
বালিকা বধূনীল বানৰেৰ হাৰ
গ্ৰহণএকটি অভিশপ্ত পুঁথি ও অষ্ট ধাতু
পৰবাসপাখী ঘৰ
পৰি‍চয়বাঘেৰ থাবা
পূৰ্ণ অপূৰ্ণজাদুকৰেৰ ৰহস্যময় মৃত্যু
যদুবংশচাৰ্কাক থেকে পালিয়ে
একদা কুয়াশায়হলুদ পালক বাধা তীৰ
ওই ছায়াভুলেৰ ফাদে নবকুমাৰ
ভুবনেশ্বৰীতুৰুপেৰ শেষ তাস
এক অভিনেতাৰ মৃত্যুসোণাৰ ঘড়িৰ খোঁজে
একা একাহায়দাৰ লেনেৰ ১৩ নাম্বাৰ বাড়ীৰ কফিন বাক্স
অলস ভ্ৰমণঝিলেৰ ধাৰে‍ একদিন
অসময়ফুলদানী ক্লাব
সান্নিধ্যসোণালী সাপেৰ ছোবল
জীবনায়নআজব দেশেৰ গজব ৰাজা
নিৰ্ভৰ
দাংশন
সহভূমিকায়
নিৰ্বাসন
দ্বীপ
কালেৰ নায়ক
অতপৰঃ
এ আবৰণ
সংশয়
প্ৰচ্ছন্ন
নীৰস্ত্ৰ
উভয়পক্ষ
মৃত ও জীবিত
নিমফুলেৰ গন্ধ
অপ্ৰবাস
বেদনাপৰ্ব
গ্ৰন্থি
নতুন তাৰা
ৰত্ননিবাসে তিন অতিথি
জনৈক শয়তানেৰ পত্ৰগুচ্ছ
দিনান্ত
চন্দ্ৰগিৰিৰ ৰাজকাহিনী
অজ্ঞাতবাস
সৰসী
দ্বন্দ্ব
চাতক
শমীক
সহচৰ
গোলাপেৰ দুঃখ
তথাপি
এই বেদনায়, বিষাদে
তাৰা তিনজন
শীত বসন্তেৰ অতিথি
ৰাজমোহনেৰ সুখ-দুঃখ
একটি বনচাঁপাৰ গাছ ও আমাৰ বন্ধু
ইমলিগড়েৰ ৰূপকথা
প্ৰথম ও শেষ অঙ্ক
পৰস্পৰ
আকাশকুসুম
অবগুণ্ঠন
মোহ
স্বপ্নে
নীলপদ্ম
মালিনীচৰি‍ত
জলজ

চিনেমা

চিনেমাৰ নামচন
বালিকা বধূ১৯৬৭
বসন্ত বিলাপ১৯৭৩
বালিকা বধূ (হিন্দী)১৯৭৬
যাদুবংশ এবং ছুটি ( খড়কুটো )১৯৬৭
দিল্লাগী১৯৭৮
বনভূমি

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ সংসদ বাঙালি চৰিতাভিধান - সাহিত্য সংসদ
  2. ↑ এনডিটিভিতে বিমল কৰেৰ জীবনী
  3. ↑ টাইমস অফ ইণ্ডিয়াতে বিমল কৰ
  4. ↑ কৰ, বিমল. বিমল কৰ উপন্যাস সমগ্ৰ, খণ্ড ১-৯. আনন্দ পাবলিশাৰ্স

সম্পৰ্কিত শ্ৰেণী

বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিমল কৰ” প্ৰবন্ধৰ সংশোধন ৪৪৮৭৪৩ (২৬ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।