মুমতাজ সৰকাৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। যাদুকৰ পিচি স’ৰকাৰ জুনিয়ৰ আৰু জয়ছ্ৰী স’ৰকাৰৰ কন্যা। বাংলাদেশৰ গায়িকা মেহৰীনৰ মিউজিক ভিডিঅ’ৰ জৰিয়তে মুমতাজে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১০ চনত বীৰছা দাসগুপ্তৰ পৰিচালনাত নিৰ্মিত বাংলা ছবি ০৩৩ত অভিনয় কৰিছিল।১
শিক্ষা আৰু কাৰ্য্যকলাপ
তেওঁৰ স্কুলীয়া শিক্ষা কলকাতাৰ মডাৰ্ণ হাইস্কুল ফৰ গাৰ্লছৰ পৰা হৈছিল।২ কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত দক্ষিণ কলিকতা আইন মহাবিদ্যালয়ৰ৩ পৰা বি.এ.এল.বি. তেওঁৰ চখ হৈছে ক্ৰীড়া আৰু এগৰাকী খেলুৱৈ হিচাপে তেওঁ বংগ এমেচাৰ বক্সিং ফেডাৰেচনৰ তত্বাৱধানত দক্ষিণ কলকাতা ক্লাবত বক্সিঙৰ প্ৰশিক্ষণ লাভ কৰিছিল।৪ জুডোৰ প্ৰশিক্ষণো লৈছিল, আৰু শ্বট পুটত ৱাইএমচিএৰ স্বৰ্ণ পদক বিজয়ী।৫ মুমতাজ এগৰাকী শাস্ত্ৰীয় জাজ নৃত্যশিল্পীও।
তথ্যসূত্ৰ
- ↑ web.archive.org/web/20081229112522/http://www.te The Telegraph
- ↑ timesofindia.indiatimes.com/calcutta-times/good- Times of India
- ↑ timesofindia.indiatimes.com/entertainment/hindi/ Times of India
- ↑ indianexpress.com/article/news-archive/a-sorcar- The Indian Express
- ↑ archive.ph/20120709170726/http://articles.timeso Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুমতাজ সৰকাৰ” প্ৰবন্ধৰ সংশোধন ৪৫৯২২৪ (২৮ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।