অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কাৰা বাঁহী

কাৰা বাঁহী ৰাভাসকলৰ তত বাদ্যৰ ভিতৰত অন্যতম। নল বাঁহেৰে সজা এই বাঁহীৰ দৈৰ্ঘ্য প্ৰায় দুই-আঢ়ৈ মিটাৰ। এই বাঁহীটোৰ বৈশিষ্ট্য এইখিনিতে যে ইয়াত সুৰ তুলিবলৈ এটাও ফুটা নাই।

হালনাগাদ: ১২ মে’ ২০২৩ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

কাৰা বাঁহী ৰাভাসকলৰ তত বাদ্যৰ ভিতৰত অন্যতম।১ নল বাঁহেৰে সজা এই বাঁহীৰ দৈৰ্ঘ্য প্ৰায় দুই-আঢ়ৈ মিটাৰ। এই বাঁহীটোৰ বৈশিষ্ট্য এইখিনিতে যে ইয়াত সুৰ তুলিবলৈ এটাও ফুটা নাই। ৰাভা সংস্কৃতিৰ বিশেষজ্ঞ ৰাজেন ৰাভাৰ ভাষাত, 'মাথোঁন বাঁহডালৰ আগমূৰত ফুঁ দিব পৰা এটা বিন্ধা থাকে আৰু আন মূৰত সুৰৰ গভীৰতা ৰক্ষাৰ বাবে খাপ খোৱাকৈ এটা দাঙৰ চুঙা লগোৱা থাকে।' ৰাভাসকলৰ ই এটা বিশেষ বাদ্য যন্ত্ৰ।১ ভাৰতবৰ্ষৰ কোনো জনজাতিৰ মাজতে অনুৰূপ বাঁহীৰ প্ৰচলন নাই। এই বাদ্য-যন্ত্ৰৰ সুৰ, তাল আৰু বাদ্য কৌশল যথেষ্ট জটিল। দীৰ্ঘ দিনীয়া অনুশীলনী অবিহনে কাৰা বাঁহীৰ মন মোহনীয় ধ্বনি তোলাটো অসম্ভৱ।১

তথ্যসূত্ৰ

  1. ↑ ড° নাৰায়ন দাস, ড° পৰমানন্দ ৰাজবংশী. (১৯৯৬). অসমীয়া সংস্কৃতিৰ কণিকা. প্ৰকাশন গোট, স্নাতকোত্তৰ অসমীয়া অধ্যয়ন কেন্দ্ৰ, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্য়ালয়

সম্পৰ্কিত শ্ৰেণী

বাদ্যযন্ত্ৰপোখালি (অসম)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰা বাঁহী” প্ৰবন্ধৰ সংশোধন ৩৬৫৪১৯ (১২ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।