পোচাক
৪৪ প্ৰবন্ধ
-
ত্ৰিকানা পোভেইৰা
ত্ৰিকানা পোভেইৰা (ইংৰাজী: Tricana poveira) হ’ল পৰ্তুগালৰ পোভোৱা ডি ভাৰজিম চহৰৰ মহিলাসকলৰ এক পৰম্পৰাগত সাজ-পাৰ। ৰঙীন পোছাকেৰে গঠিত এই শৈলীটো ১৯২০ চনৰ পৰা ১৯৬০ চনলৈ অতি জনপ্ৰিয় আছিল। যিসকল মহিলাই এই ত্ৰিকানা পোভেইৰা শৈলীৰ পোছাক পিন্ধিছিল, তেওঁলোকক 'ত্ৰিকানা গাৰ্লছ' বুলি জনা গৈছিল।
-
নিভি (বস্ত্ৰ)
নিবী (নিভি, নিবি, নিবি) আছিল মহিলাই পৰিধান কৰা এক বস্ত্ৰ বিশেষ। এয়া আছিল কঁকালত মেৰিয়াই বা পিন্ধি শৰীৰৰ তলৰ অংশটো ঢাকিবলৈ লোৱা সাধাৰণ কাপোৰৰ টুকুৰা।
-
নৌৱাৰী শাৰী
নৌৱাৰী শাৰী বা কাষ্ঠা শাৰী (মাৰাঠী: नऊवारी साड़ी) হৈছে মহাৰাষ্ট্ৰীয় ধোটি পিন্ধা ধৰণৰ সৈতে মিল থকা কোলি শৈলীৰ শাৰী। কাষ্ঠা শব্দটোৱে শাৰীখন পিছফালে টাক কৰাক বুজায়। যিহেতু এই শাৰী সাধাৰণতে ন গজৰ কাপোৰ ব্যৱহাৰ কৰি পিন্ধা হয়, গতিকে ইয়াক নৌৱাৰী বুলিও কোৱা হয়, যাৰ অৰ্থ ন গজ।
-
পাঞ্জাবী ঘাগৰা
পাঞ্জাবী ঘগ্ৰা (Punjabi ghagra , পাঞ্জাবী: ਘੱਗਰਾ) হৈছে তেৱাৰ বা 'টি-অৰ' নামেৰে জনাজাত চাৰিটা টুকুৰাৰ সাজ-পোছাক যিটো পৰম্পৰাগতভাৱে সমগ্ৰ পঞ্জাৱ অঞ্চলৰ পাঞ্জাবী মহিলাসকলে পিন্ধে। এই সাজ-পোছাকযোৰৰ লগত মূৰত ফুলাম চুন্নি, কুৰ্তা বা কুৰ্তি (চোলা), ঘাগ্ৰা (দীঘল স্কাৰ্ট) আৰু এটা বহল পেণ্ট পিন্ধা হয়।
-
পাঞ্জাবী তাম্বা আৰু কুৰ্তা
পাঞ্জাবী কুৰ্তা আৰু তাম্বা (Punjabi Kurta and Tamba) পঞ্জাৱৰ পুৰুষৰ পৰম্পৰাগত সাজ-পোছাক।
-
পিব’
পিব’, যাক পিজি বুলিও কোৱা হয়, হৈছে হানফু (পৰম্পৰাগত চীনা পোছাক)ৰ সৈতে পৰিধান কৰা এবিধ আলংকাৰিক ৰেচমী চাদৰ বা স্কাৰ্ফ সদৃশ অনুষংগ। এই বস্ত্ৰবিধ ৰেচম পথ বা চিল্ক ৰোডৰ জৰিয়তে চীনলৈ আমদানি হৈছিল আৰু টাং ৰাজবংশৰ সময়ত ই বিশেষ জনপ্ৰিয়তা লাভ কৰে, য’ত ই হান চীনা পোছাকৰ এক অপৰিহাৰ্য অংশ হৈ পৰে।
-
ফানং
ফানং (Panung) বা ফা নুং (থাই: ผ้านุ่ง) হৈছে থাইলেণ্ডৰ (পূৰ্বৰ শ্যাম দেশ) লোকসকলে পৰিধান কৰা শৰীৰৰ নিম্নভাগৰ এক পৰম্পৰাগত সাজ-পাৰ।
-
ফাৰ্চী পায়জামা
ফাৰ্চী পায়জামা (Farshi pajama) হ'ল এক ধৰণৰ মহিলাৰ পোছাক যিবোৰ কুৰি শতিকাৰ আৰম্ভণিতে অউধৰ মুছলমান আদালতত ৰজাঘৰীয়া আৰু উত্তৰ প্ৰদেশৰ (পূৰ্বতে উত্তৰ ভাৰতৰ সংযুক্ত প্ৰদেশ আগ্ৰা আৰু অউধ) বিশেষ সুবিধাপ্ৰাপ্ত মহিলাসকলে পিন্ধিছিল।
-
ফেটা
ফেটা (মাৰাঠী:फेटा, )(Pheta),হৈছে ভাৰতৰ মহাৰাষ্ট্ৰত পৰিধান কৰা পৰম্পৰাগত পাগুৰি। পুৰণি দিনত পৰম্পৰাগত ফেটা মূলতঃ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে সন্মানৰ চিন আৰু আৰু মৰ্যাদাৰ ইংগিত হিচাপে পিন্ধিছিল।
-
বাজু কুৰুঙ্গ
বাজু কুৰুঙ্গ (জাৱী: باجو كوروڠ ) হৈছে মালয়সকলৰ পৰম্পৰাগত এবিধ পোছাক। ইয়াক পৰম্পৰাগতভাৱে ব্ৰুনেই, ইণ্ডোনেছিয়া মালয়েছিয়া, ছিংগাপুৰ আৰু দক্ষিণ থাইলেণ্ডৰ মহিলাসকলে পৰিধান কৰে। এই পৰম্পৰাগত পোছাকবিধ ব্ৰুনেই আৰু মালয়েছিয়াৰ জাতীয় সাজ।
-
মেইতেই শিৰস্ত্ৰাণ
মেইতেই শিৰস্ত্ৰাণ হৈছে ভাৰতৰ মণিপুৰৰ মেইতেই সম্প্ৰদায়ৰ মাজত উৎপত্তি হোৱা বিভিন্ন ধৰণৰ পৰম্পৰাগত টুপি আৰু শিৰোধান। এইসমূহ বিভিন্ন সাংস্কৃতিক, ধৰ্মীয় আৰু আনুষ্ঠানিক পৰিৱেশত ব্যৱহাৰ কৰা হয়, যাৰ ভিতৰত আছে মেইতেই উৎসৱ, নৃত্য প্ৰদৰ্শন, মেইতেই বিবাহ আৰু চৰকাৰী অনুষ্ঠান।
-
লেইৰুম ফী
লেইৰুম ফী (Leirum Phee; মেইতেই: ꯂꯩꯔꯨꯝ ꯐꯤ) হৈছে এবিধ পৰম্পৰাগত মেইতেই সাজ-পাৰ। ই এবিধ ডাঙৰ আৰু খহটা চাদৰ যিটো পৰম্পৰাগতভাৱে মেৰিয়াই লোৱা বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ এক অনন্য বোৱা ডিজাইন আছে। ইয়াৰ উৎপত্তি প্ৰাচীন কাংলেইপাকত (প্ৰাচীন মণিপুৰ ৰাজ্য) হৈছিল।
-
লোক সাজ-পোছাক
লোক সাজ-পোছাক, লোক পৰিধান, পৰম্পৰাগত পোছাক, ঐতিহ্যবাহী পোছাক বা জাতিগত পোছাক, বিশেষ জাতিগত গোষ্ঠী, ৰাষ্ট্ৰ বা অঞ্চলৰ সৈতে সম্পৰ্কিত বস্ত্ৰ, যি সাংস্কৃতিক পৰিচয়, ধৰ্মীয় পৰিচয় বা জাতীয় পৰিচয়ৰ প্ৰকাশ। যদি এই পোছাক কোনো জাতিগত গোষ্ঠীৰ হয়, তেন্তে ইয়াক জাতিগত বস্ত্ৰ বা জাতিগত পৰিধান বুলি কোৱা হয়।
-
ৱাৰড্ৰ'ব
ৱাৰড্ৰ'ব (ইংৰাজী: Wardrobe) বা কাপোৰৰ ভঁৰাল শব্দটো এটা বস্তুৰ ভিতৰত থকা সামগ্ৰীসমূহক বুজাবলৈ ব্যৱহাৰ কৰা এক পৰিভাষিক শব্দ। সাধাৰণতে ই এবিধ আচবাবক বুজায়, য’ত কাপোৰ ওলোমাই থবলৈ হাকোটা, ৰে'ল বা ৰেকৰ দৰে ব্যৱস্থা থাকে। এজন ব্যক্তিৰ "ৱাৰড্ৰ'ব" বুলিলে তেওঁ পৰিধান কৰা প্ৰতিটো কাপোৰৰ সংগ্ৰহক বুজোৱা হয়।